ETV Bharat / bharat

প্ৰত্যক্ষ বিদেশী বিনিয়োগ আৰু ভাৰতবৰ্ষঃ লক্ষ্য পৰিৱৰ্তনৰ প্ৰয়োজন

author img

By

Published : Jan 2, 2020, 10:37 AM IST

ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু বাণিজ্য মন্ত্ৰালয়ৰ অধীনস্থ উদ্যোগ বিকাশ আৰু আভ্যন্তৰীণ বাণিজ্য বিভাগ চমুকৈ ডি পি আই আই টিয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্ৰত নীতি নিৰ্ধাৰকসকলে জৰুৰীভাৱে চকু দিবলগীয়া কিছু দিশ আঙুলিয়াই দিছে । ভাৰতীয় অৰ্থনীতিৰ মন্থৰতাৰ আৰম্ভণিৰ পূৰ্বেই প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ পৰিসংখ্যাসমূহ অতি উদ্বেগজনক। এয়া বিকাশৰ গতিৰ মন্থৰতাৰ ফলত হৈছে নে মন্থৰ গতিৰ ইয়েই এক কাৰণ সেয়া স্পষ্ট নহয়। ২০১৬-১৭ৰে পৰা প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ বিকাশৰ ক্ষেত্ৰত স্থবিৰতাই দেখা দি আহিছে আৰু ৬০-৬৪ বিলিয়ন আমেৰিকান ডলাৰৰ আশে-পাশে আছে ।

প্ৰত্যক্ষ বিদেশী বিনিয়োগ আৰু ভাৰতবৰ্ষঃ লক্ষ্য পৰিৱৰ্তনৰ প্ৰয়োজন
প্ৰত্যক্ষ বিদেশী বিনিয়োগ আৰু ভাৰতবৰ্ষঃ লক্ষ্য পৰিৱৰ্তনৰ প্ৰয়োজন

চৰকাৰে সদায় দেশত প্ৰত্যক্ষ বিদেশী বিনিয়োগ বৃদ্ধি কৰাৰ বাবে জোৰ দি আহিছে। বিগত এটা বছৰত চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সৃষ্টি হোৱা বাণিজ্যিক প্ৰতিদ্বন্দিতাৰ ফলত ক্ৰমবৰ্দ্ধমান বিভিন্ন বজাৰৰ জৰিয়তে বিশেষকৈ পূৱ আৰু দক্ষিণ এছিয়াত প্ৰত্যক্ষ বিদেশী বিনিয়োগ বা চমুকৈ এফ ডি আই বৃদ্ধি পোৱাৰ সম্ভাৱনা অধিক কৰি তুলিছে ৷ যোৱা দুমাহত অধিক বিনিয়োগ লাভৰ উদ্দেশ্যে থাইলেণ্ড আৰু ভিয়েটনামে চীনৰ পৰা উৎপাদন ক্ষেত্ৰ স্থানান্তৰিত কৰিব খোজা কোম্পানীবোৰক ১০ শতাংশ কৰ ৰেহাই দিয়াৰ কথা ঘোষণা কৰে। এই দেশসমূহৰ এনে সিদ্ধান্তৰ ফলতেই চাগে কেই সপ্তাহমান পূৰ্বে ভাৰত চৰকাৰকো কৰৰ হাৰ হ্ৰাস কৰিবলৈ বাধ্য কৰায়। এই শতিকাত ভৰি থোৱাৰে পৰা অধিকাংশ বজাৰ অৰ্থনীতিতকৈ এফ ডি আইৰ বিকাশৰ গতি তেনেই মন্থৰ বুলি লক্ষ্য কৰা গৈছে । তাৰ সলনি এফ পি আই বা ফৰেইন পৰ্টফ’লিঅ’ ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত ভাৰতবৰ্ষ হৈ পৰিছে অন্যতম পছন্দৰ স্থান । এই বিনিয়োগ মূলতঃ ষ্টক মাৰ্কেটলৈ যায় আৰু এনে ধনক গৰম ধন বুলি কোৱা হয়। প্ৰকৃত কথাটো হ’ল এই সকলোবোৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অৰ্থনৈতিক বিকাশৰ মন্থৰতাৰ মাজতে হৈছে। যাৰ ফলত দেশলৈ এফ ডি আই বৃদ্ধি কৰাটো জৰুৰী হিচাপে গণ্য কৰা হৈছে । শেহতীয়াকৈ বিশ্ব বেংক বা আন বিদেশী বৃহৎ অনুষ্ঠানবোৰৰ লগতে ব্লেকষ্টোনৰ দৰে সম্প্ৰসাৰণ হৈ থকা প্ৰতিষ্ঠানবোৰে ভাৰতক আকৰ্ষণৰ অন্যতম কেন্দ্ৰ বুলি যি মন্তব্য আগবঢ়াইছে তাৰ পৰা চৰকাৰে কিছু সান্তনা লভিব পাৰে। সাধাৰণীকৰণ কৰি চালে দেখা যায় যে দেশখনক সদায় এফ ডি আইৰ প্ৰয়োজন আছে । কিয়নো ইয়াৰ দৃষ্টিভংগী দীৰ্ঘকালীন আৰু দেশৰ সম্পত্তি সৃষ্টি কৰাত সহায় কৰে যাৰ দ্বাৰা নতুন দীৰ্ঘকালীন সংস্থাপনৰ সুবিধাৰ সৃষ্টি হয় । ইয়াৰ বিপৰীতে পৰ্টফ’লিঅ’ বিনিয়োগ মূলতঃ বিত্তীয় বজাৰখনত হয় আৰু ই সাধাৰণতে হ্ৰস্বকালীন। গুৰুত্বপূৰ্ণ কথাটো হ’ল এফ পি আইৰ আগমণ মৰিচাছৰ দৰে দেশৰ যোগেদি ঘটে য’ত ধনৰ উৎস সন্দৰ্ভতো সন্দেহৰ অৱকাশ থাকে । এনেধৰণৰ এফ পি আইৰ ধনে কিছু হেঁচাৰ সৃষ্টি কৰে । সমান্তৰালভাৱে দীৰ্ঘকালীন বিনিয়োগকাৰীসকলৰ প্ৰতি চৰকাৰ সচেতন হোৱাটো উচিত । যিহেতু বিশ্ব বাণিজ্যত বিগত চাৰি মাহত দশকটোৰ ভিতৰতে দীৰ্ঘকালীন ধাৰাবাহিক মন্দাৱস্থাই দেখা দিছে সেয়ে এই সম্পৰ্কে সজাগ হ’ব লাগিব। বিশ্ব বাণিজ্যৰ মন্দাৱস্থা মানেই বিভিন্ন দেশসমূহে দীৰ্ঘকালীন বিনিয়োগৰ বাবে হেতা-ওপৰা কৰা। গতিকে ভাৰতবৰ্ষই দীৰ্ঘকালীন বিনিয়োগকাৰীসকলৰ প্ৰয়োজনীয়তাবোৰৰ সম্পৰ্কে যিমানেই সচেতন হ’ব সিমানেই দেশৰ অৰ্থনীতিৰ উপকাৰ সাধন হ’ব।

