ETV Bharat / bharat

দিল্লীৰ প্ৰদূষণ: বৈদেশিক মন্ত্ৰালয়ৰ সৈতে আলোচনাত মিলিত হ'ব বৈদেশিক কুটনীতিবিদ

author img

By

Published : Nov 6, 2019, 6:00 PM IST

ই টিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎত দিল্লীত ফ্ৰান্সৰ দূতাবাসৰ মুখপাত্ৰ ৰেমী টিৰোট্টওভাৰায়েনে কয় যে - " ফ্ৰান্সৰ দূতাবাসে 2016 চনৰ পৰা নিজৰ চৌহদ বায়ু পৰিশোধকৰ সৈতে সজ্জিত হোৱাটো নিশ্চিত কৰি আহিছে ৷ ইয়াৰ দ্বাৰা এইক্ষেত্ৰত ভাৰত আৰু ফ্ৰান্সৰ সম্পৰ্কটো সঠিক বুলি উমান পাব পাৰি ৷ আমাৰ দেশৰ পৰিবেশ মন্ত্ৰীয়ে আন্তৰ্জাতিক সৌৰ জোঁটৰ সাধাৰণ সভাৰ বাবে দিল্লীলৈ আহিছিল ৷ তেওঁ মন্ত্ৰী জাভেদকাৰৰ সৈতে সাক্ষাৎ কৰি পৰিৱেশ আৰু জলবায়ু পৰিবৰ্তন প্ৰশমনৰ বাবে সহযোগিতা বৃদ্ধি কৰাৰ কথা আলোচনা কৰে ৷"

দিল্লীৰ প্ৰদূষণ: বৈদেশিক মন্ত্ৰালয়ৰ সৈতে আলোচনাত মিলিত হ'ব বৈদেশিক কুটনীতিবিদ

ভাৰতৰ ৰাজধানী দিল্লীত ভালেকেইদিনমানৰ অন্ধকাৰে ছানি ধৰা ধোঁৱাময় আকাশৰ পাচত ৰ'দৰ ফৰকাল বতৰ নামিছে ৷ ভয়াৱহ বায়ু প্ৰদূষণৰ বাবে বাধ্যতামূলক বিৰতি লোৱা দিল্লীৰ বিদ্যালয়সমূহো মুকলি কৰা হৈছে ৷ কিন্তু দিল্লীৰ বৈদেশিক কুটনীতিবিদসকলে বছৰে বছৰে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হোৱাটোক লৈ সচেতনতা প্ৰকাশ কৰিছে ৷ যোৱা কেইবাসপ্তাহ ধৰি দিল্লীৰ প্ৰদূষণৰ মাত্ৰা ভয়ংকৰভাৱে অসহনীয় হৈ পৰিছিল ৷ কুটনৈতিক কৰ্পছৰ ডীনজন সম্প্ৰতি ভ্ৰমণত আছে ৷ তেওঁ এই সপ্তাহতে দিল্লীলৈ উভতি আহি বৈদেশিক মন্ত্ৰালয়ৰে সৈতে পৰিবেশৰ সমস্যা সমাধানৰ বাবে কিছু ধাৰণা ব্যক্ত কৰিব বুলি আশা কৰা হৈছে ৷ " মই কওঁ যে দিল্লীৰ আন বাসিন্দাসকলৰ দৰেই কুটনীতিবিদসকলেও একেই উশাহ লয়,গতিকে আন সকলোৰ দৰেই আমি এই বিষয়ে সচেতন ৷ আমি বৈদেশিক মন্ত্ৰালয়ৰ সৈতে এই পৰিবেশৰ উন্নয়ন কৰাৰ সন্দৰ্ভত আলোচনা কৰিম ৷ কাৰণ ই দিল্লীৰ বাসিন্দাসকলকেই প্ৰভাৱান্বিত কৰা নাই, দিল্লীলৈ ব্যৱসায় তথা ভ্ৰমণৰ বাবে অহা আমাৰ দেশৰ আন লোকসকলৰো ক্ষতি কৰিছে " - ডীন ফ্ৰেংক এইচডি কাষ্টলানোচে ইটিভি ভাৰতৰ আগত এইদৰে মন্তব্য কৰিছে ৷

