ETV Bharat / bharat

ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু আমিৰ উদ্দৌলা ঝাঁদেৱালা উদ্যানৰ ইতিহাস

author img

By

Published : Sep 4, 2019, 1:13 PM IST

বাপু

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত আমিৰউদ্দৌলা ঝাঁদেৱালা উদ্যানৰ এক নিজস্ব তাৎপৰ্য আছে ৷ আমিনাবাদত অৱস্থিত ঝাঁদেৱালা উদ্যানখন ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম সাক্ষী ৷ 1928 চনত ইয়াতেই প্ৰথমবাৰৰ বাবে ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰা হৈছিল ৷

নিউজ ডেস্ক, 4 চেপ্তেম্বৰঃ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত আমিৰউদ্দৌলা ঝাঁদেৱালা উদ্যানৰ এক নিজস্ব তাৎপৰ্য আছে ৷ আমিনাবাদত অৱস্থিত ঝাঁদেৱালা উদ্যানখন ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম সাক্ষী ৷ 1928 চনত ইয়াতেই প্ৰথমবাৰৰ বাবে ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰা হৈছিল ৷ পণ্ডিত মতিলাল নেহৰু আৰু গোবিন্দ বল্লভ পন্তে এই উদ্যানত স্বাধীনতা আন্দোলনৰ সেনানীসকলক উদ্দেশ্যে বক্তব্য প্ৰদান কৰিছিল ৷ 1934 চনত জাতিৰ পিতা মহাত্মা গান্ধীয়ে এই উদ্যান পৰিদৰ্শন কৰি ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিছিল ৷ ইয়াৰ লগতে তেখেতে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বাবে জনগণক একগোট কৰিছিল ৷ 1935 চনত কংগ্ৰেছৰ শতবৰ্ষ উদযাপনৰ বাবে দ্বিতীয় বাৰ উদ্যান ভ্ৰমণ কৰিছিল গান্ধীজীয়ে ৷ ইয়াৰ ঠিক কাষতেই আছে গংগা প্ৰসাদ স্মাৰক ভৱন ৷ স্বাধীনতা আন্দোলনলৈও এই ভৱনটিৰ যঠেষ্ট অৱদান আছে ৷ বুৰঞ্জীবিদ সকলে কয় যে, আমিনাবাদৰ জননা উদ্যানেই একমাত্ৰ একচেটিয়া পাৰ্ক ৷ গান্ধীৰ দ্বাৰা অনুপ্ৰাণিত হৈয়েই গংগা প্ৰসাদ বাৰ্মাই 15 হাজাৰ টকাৰে 3 বিঘা ভূমি ক্ৰয় কৰে ৷ গান্ধীজীয়ে বহুবাৰ লক্ষ্নৌ ভ্ৰমণ কৰিছিল ৷ সেই ভ্ৰমণ কালত যেতিয়াই থাকিব লগীয়া হয়, গান্ধীজীয়ে সদায় ফিৰিংগি মহলত থাকিবলৈ বিচাৰিছিল ৷ ইয়াতেই, গান্ধীজীয়ে খিলাফত আন্দোলনৰ পৰা মৌলানাক সংহত কৰিছিল ৷ পৰৱৰ্তী সময়ত মৌলানা গান্ধীজীৰ সৈতে যুক্ত হয় ৷ বুৰঞ্জীবিদ সকলৰ মতে গান্ধীজীৰ মৃত্যুৰ খবৰ পাই মৌলানাই খালী ভৰিৰে গান্ধীজীক দৰ্শন কৰিবলৈ গৈছিল ৷ বৰ্তমান সময়ত 'বন্দে মাতৰম' ধ্বনি দিয়াৰ বিৰুদ্ধে বিভিন্ন বিধি নিষেধ আছে ৷ কিন্তু কোৱা হয় যে, ফিৰিংগি মহলত সমবেত হোৱাৰ সময়তো লোক সকলে প্ৰথমে বন্দে মাতৰম ধ্বনি দি তাৰ পাচতহে আল্লাহু আকবৰ ধ্বনি দিছিল ৷

ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু আমিৰ উদ্দৌলা ঝাঁদেৱালা উদ্যানৰ ইতিহাস
Intro:Body:

bapu, 


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.