India and Foreign Direct Investment: Changed Focus Necessary
ৰেইন পৰ্টফ’লিঅ’ ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত ভাৰতবৰ্ষ হৈ পৰিছে অন্যতম পছন্দৰ স্থান

এফ ডি আইৰ প্ৰয়োজনীয়তাঃ

যদিও আমি আমাৰ দেশৰ অৰ্থনীতিৰ বিদেশীৰ প্ৰভাৱ ভাল নাপাব পাৰো,কিন্তু ভাৰতবৰ্ষৰ যে সম্পূৰ্ণৰূপে প্ৰত্যক্ষ বিদেশী বিনিয়োগক নস্যাৎ কৰিব পৰা সামৰ্থ নাই সেই কথা আমি অনুধাৱন কৰিব লাগিব। যিহেতু ভাৰতে প্ৰয়োজন হোৱা অধিকাংশ তেলেই আমদানি কৰে গতিকে ভাৰতবৰ্ষই অতি মূল্যৱান বিদেশী মুদ্ৰা বিনিময়ৰ সংকটৰ সন্মুখীন হয়। কাৰণ ৰপ্তানি দ্ৰুতগতিৰে যথেষ্ট বৃদ্ধি হোৱা নাই । উপযুক্ত ৰপ্তানি নোহোৱাৰ ফলতে ভাৰতবৰ্ষৰ বিদেশী বাণিজ্যৰ ঘাটি অধিক আৰু স্বাধীনতাৰ পাছৰে পৰা জি ডি পিৰ হিচাপত ইয়াৰ গড় হাৰ ২-৩ শতাংশ। যাৰ ফলত ভাৰতে অতিৰিক্ত ডলাৰ বা আন গুৰুত্বপূৰ্ণ মুদ্ৰা উপাৰ্জন,আকৰ্ষণ বা ধাৰ কৰিবলগীয়া হয়। যিবোৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ অৰ্থনীতিৰ প্ৰতি অৰিহণা আগবঢ়োৱাৰ থল আছে বা ভাৰতীয় কোম্পানীসমূহক উচ্চ মান আৰু সামগ্ৰী প্ৰদান কৰি অৰ্থনীতিৰ জখলাডাল বগাবলৈ সুযোগ দিয়ে, তেনেবোৰ ক্ষেত্ৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰয়োজন আছে। দেশত এফ ডি আইৰ প্ৰয়োজন আছে এই বাবে যে আমাৰ দেশখনত মূলধনৰ অভাৱ আছে বা বহু সময়ত(সকলো সময়ত নহ’লেও) ভাৰতবৰ্ষত তিনিটা ভয়াৱহ ঘাটি চলি থাকে-ফিচকেল,ৰাজহ আৰু মূলধন। কোনো দেশত এই তিনিটা ঘাটি যদি নিয়ন্ত্ৰণ বিহীন হৈ পৰে আৰু এফ ডি আই নোহোৱা হয়,তেন্তে দেশখন সংকটৰ সন্মুখীন হোৱাটো নিশ্চিত হৈ পৰে । ভাৰতৰ অৰ্থনীতিৰ প্ৰকৃতি এনেকুৱা যে আমি এখন উপভোক্তা দেশ। দেশে প্ৰযুক্তি আমদানি কৰাৰ লগতে কেঁচা সামগ্ৰী,অসম্পূৰ্ণ সামগ্ৰী বা কিছু কম গুৰুত্বপূৰ্ণ সেৱা ৰপ্তানি কৰে। তেনেধৰণৰ ৰপ্তানিৰ সমস্যাটো হ’ল এয়া নিম্ন মানৰ আৰু গোলকীয় প্ৰৱণতাসমূহৰ দ্বাৰা সোনকালে প্ৰভাৱিত হোৱাৰ শংকা থাকে । ইয়াৰ বিপৰীতে উচ্চ পৰ্যায়ৰ তথ্য-প্ৰযুক্তিৰ সামগ্ৰী আৰু সেৱা ৰপ্তানি কৰা দক্ষিণ কোৰিয়াৰ দৰে ৰাষ্ট্ৰসমূহ এনেবোৰ হ্ৰস্বমাদী কাৰকৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ । ইয়াৰ লগতে প্ৰযুক্তি আৰু বিদেশী মূলধনৰ জৰিয়তে দুখীয়া বা আৰ্থিক বিকাশৰ দিশত মন্থৰ দেশসমূহে তেওঁলোকৰ অৰ্থনৈতিক দিশটো টনকিয়াল কৰিব পাৰে । এখন দেশক থলুৱা প্ৰযুক্তিৰ বিকাশ ঘটাবলৈ বহু সময়ৰ প্ৰয়োজন হোৱাৰ লগতে তাতোকৈ বেছি সময় স্থানীয় পৰিৱেশৰ সৈতে খাপ খুওৱাত অধিক সময় লাগে। গতিকে প্ৰযুক্তিৰ ৰপ্তানিৰ ফলত শ্ৰমৰ বজাৰত অধিক হাৰত যুৱ প্ৰজন্মই প্ৰৱেশ কৰা ভাৰতৰ দৰে দেশৰ অৰ্থনীতিয়ে শীঘ্ৰে গতিশীলতা লাভ কৰিব পাৰে। জাপানে(দ্বিতীয় বিশ্বযুদ্ধৰ পাছত চীন,দক্ষিণ কোৰিয়া আৰু ১৯৯০ৰ দশকত সম্পূৰ্ণ দক্ষিণ পূব এছিয়া) সতৰ্কতাৰে বিদেশী মূলধনৰ লগত প্ৰযুক্তিৰ সংমিশ্ৰনেৰে যি আৰ্থিক সুবিধা আদায় কৰিবলৈ সক্ষম হৈছে সেয়া এক উদাহৰণ ।

