ETV Bharat / bharat

গান্ধীৰ উত্তৰসূৰীঃ আন্ধাৰৰ মাজতো পোহৰ

author img

By

Published : Sep 10, 2019, 3:30 PM IST

Updated : Sep 10, 2019, 4:04 PM IST

‘মোক যেতিয়া জাতীয় একতাই আবিষ্ট কৰিছিল, তেতিয়া মোৰ বয়স কেৱল বাৰ বছৰ আছিল’- মোহন দাস কৰমচাঁদ গান্ধীয়ে কৈছিল যাৰ ডেকা বয়সৰ সপোনেই আছিল হিন্দু, মুছলিম আৰু পাৰ্চীসকলৰ মাজত বন্ধুত্ব স্থাপন৷ এইয়া কোনো সাধাৰণ সংযোগ নাছিল যে চাৰি বছৰ পিছত মুম্বাইত 1886 চনৰ ডিচেম্বৰ মাহত ইংৰাজে গঠন কৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদত এজন হিন্দুলোকক অধিষ্ঠিত কৰা হৈছিল৷ পৰৱৰ্তী সময়ত 1886 চনত কলিকতাত এজন পাৰ্চী, 1887 চনত মাদ্ৰাছত এজন মুছলমান আৰু 1888 চনত এলাহাবাদত এজন ইংৰাজক এই পদত অধিষ্ঠিত কৰা হৈছিল৷ পৰৱৰ্তী সময়ছোৱাত এই ৰীতিৰ ধাৰাবাহিকতা, সংস্কৃতিৰ বহুত্ববাদ আৰু একাকীকৰণ হিচাপে চিহ্নিত কৰা হৈছিল৷ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা এলেন অক্টেভিয়ান হিউমে ভাৰতৰ যুৱকসকলক পৰামৰ্শ দিয়ে যে, ‘আত্মত্যাগ আৰু নিঃস্বাৰ্থ স্বাধীনতাই সুখৰ একমাত্ৰ পথ প্ৰদৰ্শক’ আৰু এই চিৰন্তন সত্যক লৈয়ে সকলোৱে আগবাঢ়িব লাগে৷

গান্ধীৰ উত্তৰসূৰীঃ আন্ধাৰৰ মাজতো পোহৰ

গান্ধীৰ উত্তৰসূৰীঃ আন্ধাৰৰ মাজতো পোহৰ
অধ্যাপক এ প্ৰসন্ন কুমাৰ

‘মোক যেতিয়া জাতীয় একতাই আবিষ্ট কৰিছিল, তেতিয়া মোৰ বয়স কেৱল বাৰ বছৰ আছিল’- মোহন দাস কৰমচাঁদ গান্ধীয়ে কৈছিল যাৰ ডেকা বয়সৰ সপোনেই আছিল হিন্দু, মুছলিম আৰু পাৰ্চীসকলৰ মাজত বন্ধুত্ব স্থাপন৷ এইয়া কোনো সাধাৰণ সংযোগ নাছিল যে চাৰি বছৰৰ পিছত মুম্বাইত 1886 চনৰ ডিচেম্বৰ মাহত ইংৰাজে গঠন কৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদত এজন হিন্দুলোকক অধিষ্ঠিত কৰা হৈছিল৷ পৰৱৰ্তী সময়ত 1886 চনত কলকাতাত এজন পাৰ্চী, 1887 চনত মাদ্ৰাছত এজন মুছলিম আৰু 1888 চনত এলাহাবাদত এজন ইংৰাজক এই পদত অধিষ্ঠিত কৰা হৈছিল৷ পৰৱৰ্তী সময়ছোৱাত এই ৰীতিৰ ধাৰাবাহিকতা, সংস্কৃতিৰ বহুত্ববাদ আৰু একাকীকৰণ হিচাপে চিহ্নিত কৰা হৈছিল৷ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা এলেন অক্টেভিয়ান হিউমে ভাৰতৰ যুৱকসকলক পৰামৰ্শ দিয়ে যে, ‘আত্মত্যাগ আৰু নিঃস্বাৰ্থ স্বাধীনতাই সুখৰ একমাত্ৰ পথ প্ৰদৰ্শক’ আৰু এই চিৰন্তন সত্যক লৈয়ে সকলোৱে আগবাঢ়িব লাগে৷

