ETV Bharat / bharat

Ranitidineত নিষেধাজ্ঞা !

author img

By

Published : Apr 6, 2020, 1:30 PM IST

বৰ্তমান সময়ত Ranitidine নিষিদ্ধ কৰা হোৱা নাই যদিও, অতি শীঘ্ৰেই ঔষধ নিৰ্মাতা কোম্পানী সমূহক এই ঔষধৰ উৎপাদন আৰু সৰবৰাহ বন্ধ কৰিবলৈ USFDA য়ে নিৰ্দেশ প্ৰদান কৰে ।

Ranitidineত নিষেধাজ্ঞা !
Ranitidineত নিষেধাজ্ঞা !

নিউজ ডেস্ক, 6 এপ্ৰিলঃ ইউ.এছ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন চমুকৈ USFDA য়ে ঔষধ নিৰ্মাতা কোম্পানী সমূহক Ranitidine ৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ প্ৰদান কৰে । এই ঔষধৰ ব্যৱহাৰে কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে বুলি এক গৱেষণাত প্ৰকাশ পাইছে । বৰ্তমান সময়ত Ranitidine নিষিদ্ধ কৰা হোৱা নাই যদিও, অতি শীঘ্ৰেই ঔষধ নিৰ্মাতা কোম্পানী সমূহক এই ঔষধৰ উৎপাদন আৰু সৰবৰাহ বন্ধ কৰিবলৈ কোৱা হৈছে । এই ঔষধৰ পৰা হ'ব পৰা স্বাস্থ্যজনিত সমস্যা সমূহ ইতিমধ্যে জনসাধাৰণৰ আগত স্পষ্ট কৰি দিয়া হৈছে । ইয়াৰ লগত জড়িত বিষয়া সকলৰ বিশ্বাস যে, ভাৰতৰ ড্ৰাগ কন্ট্ৰলাৰ জেনেৰেলেও এই ঔষধ সন্দৰ্ভত অনুৰূপ পদক্ষেপ গ্ৰহণ কৰিব । এই ঔষধ সাধাৰণতে জৰুৰীকালীনভাৱে আলচাৰ ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয় ।

USFDA য়ে Ranitidine ব্যৱহাৰৰ বিৰোধিতা কৰাৰ কাৰণ হ'ল, জেনটেক নামৰ এটা ব্ৰেণ্ডৰ অধীনত নিৰ্মিত এই এই ঔষধত N-Nitroso dimethylamine (চমুকৈ NMDA, এটা কাৰ্চিন'জেনিক উপাদান)ৰ উপস্থিতি পোৱা গৈছে । শেহতীয়া এক পৰীক্ষণত প্ৰমাণিত হৈছে যে, এই ঔষধত NMDAৰ পৰিমাণ সময় অনুযায়ী বৃদ্ধি কৰা হৈছে । এটা ঔষধৰ সময়সীমা যিহেতু নিৰ্ণয় কৰিব পৰা নাযায়, সেয়ে FDAয়ে এই ঔষধ ব্যৱহাৰ নকৰাই ভাল বুলি উল্লেখ কৰে । বিশ্বজুৰি বিয়পি থকা ঔষধ নিয়ন্ত্ৰক সংস্থাসমূহে সাধাৰণতে USFDA ৰ দ্বাৰা নিৰ্ধাৰিত নিয়মসমূহৰ পালন কৰে । যাৰ বাবে স্থানীয় ঔষধ উদ্যোগবোৰে Ranitidineৰ বাবে DCGIৰ আহ্বানৰ প্ৰতি অপেক্ষা কৰি আছে । ইয়াৰ পূৰ্বে যেতিয়া USFDAয়ে Ranitidineত কাৰ্চিন'জেনিক থকা বুলি নিশ্চিত কৰিছিল, তেতিয়া DCGIয়ে স্থানীয় ঔষধ কোম্পানীসমূত এই বিষয়ত তেওঁলোকে কৰা অনুসন্ধানসমূহ জমা দিবলৈ নিৰ্দশ প্ৰদান কৰিছিল । বাংগালুৰুস্থিত ষ্ট্ৰাইডছ ফাৰ্মা চাইন্স লিংমিটেড হৈছে এক শীৰ্ষস্থানীয় Ranitidine প্ৰস্তুকৰ্তা আৰু ৰপ্তানিকৰ্তা সংস্থা । ষ্ট্ৰাইডৰ দ্বাৰা বিক্ৰী কৰা 5 টা প্ৰধান ঔষধৰ ভিতৰত Ranitidine হৈছে মাৰ্কিন বজাৰত বিক্ৰী হোৱা অন্যতম ঔষধ । কিন্তু বৰ্তমান তেওঁলোকে জানিবলৈ দিছে যে, USFDAৰ নিৰ্দেশৰ পিচত তেওঁলোকে এই ঔষধ বিতৰণ বন্ধ কৰিব ।

উল্লেখ্য যে, USFDAয়ে Ranitidineৰ বিকল্প হিচাপে ফেম'টিডাইন, চিমেটিডাইন, এচোমেপ্ৰাজ'ল, লেন্স'প্ৰাজ'ল আৰু অ'মেপ্ৰাজলৰ কথা উল্লেক কৰিছে ।

লগতে পঢ়কঃ কোভিড-19ঃ চুপাৰ কম্পিউটাৰ নিৰ্মাণৰ কাম চলিছে টেক্সাচত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.