ভাৰতত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ সমস্যাসমূহঃ

ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু বাণিজ্য মন্ত্ৰালয়ৰ অধীনস্থ উদ্যোগ বিকাশ আৰু আভ্যন্তৰীণ বাণিজ্য বিভাগ চমুকৈ ডি পি আই আই টিয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্ৰত নীতি নিৰ্ধাৰকসকলে জৰুৰীভাৱে চকু দিবলগীয়া কিছু দিশ আঙুলিয়াই দিছে । ভাৰতীয় অৰ্থনীতিৰ মন্থৰতাৰ আৰম্ভণিৰ পূৰ্বেই প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ পৰিসংখ্যাসমূহ অতি উদ্বেগজনক। এয়া বিকাশৰ গতিৰ মন্থৰতাৰ ফলত হৈছে নে মন্থৰ গতিৰ ইয়েই এক কাৰণ সেয়া স্পষ্ট নহয়। ২০১৬-১৭ৰে পৰা প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ বিকাশৰ ক্ষেত্ৰত স্থবিৰতাই দেখা দি আহিছে আৰু ৬০-৬৪ বিলিয়ন আমেৰিকান ডলাৰৰ আশে-পাশে আছে । এফ ডি আইৰ এই স্থিতাৱস্থাৰ এক সম্ভাৱ্য কাৰণ হ’ব পাৰে যে বিদেশী বিনিয়োগকাৰীসকলে তেওঁলোকৰ উপাৰ্জিত ধনৰ এক বৃহৎ অংশ প্ৰতি বছৰে পুনৰ বিনিয়োগ কৰি আহিছে । এই পৰিমাণ ১০-১৩.৫ বিলিয়ন আমেৰিকান ডলাৰ বা ৭০ হাজাৰ কোটিৰ পৰা ১ লাখ কোটি টকা। ইয়াৰ তুলনাত ২০১৫ ৰ পৰা ২০১৮ লৈকে চীনত ইয়াৰ বাৰ্ষিক পৰিমাণ ১৯৬-১২৮ বিলিয়ন আমেৰিকান ডলাৰ । আন এক সমস্যা হৈছে যে বিগত দশকত অধিকাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগ ছখন দেশৰ পৰাহে আহিছেঃ মৰিচাছ (প্ৰায় ৩০-৩৫শতাংশ), ছিংগাপুৰ (১৫-২০শতাংশ), জাপান (৫-১০ শতাংশ), নেডাৰলেণ্ডছ্ (৫-১০ শতাংশ), ব্ৰিটেইন ( ৫-৭ শতাংশ) আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ (৫-৭ শতাংশ) ।

India and Foreign Direct Investment: Changed Focus Necessary
প্ৰত্যক্ষ বিদেশী বিনিয়োগ

এফ ডি আয়েই হওক এফ পি আয়েই হওক বিদেশৰ ধন আগমণ প্ৰক্ৰিয়াটো আগ ভাগত মৌসনা তৰোৱালৰ দৰেই-ই দুই ধৰণে কাম কৰিব পৰে-উপকাৰীভাৱে অথবা অপকাৰীভাৱে। উচ্চ প্ৰযুক্তি,প্ৰযুক্তিগত আন্তঃগাঁথনি বা বুদ্ধিমত্তাৰ সম্পত্তি জড়িত ক্ষেত্ৰসমূহৰ এফ ডি আই প্ৰয়োগ কৰিলে ই অতি উপকাৰী হৈ উঠিব পাৰে। তেনেবোৰ ক্ষেত্ৰত ই উচ্চ মানৰ চাকৰি সৃষ্টি কৰিব পাৰে যিয়ে ভাৰতকো প্ৰযুক্তি আৰু জনসংখ্যাৰে দ্ৰুত হাৰত সলনি হোৱা পৃথিৱীখনৰ প্ৰতিযোগিতাত তিষ্ঠি থকাত অৰিহণা যোগাব। দুৰ্ভাগ্যজনকভাৱে এফ ডি আইৰ এক পৰিসংখ্যাৰ মতে এফ ডি আইৰ অধিকাংশ ধন ব্যয় হৈছে তেনেবোৰ ক্ষেত্ৰত যিবোৰ ক্ষেত্ৰই দীৰ্ঘকালৰ বাবে লাভ প্ৰদান কৰিব নোৱাৰে । অপৰ্যাপ্ত তথ্য সত্বেও আন এক আলোচনাই ইংগিত বহন কৰে যে ২০০০ চনৰে পৰা এফ ডি আইৰ বৃহৎ অংশ সেৱা খণ্ডত (১৮ শতাংশ), কম্পিউটাৰ ছফটৱেৰ আৰু হাৰ্ডৱেৰ (৭ শতাংশ),নিৰ্মাণ (৭ শতাংশ),টেলিকমিউনিকেচন (৭ শতাংশ),অটো ম’বাইল উদ্যোগ (৫ শতাংশ), ফাৰ্মা (৪.৪৩ শতাংশ), ট্ৰেডিং(৪.২৩ শতাংশ), ৰাসায়নিক (৪ শতাংশ), শক্তি (৩.৪৯ শতাংশ), ধাতু উদ্যোগ (৩.১১ শতাংশ),হোটেল আৰু পৰ্যটনত (৩.০৬ শতাংশ)ব্যৱহৃত হৈছে । সমস্যাৰ কাৰণটো হ’ল সেৱা খণ্ডৰ ভিতৰতে আকৌ বৃহৎ অংশ আউট চ’ৰ্চিং,বিত্তীয় সেৱা, কুৰিয়াৰ, গৱেষণা আৰু উন্নয়নৰ নামত ব্যৱহাৰ হৈছে । ইয়াৰ ফলত এটা কথা প্ৰতিফলিত হয় যে যিবোৰ খণ্ডই দীৰ্ঘকালৰ বাবে অৰ্থনীতিৰ গোলকীয় প্ৰতিযোগিতাৰ সক্ষমতাক বৃদ্ধি নকৰে তেনেবোৰ ক্ষেত্ৰতহে ভাৰতবৰ্ষই প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ বাবে আমন্ত্ৰণ জনাই আছে । তাৰ সলনি ভাৰতবৰ্ষৰ বিশাল বজাৰখন লুণ্ঠনহে কৰা হৈছে ।