gandhi-article
গান্ধীৰ উত্তৰসূৰীঃ আন্ধাৰৰ মাজতো পোহৰ

মোহনদাস, পোৰবন্দৰৰ সেই সৰু ল’ৰাজন যিয়ে ৰাজতোটৰ বিদ্যালয়তে সাংস্কৃতিক বহুবচন আৰু মানৱ চেতনাৰ দৰে মূল্যবোধৰ সঞ্চাৰ কৰিছিল, সেইজনেই ইংলেণ্ডত বেৰিষ্টাৰ পঢ়িবলৈ যোৱাৰ সময়ত স্বচ্ছতা আৰু নিয়মানুৱৰ্তিতা পালন কৰিব বুলি মাকৰ আগত প্ৰতিশ্ৰুতিবদ্ধ হৈছিল৷ গান্ধীজীয়ে জীৱনৰ আৰম্ভণি সময়ছোৱাতে দুটা দশকতকৈও অধিক সময় কটোৱা দক্ষিণ আফ্ৰিকাত অপমান আৰু শাৰিৰীক অত্যাচাৰৰ ধাৰাক ভাঙি, মোহনদাসক বৰ্ণবাদী কৰ্তৃপক্ষৰ বিৰুদ্ধে অহিংসা আন্দোলনৰ ডাউন ট্ৰ’ডেন আৰু চেম্পিয়ন হিচাপে ধৰ্মযুদ্ধলৈ পৰিৱৰ্তন কৰে৷ 1906 চনটো তেখেতৰ জীৱন তথা আধুনিক পৃথিৱীখনৰ বাবে এক পৰিৱৰ্তনৰ সময় আছিল৷ সত্যাগ্ৰহৰ আৰম্ভণি দক্ষিণ আফ্ৰিকাতেই হৈছিল৷ ইয়াৰ শক্তি ইমানেই আছিল যে ৰামচন্দ্ৰ গুহই এখন কান্নাড়া সাপ্তাহিকত উদ্ধৃতি দি কৈছিল- "তৰোৱাল বা বন্দুকৰ ব্যৱহাৰৰ দ্বাৰা নহয়, বৈষম্যৰ পৰাজয়ৰে নিজস্ব পৰিণতি তৈয়াৰ কৰি তেখেতে সমান্তৰালবিহীনভাৱে বীৰত্ব প্ৰদৰ্শন কৰিছিল৷"

gandhi-article
গান্ধীৰ উত্তৰসূৰীঃ আন্ধাৰৰ মাজতো পোহৰ

গান্ধীজীয়ে যেতিয়া নিজৰ মাতৃভূমিলৈ উভতি আহিছিল সেই সময়ত ভাৰতবৰ্ষ বিশৃংখল অৱস্থাত আছিল৷ লাখ লাখ ভাৰতীয়ক বিদেশী শাসন আৰু শোষণৰ পৰা মুক্ত কৰাটোৱেই তেখেতৰ লক্ষ্য আছিল৷ ইংলেণ্ডৰ কোট পৰিহিত বেৰিষ্টাৰ যিয়ে সদায় দক্ষিণ আফ্ৰিকাৰ বাবে এক আদৰ্শৰ প্ৰতীক আছিল তেখেতক ভাৰতবৰ্ষক বীৰৰ দৰে স্বাগত কৰা হৈছিল৷ তেখেতে সত্যাগ্ৰহ, অহিংসা আৰু প্ৰেমৰ অস্ত্ৰৰ পদক্ষেপ লৈছিল৷

gandhi-article
গান্ধীৰ উত্তৰসূৰীঃ আন্ধাৰৰ মাজতো পোহৰ

গান্ধীজীয়ে সদায় প্ৰেম, কৰুণা আৰু ক্ষমাৰ শক্তিক প্ৰদৰ্শন কৰিছিল৷ নিজৰ খঙৰ বাবে পিতাকৰ বিৰোধ কৰা পুত্ৰক তেখেতে কৈছিল ‘নিজৰ দেউতাক ক্ষমা কৰি দিয়া, যদি আপুনি ভাৱে যে তেখেতে আপোনাৰ ভুল কৰিছে’৷ তেখেতে নিজৰ সাধু ভাৱেৰে নিজৰ কঠোৰতম সমালোচক সকলকো মৌন কৰি তুলিছিল৷ তেখেতৰ তুলনা বুদ্ধ আৰু খ্ৰীষ্টৰ লগত কৰা হৈছিল৷ এইটো কোনো আশ্চৰ্যৰ বিষয় নহয় যে, ইংলেণ্ডৰ কিছুসংখ্যক খ্ৰীষ্টান মিছনেৰীয়ে ভাৰত ভ্ৰমণৰ সময়ত খ্ৰীষ্টক সেৱাগ্ৰামতে সাক্ষাৎ পোৱা বুলি কৈছিল৷

gandhi-article
গান্ধীৰ উত্তৰসূৰীঃ আন্ধাৰৰ মাজতো পোহৰ

ক্ষমতাৰ লালসা, সম্পত্তিৰ অবিৰাম লোভ, দুৰ্নীতি, তথা ক্ৰমবৰ্ধমান দৰিদ্ৰতাই আজিৰ বিশ্বৰ মানৱতন্ত্ৰক প্ৰচুৰ ক্ষতি কৰিছে৷ উত্তৰটো গান্ধীজীয়ে দিয়া উত্তৰাধিকাৰৰ মাজতেই লুকাই আছে, যি আছিল অন্ধকাৰৰ মাজতে এক ক্ষুদ্ৰ পোহৰ৷ কিংজলে মাৰ্টিনে যি কৈ গৈছিল "গান্ধীজীৰ জীৱন আৰু মৃত্যু এই বিশ্বাস সাক্ষী হৈ থাকিব যে মানুহে প্ৰেমৰ দ্বাৰা দুদৰ্শা, নিষ্ঠুৰতা আৰু অহিংসাক ধ্বংস কৰিব পাৰে"| এই মূল্যবোধে প্ৰতিবছৰে আমাৰ বিশ্বাসক দৃঢ় কৰিব বুলি ভৱিষ্যতলৈও আশা থাকিল৷

Intro:Body:

gan


Conclusion:
Last Updated : Sep 10, 2019, 4:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.