ETV Bharat / bharat

ৰোগী সকলক ৰক্তৰ যোগান ধৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্রীৰ ডিজিটেল এপছ মুকলি

author img

By

Published : Jun 25, 2020, 9:20 PM IST

বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্রী হৰ্ষ বৰ্ধনে কোভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে এটা মোবাইল এপছ মুকলি কৰে । যিটো এপছৰ জৰিয়তে ৰোগী সকলক বিশুদ্ধ ৰক্ত যোগান ধৰা হ'ব বুলি জানিব দিয়ে । ডিজিটেল ইণ্ডিয়াৰ অধীনত Centre for Development of Advanced Computing (CDAC) ৰ দ্ধাৰা এটা ৰক্তকোষ গঠন কৰি ইয়াৰ বিকাশ ঘটোৱা হৈছে । লগতে ভাৰতীয় ৰেড ক্ৰছ ছচাইটিৰ ৰক্ত সেৱা সমূহো ইয়াৰ অধীনত নিয়ন্ত্ৰণ কৰা হ'ব ।

harsh-vardhan-launches-eblood-services-mobile-app-amid-covid-19-crisis
harsh-vardhan-launches-eblood-services-mobile-app-amid-covid-19-crisis

নিউজ ডেস্ক, ২৫ জুন : বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্রী হৰ্ষ বৰ্ধনে কোভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে এটা মোবাইল এপছ মুকলি কৰে । যিটো এপছৰ জৰিয়তে ৰোগী সকলক বিশুদ্ধ ৰক্ত যোগান ধৰা হ'ব বুলি জানিব দিয়ে ।

জানিব পৰা অনুসৰি, ডিজিটেল ইণ্ডিয়াৰ অধীনত Centre for Development of Advanced Computing (CDAC) ৰ দ্ধাৰা এটা ৰক্তকোষ গঠন কৰি ইয়াৰ বিকাশ ঘটোৱা হৈছে । লগতে ভাৰতীয় ৰেড ক্ৰছ ছচাইটিৰ ৰক্ত সেৱা সমূহো ইয়াৰ অধীনত নিয়ন্ত্ৰণ কৰা হ'ব ।

harsh-vardhan-launches-eblood-services-mobile-app-amid-covid-19-crisis
ৰোগী সকলক ৰক্তৰ যোগান ধৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্রীৰ ডিজিটেল এপছ মুকলি

মন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি, বিগত বহু দিনৰ পৰা ৰোগী সকলে ৰক্তৰ অভাৱত ভুগি থকাৰ খবৰ আহিছিল । যাৰবাবে এই এপছটো মুকলি কৰা হৈছে । যাৰ অধীনত ৰোগী সকলক বিশুদ্ধ ৰক্ত যোগান ধৰা হ'ব । লগতে তেওঁ কয় যে, মহামাৰী চলি থকাৰ সময়ত এই সেৱাই ৰোগী সকলক সহায় কৰিব বুলি উল্লেখ কৰে । এই এপছত ৰোগী সকলে ৰক্তৰ বাবে আবেদন জনাব পাৰিব আৰু লগে-লগে স্বাস্থ্যমন্ত্রী মন্ত্ৰালয়ে তাৰ বাবে ব্যৱস্থা গহণ কৰিব পাৰিব । লগতে এই এপছৰ জৰিয়তে ৰক্তদান কৰিব পাৰিব । ৬৫ বছৰৰ তলৰ সকলো লোকেই বছৰত চাৰি বাৰকৈ ৰক্তদান কৰিব পাৰিব । মন্ত্ৰী গৰাকীয়ে আকৌ জনাই যে, নিয়মিত ৰক্তদানে বহুবোৰ বেমাৰৰ পৰা মুক্তি দিয়াৰ লগতে আৰোগ্য হৈ থাকিব পাৰে ।

উক্ত এপছটি মুকলি কৰাৰ পিচতে মন্ত্ৰী গৰাকীয়ে ইণ্ডিয়ান ৰেড ক্ৰছ ছচাইটিৰ অধ্যক্ষৰ সৈতে এক বৈঠকত মিলিত হয় । উক্ত বৈঠকত কোভিড-১৯ ৰ সময়ত এই সেৱাটো মুকলি কৰাৰ ফলত সকলোৰে সহায় হ'ব বুলি উল্লেখ কৰে ।

উল্লেখযোগ্য যে, লক্ ডাউনৰ সময়ছোৱাত সমগ্ৰ দেশত ২ হাজাৰ ৰক্তদান শিবিৰৰ জৰিয়তে ১ লাখ ইউনিট ৰক্ত যোগাৰ কৰিবলৈ সক্ষম হৈছিল । লগতে বৰ্তমানে আকৌ ৩৮ হাজাৰ ৰক্তদাতাৰ লগত যোগাযোগ কৰা হৈছে ।

লগতে পঢ়ক : উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল : ছাত্ৰক চেৰ পেলাই ছাত্ৰীৰ জয়যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.