ভৱিষ্যতৰ পথঃ

গতিকে এটা কথা স্পষ্ট যে চৰকাৰে জৰুৰীভাৱে এফ ডি আই সম্পৰ্কত নিজৰ নীতিৰ পৰ্যালোচনা কৰিব লাগে । হয়তো গোলকীয় আৰু ভাৰতীয় অৰ্থনীতিৰ বৰ্তমানৰ ৰেহৰূপে নতুন বিনিয়োগৰ বিলাস দেশখনক নিদিব। কিন্তু এই পৰিস্থিতয়ে কোনবোৰ ক্ষেত্ৰক উৎসাহিত কৰে সেই সম্পৰ্কে সতৰ্ক হ’ব লাগিব । ই-কমাৰ্চ, কুৰিয়াৰ ফাৰ্ম, ট্ৰেডিং, নিৰ্মাণ খণ্ড, হোটেল বা আন যিকোনো গ্ৰাহক কেন্দ্ৰিক ৰঙা দলিচা পাৰি দিলে বিশেষ আৰ্থিক লাভ নহ’ব। তেনেবোৰ বিনিয়োগে যদিও সামগ্ৰিক উৎপাদনশীলতাত অৰিহণা যোগাব পাৰে,কিন্তু এইবোৰ ক্ষেত্ৰৰ বিদেশী বিনিয়োগকাৰীসকলে প্ৰযুক্তি বা ৰপ্তানিৰ আয় বৃদ্ধিত সামান্যহে সহায় কৰিব। এনেবোৰ ক্ষেত্ৰক কৰ ৰেহাইৰ সুবিধা প্ৰদান কৰিলেও সামান্য উপকাৰহে সাধিব পাৰে । এই উপকাৰ হৈছে ভাৰতীয় সামগ্ৰীসমূহৰ বিশ্বৰ পৰিস্থিতিত মান বা প্ৰতিযোগিতামূলক দক্ষতা বৃদ্ধি কৰা। আৰ চি ই পিকলৈ সৃষ্টি বিতৰ্কৰ মাজতে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ বাবে ভাৰতে প্ৰদান কৰা সুবিধাৰ প্ৰকৃতি অনুধাৱন কৰাটো জৰুৰী। গতিকে চৰকাৰে কৰ ৰেহাই বা আন সুবিধা যেনে ৰেহাই মূল্যত ভূমি দান তেনেবোৰ ক্ষেত্ৰতহে কৰিব লাগে যাৰ মান উন্নতমানৰ আৰু যিয়ে শ্ৰমিক বা কৰ্মচাৰীৰ কম পাৰিশ্ৰমিকৰ সুবিধা আদায়ৰ বাবে নাহে । ১৯৯৭ চনৰ পাছত দক্ষিণ কোৰিয়াৰ অৰ্থনীতিৰ পুনৰ গঠন আৰু দেশখনে প্ৰদান কৰা ৰেহাইৰ বিষয়টো চৰকাৰে বিবেচনা কৰিব পাৰে । যিবোৰ ক্ষেত্ৰই অধিক হাৰত চাকৰি হ্ৰাস কৰিব বা জীৱিকা নোহোৱা কৰিব (উদাহৰণ স্বৰূপে কৃষি) বা অৰ্থনীতিলৈ কোনোধৰণৰ দীৰ্ঘকালীন অৱদান আগনবঢ়ায় তেনেবোৰ ক্ষেত্ৰলৈ চৰকাৰে সুযোগ-সুবিধা প্ৰদান কৰাৰ পৰা বিৰত থাকিব লাগে । চৰকাৰে উচ্চ প্ৰযুক্তিৰ ক্ষেত্ৰৰ বিনিয়োগক উৎসাহিত কৰিব লাগে ।

২০০০ ৰ পৰা ২০১৯ চনলৈকে এফ ডি আই আৰু এফ পি আইৰ গড় হাৰ


বৰ্ষ



ভাৰতত গড়ে এফ ডি আই (ডলাৰত)



ভাৰতত গড়ে এফ পি আই (ডলাৰত)



মুঠ



২০০০-০১



৩২৭২



২৫৯০



৫৮৬২



২০০১-০২২



৪৭৩৪



১৯৫২



৬৬৮৬



২০০২-০৩



৩২১৭



৯৪৪



৪১৬১



২০০৩-০৪



২৩৮৮



১১৩৫৬



১৩৭৪৪



২০০৪-০৫



৩৭১৩



৯২৮৭



১৩০০০



২০০৫-০৬



৩০৩৪



১২৪৯৪



১৫৫২৮



২০০৬-০৭



৭৬৯৩



৭০৬০



১৪৭৫৩



২০০৭-০৮



১৫৮৯৩



২৭৪৩৩



৪৩৩২৬



২০০৮-০৯



২২৩৭২



-১৪০৩০



৮৩৪২



২০০৯-১০



১৭৯৬৬



৩২৩৯৬



৫০৩৬২



২০১০-১১



১১৮৩৪



৩০২৯৩



৪২১২৭



২০১১-১২



২২০৬১



১৭১৭০



৩৯২১৩



২০১২-১৩



১৯৮১৯



২৬৮৯১



৪৬৭১১



২০১৩-১৪



২১৫৬৪



৪৮২২



২৬২৮৬



২০১৪-১৫



৩১২৫৩



৪২২২০৫



৭৩৪৫৬



২০১৫-১৬



৩৬০২১



-৪১৩০



৩১৮৯১



২০১৬-১৭



৩৫৬১২



৭৬১২



৪৩২২৪



২০১৭-১৮



৩০২৮৬



২২১১৫



৫২৪০১



২০১৮-১৯



৩০৭১২



-৬১৮



৩০০৯৪


লেখকঃ ড০ এছ্ আনন্দ

উৎসঃ ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু উদ্যোগ বিকাশ আৰু আভ্যন্তৰীণ বাণিজ্য বিভাগ

Intro:Body:

