ETV Bharat / bharat

কোনো হিন্দু ভাৰত বিৰোধী হ’ব নোৱাৰেঃ মোহন ভাগৱত

author img

By

Published : Jan 2, 2021, 11:35 AM IST

Updated : Jan 2, 2021, 12:07 PM IST

2021 বৰ্ষৰ প্ৰথমটো দিনতে ৰাজঘাটত অনুষ্ঠিত এক সমাৰোহত জে.কে বাজাজ আৰু এম.ডি শ্ৰীনিবাস দ্বাৰা জাতিৰ পিতা মহাত্মা গান্ধীৰ ওপৰত লিখিত গ্ৰন্থ ‘মেকিং অব এ হিন্দু পেট্ৰিয়ট’ৰ উন্মোচন কৰে আৰএচএচৰ প্ৰধান মোহন ভাগৱতে ৷ গ্ৰন্থখন উন্মোচন কৰি তেখেতে কয়,কোনোবা যদি হিন্দু আছে তেন্তে তেওঁ দেশভক্ত হ’বই লাগিব ৷ কোনো হিন্দু ভাৰত দ্ৰোহী বা ভাৰত বিৰোধী হ’ব নোৱাৰে ৷

Hindus can never be anti-India:RSS chief Mohan Bhagwat
কোনো হিন্দু ভাৰত বিৰোধী হ’ব নোৱাৰেঃমোহন ভাগৱত

নেশ্যনেল ডেস্ক,2 জানুৱাৰী: শুকুৰবাৰে জাতিৰ পিতা মহাত্মা গান্ধীৰ ওপৰত লিখিত গ্ৰন্থ ‘মেকিং অব এ হিন্দু পেট্ৰিয়ট’ৰ উন্মোচন কৰে আৰএছএছৰ প্ৰধান মোহন ভাগৱতে ৷ গ্ৰন্থখন উন্মোচন কৰি তেখেতে কয়,কোনোবা যদি হিন্দু আছে তেন্তে তেওঁ দেশভক্ত হ’বই লাগিব ৷ দেশভক্তি তেওঁৰ তেজত আছে ৷ কোনো হিন্দু ভাৰত দ্ৰোহী বা ভাৰত বিৰোধী হ’ব নোৱাৰে ৷

2021 বৰ্ষৰ প্ৰথমটো দিনতে ৰাজঘাটত অনুষ্ঠিত এক সমাৰোহত জে.কে বাজাজ আৰু এম.ডি শ্ৰীনিবাস দ্বাৰা লিখিত গ্ৰন্থখন উন্মোচন কৰি এই গ্ৰন্থখন মহাগান্ধীৰ ওপৰত নিখুত গৱেষণা আখ্যা দিয়ে আৰএচএচ প্ৰধানগৰাকীয়ে ৷ এই গ্ৰন্থখনক লৈ বহু জল্পনা-কল্পনাৰ সৃষ্টি হ’ব পাৰে কিন্তু এই সকলোবোৰৰ কোনো প্ৰয়োজন নাই বুলিও কয় মোহন ভাগৱতে ৷

তেখেতে আৰু কয়,প্ৰত্যেকগৰাকী ব্যক্তিৰ মাজতে দেশভক্তিৰ প্ৰবৃত্তি থাকে ৷ ভাৰতবৰ্ষত লোকসকলে এই ভূমিখনক আপোন বুলি ভাবে ৷ প্ৰতিগৰাকী ব্যক্তিয়ে বিভিন্ন ৰূপত ভূমিৰ পূজা,মাটিৰ পূজা কৰে ৷ কিন্তু গান্ধীজীয়ে কৈছিল মোৰ দেশভক্তি মোৰ ধৰ্মৰ দ্বাৰা প্ৰকাশ পায় ৷ স্বৰাজ বহুলোকেই বিচাৰে ৷ কিন্তু যেতিয়ালৈকে আপুনি স্ব-ধৰ্মক বুজি নাপায় তেতিয়ালৈকে আপুনি স্বৰাজৰ অৰ্থ বুজি নাপায় বুলি কয় মোহন ভাগৱতে ৷

লগতে পঢ়ক-দিল্লী গাজিপুৰ সীমান্তৰ প্ৰতিবাদস্থলীত আত্মহত্যা কৃষকৰ

Last Updated : Jan 2, 2021, 12:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.