ETV Bharat / bharat

হাইড্ৰ’স্কিক্লৰ’কুইনঃ এক আশাৰ ৰেঙণি

author img

By

Published : Apr 14, 2020, 7:04 PM IST

HCQ, A RAY OF HOPE!
হাইড্ৰ’স্কিক্লৰ’কুইনঃএক আশাৰ ৰেঙণি

হাইড্ৰ’স্কিক্লৰ’কুইন ঔষধে এক নতুন ৰূপ লাভ কৰিছে ৷ বিশ্ব ত্ৰাস Covid 19 ৰ প্ৰতিষেধক প্ৰস্তুতত এই ঔষধ এতিয়া ব্যৱহাৰযোগ্য হ’ব ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত চৰকাৰক এই বিষয়ে পৰীক্ষণ আৰম্ভ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ৷

নিউজ ডেস্ক,14 এপ্ৰিলঃ পূৰ্বে মেলেৰিয়া ৰোগৰ উৎকৃষ্ট প্ৰতিষেধক হিচাপে পৰিচিত হাইড্ৰ’স্কিক্লৰ’কুইন ঔষধে এক নতুন ৰূপ লাভ কৰিছে ৷ বিশ্ব ত্ৰাস Covid 19 ৰ প্ৰতিষেধক প্ৰস্তুতত এই ঔষধ এতিয়া ব্যৱহাৰযোগ্য হ’ব ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত চৰকাৰক এই বিষয়ে পৰীক্ষণ আৰম্ভ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ৷ বৰ্তমান এই টেবলেট প্ৰস্তুতকৰণত ভাৰতৰ স্থিতি সন্দৰ্ভত এগৰাকী ব্যক্তিৰ প্ৰত্যক্ষ হস্তক্ষেপ আছে ৷ ভাৰতীয় ৰসায়ন বিজ্ঞানৰ পিতৃ হিচাপে পৰিচিত ব্যক্তিজন হৈছে আচাৰ্য প্ৰফুল্ল ৰে ৷ ব্যতিক্ৰমী চিন্তাধাৰাৰে পুষ্ট ব্যক্তিগৰাকীয়ে ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত পৰীক্ষা-নিৰীক্ষা কৰিছে ৷

বিশিষ্ট ব্যক্তি গৰাকীৰ জন্ম হয় 1861 চনৰ 2 আগষ্টত বৃহত্তৰ বংগৰ অন্তৰ্গত ৰৰোলী-কাতিপাৰাত ৷ 1887 চনত ব্যক্তিগৰাকী এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ ডক্টৰেট ডিগ্ৰী লাভ কৰে ৷ পৰৱৰ্তী পৰ্যায়ত 1892 চনত কলকাতাৰ প্ৰেছিডেন্সি কলেজৰ ৰসায়নৰ শিক্ষক হিচাপে কৰ্মত যোগদান কৰে প্ৰফুল্ল ৰেই ৷ মাহে 700 টকা পাৰিশ্ৰমিকত ব্যক্তি গৰাকীয়ে বংগৰ এক ঔষধ প্ৰস্তুত কোম্পানীত আৰম্ভণিতে কাম কৰিছিল ৷ পিছলৈ ব্যক্তি গৰাকীয়ে 1901 চনত প্ৰায় 2 লাখ টকা ব্যয়েৰে বেংগল কেমিকেলছ এণ্ড ফাৰ্মাচিটিকেল ওৱৰ্কছ প্ৰাইভেট লিমিটেড নামেৰে এক কোম্পানী প্ৰতিষ্ঠা কৰে ৷ কোম্পানীটোৱে বিভিন্ন প্ৰকাৰৰ ঔষধ প্ৰস্তুত কৰে ৷ বিশেষকৈ মেলেৰিয়াৰ প্ৰতিষেধক প্ৰস্তুতৰ ক্ষেত্ৰত কোম্পানীটোৱে আগভাগ লয় ৷ কিন্তু কিছুবছৰ চলাৰ পিছত এই উৎপাদন বন্ধ হৈ পৰে ৷ 1902 চনত ব্যক্তি গৰাকীয়ে হিন্দু ৰসায়নৰ ইতিহাস নামেৰে দুটা খণ্ডত এক গ্ৰন্থ ৰচনা কৰি উলিয়ায় ৷ ব্যক্তি গৰাকীৰ ৰচিত বহুকেইটা প্ৰবন্ধ বিভিন্ন আলোচনীত প্ৰকাশ পাইছে ৷ বিশিষ্ট ব্যক্তি গৰাকী 1944 চনৰ 16 জুনত মৃত্য়ুবৰণ কৰে ৷

Covid 19 ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বৰ্তমান সমগ্ৰ মানৱ জাতিয়ে চাবোন আৰু চেনিটাইজাৰৰ ব্যাপক ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে ৷ পূৰ্বে হাংগেৰীৰ বৈজ্ঞানিক তথা চিকিৎসক ড৹ ইগ্নাজ ফিলিপে ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সঠিক ৰূপত হাত ধোৱাৰ পৰামৰ্শ আগবঢ়াইছিল ৷ ফিলিপে ভিয়েনাৰ অসামৰিক চিকিৎসালয়ত কাম কৰিছিল ৷ চিকিৎসালয়খনত প্ৰসূতি বিভাগৰ দুটা পৃথক ৱাৰ্ড আছিল ৷ এটা ৱাৰ্ডত পুৰুষ চিকিৎসক আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰসকলে সেৱা আগবঢ়োৱাৰ বিপৰীতে আনটো ৱাৰ্ডত ধাত্ৰীসকলে সেৱা আগবঢ়াইছিল ৷ প্ৰসৱৰ সময়ত অধিকাংশ প্ৰসূতিৰ মৃত্যু ঘটিছিল ৷ ফিলিপে বহু নিৰীক্ষণৰ অন্তত ধাত্ৰীসকল কাম কৰা ৱাৰ্ডত মৃত্যুৰ হাৰ কম হোৱাৰ বিষয়ে জানিব পাৰে ৷ ইয়াৰ মূলতে আছিল চিকিৎসক আৰু ছাত্ৰসকলে কাম কৰা ৱাৰ্ডত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা আছিল ৷ ফলত উক্ত ৱাৰ্ডত বীজাণুৰ সংক্ৰমণ অধিক হৈছিল ৷ কিন্তু অন্যটো ৱাৰ্ডত এনেকুৱা কোনো ব্যৱস্থা নাছিল ৷ ফিলিপে চিকিৎসকসকলৰ ক্ষেত্ৰত হাত ধোৱা নীতিৰ প্ৰৱৰ্তন কৰে ৷ ফলত সুৰক্ষাৰ স্বাৰ্থত চিকিৎসকসকলৰ মাজত ক্ৰমাৎ চেনিটাইজাৰৰ ব্যৱহাৰ বৃদ্ধি পাবলৈ ধৰে ৷

লগতে চাওকঃ 3 মে' পৰ্যন্ত বন্ধ থাকিব যাত্ৰীবাহী ৰে'লৰ চলাচল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.