প্ৰত্যক্ষ বিদেশী বিনিয়োগ আৰু ভাৰতবৰ্ষঃ লক্ষ্য পৰিৱৰ্তনৰ প্ৰয়োজন



চৰকাৰে সদায় দেশত প্ৰত্যক্ষ বিদেশী বিনিয়োগ বৃদ্ধি কৰাৰ বাবে জোৰ দি আহিছে ।বিগত এটা বছৰত চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সৃষ্টি হোৱা বাণিজ্যিক প্ৰতিদ্বন্দ্বিতাৰ ফলত ক্ৰমবৰ্দ্ধমান বিভিন্ন বজাৰৰ জৰিয়তে বিশেষকৈ পূব আৰু দক্ষিণ এছিয়াত প্ৰত্যক্ষ বিদেশী বিনিয়োগ বা চমুকৈ এফ ডি আই বৃদ্ধি পোৱাৰ সম্ভাৱনা অধিক কৰি তুলিছে । যোৱা দুমাহত অধিক বিনিয়োগ লাভৰ উদ্দেশ্যে থাইলেণ্ড আৰু ভিয়েটনামে চীনৰ পৰা উৎপাদন ক্ষেত্ৰ স্থানান্তৰিত কৰিব খোজা কোম্পানীবোৰক ১০ শতাংশ কৰ ৰেহাই দিয়াৰ কথা ঘোষণা কৰে । এই দেশসমূহৰ এনে সিদ্ধান্তৰ ফলতেই চাগে কেই সপ্তাহমান পূৰ্বে ভাৰত চৰকাৰকো কৰৰ হাৰ হ্ৰাস কৰিবলৈ বাধ্য কৰায় । এই শতিকাত ভৰি থোৱাৰে পৰা অধিকাংশ বজাৰ অৰ্থনীতিতকৈ এফ ডি আইৰ বিকাশৰ গতি তেনেই মন্থৰ বুলি লক্ষ্য কৰা গৈছে । তাৰ সলনি এফ পি আই বা ফৰেইন পৰ্টফ’লিঅ’ ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত ভাৰতবৰ্ষ হৈ পৰিছে অন্যতম পছন্দৰ স্থান । এই বিনিয়োগ মূলতঃ ষ্টক মাৰ্কেটলৈ যায় আৰু এনে ধনক গৰম ধন বুলি কোৱা হয় । প্ৰকৃত কথাটো হ’ল এই সকলোবোৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অৰ্থনৈতিক বিকাশৰ মন্থৰতাৰ মাজতে হৈছে । যাৰ ফলত দেশলৈ এফ ডি আই বৃদ্ধি কৰাটো জৰুৰী হিচাপে গণ্য কৰা হৈছে । শেহতীয়াকৈ বিশ্ব বেংক বা আন বিদেশী বৃহৎ অনুষ্ঠানবোৰৰ লগতে ব্লেকষ্টোনৰ দৰে সম্প্ৰসাৰণ থকা প্ৰতিষ্ঠানবোৰে ভাৰতক আকৰ্ষণৰ অন্যতম কেন্দ্ৰ বুলি যি মন্তব্য আগবঢ়াইছে তাকৰ পৰা চৰকাৰে কিছু সান্তনা লভিব পাৰে । সাধাৰণীকৰণ কৰি চালে দেখা যায় যে দেশখনক সদায় এফ ডি আইৰ প্ৰয়োজন আছে । কিয়নো ইয়াৰ দৃষ্টিভংগী দীৰ্ঘকালীন আৰু দেশৰ সম্পত্তি সৃষ্টি কৰাত সহায় কৰে যাৰ দ্বাৰা নতুন দীৰ্ঘকালীন সংস্থাপনৰ সুবিধাৰ সৃষ্টি হয় । ইয়াৰ বিপৰীতে পৰ্টফ’লিঅ’ বিনিয়োগ মূলতঃ বিত্তীয় বজাৰখনত হয় আৰু ই সাধাৰণতে হ্ৰস্বকালীন । গুৰুত্বপূৰ্ণ কথাটো হ’ল এফ পি আইৰ আগমন মৰিচাছৰ দৰে দেশৰ যোগেদি ঘটে য’ত ধনৰ উৎস সন্দৰ্ভতো সন্দেহৰ অৱকাশ থাকে । এনেধৰণৰ এফ পি আইৰ ধনে কিছু হেঁচাৰ সৃষ্টি কৰে । সমান্তৰালভাৱে দীৰ্ঘকালীন বিনিয়োগকাৰীসকলৰ প্ৰতি চৰকাৰ সচেতন হোৱাটো উচিত । যিহেতু বিশ্ব বাণিজ্যত বিগত চাৰি মাহত দশকটোৰ ভিতৰতে দীৰ্ঘকালীন ধাৰাবাহিক মন্দাৱস্থাই দেখা দিছে সেয়ে এই সম্পৰ্কে সজাগ হ’ব লাগিব । বিশ্ব বাণিজ্যৰ মন্দাৱস্থা মানেই বিভিন্ন দেশসমূহে দীৰ্ঘকালীন বিনিয়োগৰ বাবে হেতা-ওপৰা কৰা । গতিকে ভাৰতবৰ্ষই দীৰ্ঘকালীন বিনিয়োগকাৰীসকলৰ প্ৰয়োজনীয়তাবোৰৰ সম্পৰ্কে যিমানেই সচেতন হ’ব সিমানেই দেশৰ অৰ্থনীতিৰ উপকাৰ সাধন হ’ব ।