Foreign Diplomats To Discuss Pollution Woes With MEA
দিল্লীৰ প্ৰদূষণ ৰোধৰ প্ৰতিবাদ

কুটনৈতিকভাৱে বিব্ৰত অৱস্থাত 2017 চনত ৰাষ্ট্ৰদূত কাষ্টলানোচে দিল্লীৰ বায়ু নাটনিৰ প্ৰতিবাদ কৰি বৈদেশিক মন্ত্ৰালয়ৰ আগত এক আনুষ্ঠানিক প্ৰতিবেদন দাঙি ধৰে ৷
এই পৰিবেশে কুটনৈতিক কৰ্পছৰ দৈনন্দিন কাম-কাজকো প্ৰভাৱান্বিত কৰিছিল ৷ ভালেমান দূতাৱাস আৰু উচ্চায়ুক্তই কৰ্মচাৰী আৰু পৰিয়ালৰ লোকসকলৰ বৰ্দ্ধিত শ্বাসজনিত সমস্যা আৰু শাৰীৰিক সমস্যাৰ কথা জনাইছিল ৷ ASEANৰ সদস্য ৰাষ্ট্ৰৰ দুজন কুটনীতিবিদে দিল্লীত নিজৰ নিযুক্তি বাতিল কৰিবলগীয়া হৈছিল,আন কিছুমানে বৰ্ষ শেষৰ ছুটী আগতীয়াকৈ ল'বলগীয়া হৈছিল ৷ থাইলেণ্ডৰ দূতাবাসে 2017 চনত দিল্লীক কষ্টকৰ নিযুক্তি বুলি ঘোষণা কৰাৰ সম্ভাৱনীয়তা বিচাৰি বৈদেশিক মন্ত্ৰালয়ক আবেদন জনাইছিল ৷ কোষ্টাৰিকাৰ দূত মাৰিয়েলা ক্ৰুজ আলভাৰেজে শ্বাসজনিত সমস্যাৰ বাবে চিকিৎসাধীন হ'বলগীয়া হৈছিল ৷ তেতিয়াৰ পৰাই দিল্লীৰ বৈদেশিক মিছনে কুটনীতিবিদ আৰু কৰ্মচাৰীসকলৰ বাবে আভ্যন্তৰীণ প্ৰতিৰোধ অৱলম্বন কৰিছে ৷

Foreign Diplomats To Discuss Pollution Woes With MEA
দিল্লীৰ প্ৰদূষণ ৰোধৰ প্ৰতিবাদ ছাত্ৰ ছাত্ৰীৰ

ই টিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎত দিল্লীত ফ্ৰান্সৰ দূতাবাসৰ মুখপাত্ৰ ৰেমী টিৰোট্টওভাৰায়েনে কয় যে - " ফ্ৰান্সৰ দূতাবাসে 2016 চনৰ পৰা নিজৰ চৌহদ বায়ু পৰিশোধকৰ সৈতে সজ্জিত হোৱাটো নিশ্চিত কৰি আহিছে ৷ ইয়াৰ দ্বাৰা এইক্ষেত্ৰত ভাৰত আৰু ফ্ৰান্সৰ সম্পৰ্কটো সঠিক বুলি উমান পাব পাৰি ৷ আমাৰ দেশৰ পৰিবেশ মন্ত্ৰীয়ে আন্তৰ্জাতিক সৌৰ জোঁটৰ সাধাৰণ সভাৰ বাবে দিল্লীলৈ আহিছিল ৷ তেওঁ মন্ত্ৰী জাভেদকাৰৰ সৈতে সাক্ষাৎ কৰি পৰিৱেশ আৰু জলবায়ু পৰিবৰ্তন প্ৰশমনৰ বাবে সহযোগিতা বৃদ্ধি কৰাৰ কথা আলোচনা কৰে ৷"

