ETV Bharat / bharat

অৰুণ জেটলীৰ মৃত্যুত শোক প্ৰকাশ হকী ইণ্ডিয়াৰ

author img

By

Published : Aug 25, 2019, 4:34 PM IST

শনিবাৰে প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে হকী ইণ্ডিয়াই ৷ হকী ইণ্ডিয়াৰ সভাপতি মহম্মদ মোস্তাক আহমেদে জেটলীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৷

অৰুণ জেটলীৰ মৃত্যুত শোক প্ৰকাশ হকী ইণ্ডিয়াৰ

স্পৰ্টছ ডেস্ক, 25 আগষ্ট : শনিবাৰে প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে হকী ইণ্ডিয়াই ৷ হকী ইণ্ডিয়াৰ সভাপতি মহম্মদ মোস্তাক আহমেদে জেটলীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৷ ইয়াৰোপৰি, তেওঁক এজন ক্ৰীড়াপ্ৰেমী বুলি উল্লেখ কৰে আহমেদে ৷ জেটলীয়ে প্ৰতিটো সময়তে ভাৰতীয় হকীক সমৰ্থন কৰি অহা বুলি মন্তব্য কৰাৰ লগতে তেওঁৰ স্মৃতি জীয়াই ৰাখিবলৈ চেষ্টা কৰিব বুলি মন্তব্য কৰে ৷

প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলী
অৰুণ জেটলীৰ মৃত্যুত শোক প্ৰকাশ হকী ইণ্ডিয়াৰ

উল্লেখ্য যে, শনিবাৰে বিয়লি জ্যেষ্ঠ নেতা অৰুণ জেটলীৰ মৃত্যুৰ কথা ঘোষণা কৰে এইমছে ৷ চলিত মাহৰ প্ৰথম ভাগতে তেওঁক অসুস্থতাৰ বাবে এইমছত ভৰ্তি কৰোৱা হৈছিল ৷

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালতে কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা জেটলীয়ে 2014 বৰ্ষত মোডী চৰকাৰৰ কাৰ্যকালত বিত্তমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল ৷ কিন্তু স্বাস্থ্যজনিত সমস্যাৰ বাবে 2019 চনৰ লোকসভা নিৰ্বাচনৰ পৰা নাম প্ৰত্যাহাৰ কৰিছিল অৰুণ জেটলীয়ে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.