এফ ডি আইৰ প্ৰয়োজনীয়তাঃ



যদিও আমি আমাৰ দেশৰ অৰ্থনীতিৰ বিদেশীৰ প্ৰভাৱ ভাল নাপাব পাৰোঁ, কিন্তু ভাৰতবৰ্ষৰ যে সম্পূৰ্ণৰূপে প্ৰত্যক্ষ বিদেশী বিনিয়োগক নস্যাৎ কৰিব পৰা সামৰ্থ্য নাই সেই কথা আমি অনুধাৱন কৰিব লাগিব । যিহেতু ভাৰতে প্ৰয়োজন হোৱা অধিকাংশ তেলেই আমদানি কৰে গতিকে ভাৰতবৰ্ষই অতি মূল্যৱান বিদেশী মুদ্ৰা বিনিময়ৰ সংকটৰ সন্মুখীন হয় । কাৰণ ৰপ্তানি দ্ৰুতগতিৰে যথেষ্ট বৃদ্ধি হোৱা নাই । উপযুক্ত ৰপ্তানি নোহোৱাৰ ফলতে ভাৰতবৰ্ষৰ বিদেশী বাণিজ্যৰ ঘাটি অধিক আৰু স্বাধীনতাৰ পাছৰে পৰা জি ডি পিৰ হিচাপত ইয়াৰ গড় হাৰ ২-৩ শতাংশ । যাৰ ফলত ভাৰতে অতিৰিক্ত ডলাৰ বা আন গুৰুত্বপূৰ্ণ মুদ্ৰা উপাৰ্জন, আকৰ্ষণ বা ধাৰ কৰিবলগীয়া হয় । যিবোৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ অৰ্থনীতিৰ প্ৰতি অৰিহণা আগবঢ়োৱাৰ থল আছে বা ভাৰতীয় কোম্পানীসমূহক উচ্চ মান আৰু সামগ্ৰী প্ৰদান কৰি অৰ্থনীতিৰ জখলাডাল বগাবলৈ সুযোগ দিয়ে, তেনেবোৰ ক্ষেত্ৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰয়োজন আছে । দেশত এফ ডি আইৰ প্ৰয়োজন আছে এই বাবে যে আমাৰ দেশখনত মূলধনৰ অভাৱ আছে বা বহু সময়ত(সকলো সময়ত নহ’লেও) ভাৰতবৰ্ষত তিনিটা ভয়াৱহ ঘাটি চলি থাকে-ফিচকেল, ৰাজহ আৰু মূলধন । কোনো দেশত এই তিনিটা ঘাটি যদি নিয়ন্ত্ৰণ বিহীন হৈ পৰে আৰু এফ ডি আই নোহোৱা হয়, তেন্তে দেশখন সংকটৰ সন্মুখীন হোৱাটো নিশ্চিত হৈ পৰে । ভাৰতৰ অৰ্থনীতিৰ প্ৰকৃতি এনেকুৱা যে আমি এখন উপভোক্তা দেশ । দেশে প্ৰযুক্তি আমদানি কৰাৰ লগতে কেঁচা সামগ্ৰী, অসম্পূৰ্ণ সামগ্ৰী বা কিছু কম গুৰুত্বপূৰ্ণ সেৱা ৰপ্তানি কৰে । তেনেধৰণৰ ৰপ্তানিৰ সমস্যাটো হ’ল এয়া নিম্ন মানৰ আৰু গোলকীয় প্ৰৱণতাসমূহৰ দ্বাৰা সোনকালে প্ৰভাৱিত হোৱাৰ শংকা থাকে ।ইয়াৰ বিপৰীতে উচ্চ পৰ্যায়ৰ তথ্য-প্ৰযুক্তিৰ সামগ্ৰী আৰু সেৱা ৰপ্তানি কৰা দক্ষিণ কোৰিয়াৰ দৰে ৰাষ্ট্ৰসমমূহ এনেবোৰ হ্ৰস্বমাদী কাৰকৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ । ইয়াৰ লগতে প্ৰযুক্তি আৰু বিদেশী মূলধনৰ জৰিয়তে দুখীয়া বা আৰ্থিক বিকাশৰ দিশত মন্থৰ দেশসমূহে তেওঁলোকৰ অৰ্থনৈতিক দিশটো টনকিয়াল কৰিব পাৰে । এখন দেশক থলুৱা প্ৰযুক্তিৰ বিকাশ ঘটাবলৈ বহু সময়ৰ প্ৰয়োজন হোৱাৰ লগতে তাতোকৈ বেছি সময় স্থানীয় পৰিৱেশৰ সৈতে খাপ খুওৱাত অধিক সময় লাগে ।  গতিকে প্ৰযুক্তিৰ ৰপ্তানিৰ ফলত শ্ৰমৰ বজাৰত অধিক হাৰত যুৱ প্ৰজন্মই প্ৰৱেশ কৰা ভাৰতৰ দৰে দেশৰ অৰ্থনীতিয়ে শীঘ্ৰে গতিশীলতা লাভ কৰিব পাৰে । জাপানে(দ্বিতীয় বিশ্বযুদ্ধৰ পাছত চীন, দক্ষিণ কোৰিয়া আৰু ১৯৯০ৰ দশকত সম্পূৰ্ণ দক্ষিণ পূব এছিয়া) সতৰ্কতাৰে বিদেশী মূলধনৰ লগত প্ৰযুক্তিৰ সংমিশঅৰণৰে যি আৰ্থিক সুবিধা আদায় কৰিবলৈ সক্ষম হৈছে সেয়া এক উদাহৰণ । 



ভাৰতত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ সমস্যাসমূহঃ



ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু বাণিজ্য মন্ত্ৰালয়ৰ অধীনস্থ উদ্যোগ বিকাশ আৰু আভ্যন্তৰীণ বাণিজ্য বিভাগ চমুকৈ ডি পি আই আই টিয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্ৰত নীতি নিৰ্ধাৰকসকলে জৰুৰীভাৱে চকু দিবলগীয়া কিছু দিশ আঙুলিয়াই দিছে । ভাৰতীয় অৰ্থনীতিৰ মন্থৰতাৰ আৰম্ভণিৰ পূৰ্বেই প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ পৰিসংখ্যাসমূহ অতি উদ্বেগজনক । এয়া বিকাশৰ গতিৰ মন্থৰতাৰ ফলত হৈছে নে মন্থৰ গতিৰ ইয়েই এক কাৰণ সেয়া স্পষ্ট নহয় । ২০১৬-১৭ ৰে পৰা প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ বিকাশৰ ক্ষেত্ৰত স্থবিৰতাই দেখা দি আহিছে আৰু ৬০-৬৪ বিলিয়ন আমেৰিকান ডলাৰৰ আশে-পাশে আছে । এফ ডি আইৰ এই স্থিতাৱস্থাৰ এক সম্ভাব্য কাৰণ হ’ব পাৰে যে বিদেশী বিনিয়োগকাৰীসকলে তেওঁলোকৰ উপাৰ্জিত ধনৰ এক বৃহৎ অংশ প্ৰতি বছৰে  পুনৰ বিনিয়োগ কৰি আহিছে । এই পৰিমাণ ১০-১৩.৫ বিলিয়ন আমেৰিকান ডলাৰ বা ৭০ হাজাৰ কোটিৰ পৰা ১ লাখ কোটি টকা । ইয়াৰ তুলনাত ২০১৫ ৰ পৰা ২০১৮ লৈকে চীনত ইয়াৰ বাৰ্ষিক পৰিমাণ ১৯৬-১২৮ বিলিয়ন আমেৰিকান ডলাৰ । আন এক সমস্যা হৈছে যে বিগত দশকত অধিকাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগ ছখন দেশৰ পৰাহে আহিছেঃ মৰিচাছ (প্ৰায় ৩০-৩৫শতাংশ), ছিংগাপুৰ (১৫-২০শতাংশ), জাপান (৫-১০ শতাংশ), নেডাৰলেণ্ডছ্ (৫-১০ শতাংশ), ব্ৰিটেইন ( ৫-৭ শতাংশ) আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ (৫-৭ শতাংশ) ।