Foreign Diplomats To Discuss Pollution Woes With MEA
দিল্লীৰ প্ৰদূষণ ৰোধৰ প্ৰতিবাদ

যোৱাকেইটামান বছৰৰ দৰেই চীনৰ দূতাবাসে বায়ু প্ৰদূষণৰ বাবে নিজৰ কৰ্মচাৰীসকলৰ বাবে মুখাৰ ব্যৱস্থা কৰে ৷ দূতাবাসৰ প্ৰাংগনৰ সকলো এপাৰ্টমেন্টতে দুটাকৈ বায়ু পৰিশোধনকাৰী যন্ত্ৰও স্থাপন কৰে ৷ সংবাদ মাধ্যমৰ সৈতে ভাৱ বিনিময় কৰি জাৰ্মান ৰাষ্ট্ৰদূত ৱাল্টাৰ লিণ্ডাৰে কয় যে জীৱন নিৰ্বাহৰ বাবে ৰাজপথত থকা ৰিস্কাৱালা আদি সকলোৱে বায়ু পৰিশোধনকাৰী যন্ত্ৰৰ যোগাৰ কৰিব নোৱাৰে ৷ দিল্লী চৰকাৰৰ "যুগ্ম-অযুগ্ম" আঁচনিক সমৰ্থন কৰি আন দেশৰ দূত হোৱা স্বত্বেও নিজে ইয়াক পালন কৰিব বুলিও তেওঁ জনায় ৷ প্ৰচেষ্টা আৰু ভুল পদ্ধতি অৱলম্বনেৰে বায়ুৰ গুণাগুণৰ উন্নতি কৰাৰ কথা তেওঁ জনায় ৷ আন বহুতো কুটনীতিবিদ আৰু ৰাষ্ট্ৰদূতৰ দৰে লিণ্ডাৰে দিল্লীৰ বতৰৰ বাবেই ভালেমান সভা আৰু সাক্ষাৎ বাতিল বা সালসলনি কৰিবলৈ বাধ্য হৈছিল ৷

Foreign Diplomats To Discuss Pollution Woes With MEA
দিল্লীৰ প্ৰদূষণ ৰোধৰ প্ৰতিবাদ


টিউনিছিয়াৰ ৰাষ্ট্ৰদূত নাজমেদ্দিন লেখাকে সাংবাদিকৰ আগত কয় যে - " দিল্লীৰ পৰিবেশে প্ৰথমতেই সবাতোকৈ মূল্যৱান আমাৰ স্বাস্থ্যৰ ক্ষতিসাধন কৰে৷ মই গোটেই শনিবাৰে ঘৰৰ ভিতৰত আবদ্ধ হৈ আছিলোঁ ৷ দেওবাৰে দুঘন্টাৰ বাবেহে সহকৰ্মীসকলক সাক্ষাৎ কৰোঁ ৷ ই আমাৰ কামকো প্ৰভাৱিত কৰি আছে " ৷ ৰাষ্ট্ৰদূতগৰাকীয়ে এইদৰেও কয় যে - " দিল্লীত গাড়ীত গৈ থকা সময়ত বা অফিচত থকা সময়ত প্ৰদূষণৰ বাবে খিৰিকী খুলিব নোৱাৰা অৱস্থাৰ সৃষ্টি কৰে ৷ শিশু আৰু বয়সস্থ ব্যক্তিসকলৰ বাবে মোৰ সঁচাকৈয়ে বহুত দুখ লাগে " ৷

Foreign Diplomats To Discuss Pollution Woes With MEA
দিল্লীৰ প্ৰদূষণ ৰোধৰ প্ৰতিবাদ

স্মিতা শৰ্মা

নাগৰিকেও বায়ু প্ৰদূষণৰ জৰুৰী অৱস্থাৰ প্ৰতিবাদ কৰে৷

Intro:Body:

Foreign delegates to discuss air pollution


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.