এফ ডি আয়েই হওক এফ পি আয়েই হওক বিদেশৰ ধন আগমন প্ৰক্ৰিয়াটো আগভাগত মৌসনা তৰোৱালৰ দৰেই-ই দুই ধৰণে কাম কৰিব পৰে-উপকাৰীভাৱে অথবা অপকাৰীভাৱে । উচ্চ প্ৰযুক্তি, প্ৰযুক্তিগত আন্তঃগাঁথনি, বা বুদ্ধিমত্তাৰ সম্পত্তি জড়িত ক্ষেত্ৰসমূহৰ এফ ডি আই প্ৰয়োগ কৰিলে ই অতি উপকাৰী হৈ উঠিব পাৰে । তেনেবোৰ ক্ষেত্ৰত ই উচ্চ মানৰ চাকৰি সৃষ্টি কৰিব পাৰে যিয়ে ভাৰতকো প্ৰযুক্তি আৰু জনসংখ্যাৰে দ্ৰুত হাৰত সলনি হোৱা পৃথিৱীখনৰ প্ৰতিযোগিতাত তিষ্ঠি থকাত অৰিহণা যোগাব । দুৰ্ভাগ্যজনকভাৱে এফ ডি আইৰ এক পৰিসংখ্যাৰ মতে এফ ডি আইৰ অধিকাংশ ধন ব্যয় হৈছে তেনেবোৰ ক্ষেত্ৰত যিবোৰ ক্ষেত্ৰই দীৰ্ঘকালৰ বাবে লাভ প্ৰদান কৰিব নোৱাৰে । অপৰ্যাপ্ত তথ্য সত্বেও আন এক আলোচনাই ইংগিত বহন কৰে যে ২০০০ চনৰে পৰা এফ ডি আইৰ বৃহৎ অংশ সেৱা খণ্ডত (১৮ শতাংশ), কম্পিউটাৰ ছফটৱেৰ আৰু হাৰ্ডৱেৰ (৭ শতাংশ), নিৰ্মমাণ (৭ শতাংশ), টেলিকমিউনিকেচন (৭ শতাংশ),  অটো ম’বাইল উদ্যোগ (৫ শতাংশ), ফাৰ্মা (৪.৪৩ শতাংশ), ট্ৰেডিং(৪.২৩ শতাংশ), ৰাসায়নিক (৪ শতাংশ), শক্তি (৩.৪৯ শতাংশ), ধাতু উদ্যোগ (৩.১১ শতাংশ), হোটেল আৰু পৰ্যটনত (৩.০৬ শতাংশ)ব্যৱহৃত হৈছে । সমস্যাৰ কাৰণটো হ’ল সেৱা খণ্ডৰ ভিতৰতে আকৌ বৃহৎ অংশ আউট চ’ৰ্চিং, বিত্তীয় সেৱা, কুৰিয়াৰ, গৱেষণা আৰু উন্নয়নৰ নামত ব্যৱহাৰ হৈছে । ইয়াৰ ফলত এটা কথা প্ৰতিফলিত হয় যে যিবোৰ খণ্ডই দীৰ্ঘকালৰ বাবে  অৰ্থনীতিৰ গোলকীয় প্ৰতিযোগিতাৰ সক্ষমতাক বৃদ্ধি নকৰে তেনেবোৰ ক্ষেত্ৰতহে ভাৰতবৰ্ষই প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ বাবে আমন্ত্ৰণ জনাই আছে । তাৰ সলনি ভাৰতবৰ্ষৰ বিশাল বজাৰখন লুণ্ঠনহে কৰা হৈছে । 



ভৱিষ্যতৰ পথঃ 



গতিকে এটা কথা স্পষ্ট যে চৰকাৰে জৰুৰীভাৱে এফ ডি আই সম্পৰ্কত নিজৰ নীতিৰ পৰ্যালোচনা কৰিব লাগে । হয়তো গোলকীয় আৰু ভাৰতীয় অৰ্থনীতিৰ বৰ্তমানৰ ৰেহৰূপে নতুন বিনিয়োগৰ বিলাস দেশখনক নিদিব । কিন্তু এই পৰিস্থিতয়ে কোনবোৰ ক্ষেত্ৰক উৎসাহিত কৰে সেই সম্পৰ্কে সতৰ্ক হ’ব লাগিব । ই-কমাৰ্চ, কুৰিয়াৰ ফাৰ্ম, ট্ৰেডিং, নিৰ্মাণ খণ্ড, হোটেল বা আন যিকোনো গ্ৰাহককেন্দ্ৰিক ৰঙা দলিচা পাৰি দিলে বিশেষ আৰ্থিক লাভ নহ’ব । তেনেবোৰ বিনিয়োগে যদিও সামগ্ৰিক উৎপাদনশীলতাত অৰিহণা যোগাব পাৰে, কিন্তু এইবোৰ ক্ষেত্ৰৰ বিদেশী বিনিয়োগকাৰীসকলে প্ৰযুক্তি বা ৰপ্তানিৰ আয় বৃদ্ধিত সামান্যহে সহায় কৰিব । এনেবোৰ ক্ষেত্ৰক কৰ ৰেহাইৰ সুবিধা প্ৰদান কৰিলেও সামান্য উপকাৰহে সাধিব পাৰে । এই উপকাৰ হৈছে ভাৰতীয় সামগ্ৰীসমূহৰ বিশ্বৰ পৰিস্থিতিত মান বা প্ৰতিযোগিতামূলক দক্ষতা বৃদ্ধি কৰা । আৰ চি ই পিকলৈ সৃষ্টি বিতৰ্কৰ মাজতে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ বাবে ভাৰতে প্ৰদান কৰা সুবিধাৰ প্ৰকৃতি অনুধাৱন কৰাটো জৰুৰী । গতিকে চৰকাৰে কৰ ৰেহাই বা আন সুবিধা যেনে ৰেহাই মূল্যত ভূমি দান তেনেবোৰ ক্ষেত্ৰতহে কৰিব লাগে যাৰ মান উন্নতমানৰ আৰু যিয়ে শ্ৰমিক বা কৰ্মচাৰীৰ কম পাৰিশ্ৰমিকৰ সুবিধা আদায়ৰ বাবে নাহে । ১৯৯৭ চনৰ পাছত দক্ষিণ কোৰিয়াৰ অৰ্থনীতিৰ পুনৰ্গঠন আৰু দেশখনে প্ৰদান কৰা ৰেহাইৰ বিষয়টো চৰকাৰে বিবেচনা কৰিব পাৰে । যিবোৰ ক্ষেত্ৰই অধিক হাৰত চাকৰি হ্ৰাস কৰিব বা জীৱিকা নোহোৱা কৰিব (উদাহৰণ স্বৰূপে কৃষি) বা অৰ্থনীতিলৈ কোনোধৰণৰ দীৰ্ঘকালীন অৱদান আগনবঢ়ায় তেনেবোৰ ক্ষেত্ৰলৈ চৰকাৰে সুযোগ-সুবিধা প্ৰদান কৰাৰ পৰা বিৰত থাকিব লাগে । চৰকাৰে উচ্চ প্ৰযুক্তিৰ ক্ষেত্ৰৰ বিনিয়োগক উৎসাহিত কৰিব লাগে । 







 



২০০০ ৰ পৰা ২০১৯ চনলৈকে এফ ডি আই আৰু এফ পি আইৰ গড় হাৰ



Net Foreign Direct and Portfolio Investment in India 2000-2019




         
                  
                           
                           
                           
                           
                  
                  
                           
                           
                           
                           
                  
                  
                           
                           
                           
                           
                  
                  
                           
                           
                           
                           
                  
                  
                           
                           
                           
                           
                  
                  
                           
                           
                           
                           
                  
                  
                           
                           
                           
                           
                  
                  
                           
                           
                           
                           
                  
                  
                           
                           
                           
                           
                  
                  
                           
                           
                           
                           
                  
                  
                           
                           
                           
                           
                  
                  
                           
                           
                           
                           
                  
                  
                           
                           
                           
                           
                  
                  
                           
                           
                           
                           
                  
                  
                           
                           
                           
                           
                  
                  
                           
                           
                           
                           
                  
                  
                           
                           
                           
                           
                  
                  
                           
                           
                           
                           
                  
                  
                           
                           
                           
                           
                  
                  
                           
                           
                           
                           
                  
         

                           

বৰ্ষ


                           

                           

ভাৰতত গড়ে এফ ডি আই (ডলাৰত)


                           

                           

ভাৰতত গড়ে এফ পি আই (ডলাৰত)


                           

                           

মুঠ


                           

                           

২০০০-০১


                           

                           

৩২৭২


                           

                           

২৫৯০


                           

                           

৫৮৬২


                           

                           

২০০১-০২২


                           

                           

৪৭৩৪


                           

                           

১৯৫২


                           

                           

৬৬৮৬


                           

                           

২০০২-০৩


                           

                           

৩২১৭


                           

                           

৯৪৪


                           

                           

৪১৬১


                           

                           

২০০৩-০৪


                           

                           

২৩৮৮


                           

                           

১১৩৫৬


                           

                           

১৩৭৪৪


                           

                           

২০০৪-০৫


                           

                           

৩৭১৩


                           

                           

৯২৮৭


                           

                           

১৩০০০


                           

                           

২০০৫-০৬


                           

                           

৩০৩৪


                           

                           

১২৪৯৪


                           

                           

১৫৫২৮


                           

                           

২০০৬-০৭


                           

                           

৭৬৯৩


                           

                           

৭০৬০


                           

                           

১৪৭৫৩


                           

                           

২০০৭-০৮


                           

                           

১৫৮৯৩


                           

                           

২৭৪৩৩


                           

                           

৪৩৩২৬


                           

                           

২০০৮-০৯


                           

                           

২২৩৭২


                           

                           

-১৪০৩০


                           

                           

৮৩৪২


                           

                           

২০০৯-১০


                           

                           

১৭৯৬৬


                           

                           

৩২৩৯৬


                           

                           

৫০৩৬২


                           

                           

২০১০-১১


                           

                           

১১৮৩৪


                           

                           

৩০২৯৩


                           

                           

৪২১২৭


                           

                           

২০১১-১২


                           

                           

২২০৬১


                           

                           

১৭১৭০


                           

                           

৩৯২১৩


                           

                           

২০১২-১৩


                           

                           

১৯৮১৯


                           

                           

২৬৮৯১


                           

                           

৪৬৭১১


                           

                           

২০১৩-১৪


                           

                           

২১৫৬৪


                           

                           

৪৮২২


                           

                           

২৬২৮৬


                           

                           

২০১৪-১৫


                           

                           

৩১২৫৩


                           

                           

৪২২২০৫


                           

                           

৭৩৪৫৬


                           

                           

২০১৫-১৬


                           

                           

৩৬০২১


                           

                           

-৪১৩০


                           

                           

৩১৮৯১


                           

                           

২০১৬-১৭


                           

                           

৩৫৬১২


                           

                           

৭৬১২


                           

                           

৪৩২২৪


                           

                           

২০১৭-১৮


                           

                           

৩০২৮৬


                           

                           

২২১১৫


                           

                           

৫২৪০১


                           

                           

২০১৮-১৯


                           

                           

৩০৭১২


                           

                           

-৬১৮


                           

                           

৩০০৯৪


                           


 উৎসঃ ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু উদ্যোগ বিকাশ আৰু আভ্যন্তৰীণ বাণিজ্য বিভাগ



ডঃ এছ্ আনন্দ







 


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.