ETV Bharat / bharat

দিল্লীত মৃত্যুদূত ৰূপত বায়ু প্ৰদূষণ

author img

By

Published : Nov 6, 2019, 5:51 PM IST

যদি এক টন শস্যৰ অৱশিষ্ট জ্বলাই দিয়া হয় তেন্তে 60 কিঃগ্ৰাঃ পৰিমাণৰ কাৰ্বন মন'ক্সাইড, 100 কিঃগ্ৰাঃ গ্ৰীণ হাউচ গেছ আৰু তিনি কিঃগ্ৰাঃ চালফাৰ -ডাই -অক্সাইড নিৰ্গত হয় ৷ উল্লেখ্য যে, প্ৰতিবছৰে কেৱল হাৰিয়ানা, পঞ্জাৱ আৰু উত্তৰ-প্ৰদেশে 5 কোটি টন শস্যৰ অৱশিষ্ট জ্বলাই দিয়ে ৷

দিল্লীত মৃত্যুদূত ৰূপত বায়ু প্ৰদূষণ

নিউজ ডেস্ক, 6 নৱেম্বৰঃ ৰাজধানী চহৰ দিল্লীৰ আৱাসী সকলে তীব্ৰ বায়ু প্ৰদূষণৰ কৱলত পৰিছে ৷ প্ৰতিবছৰে দীপান্বিতাৰ পাচত দিল্লীৰ পৰিৱেশ এনেদৰে অপ্ৰীতিকৰ হৈ পৰে ৷ চলিত বৰ্ষতো বায়ু প্ৰদূষণ মাত্ৰাধিক ৰূপত দেখা দিছে ৷ যোৱা আগষ্ট আৰু ছেপ্তেম্বৰ মাহত ৰাজধানীখনত হৈ থকা বৰষুণৰ বাবে জলবায়ু যথেষ্ট উন্নত হোৱা দেখা গৈছিল ৷ সমগ্ৰ উত্তৰ ভাৰতত দীপান্বিতাত জ্বলোৱা ফটকা আদিৰ বাবে অঞ্চলটো ধোৱাচন্ন হৈ পৰে আৰু চুবুৰীয়া ৰাজ্যসমূহত খেতিপথাৰৰ অৱশিষ্ট জ্বলাই দিয়াৰ ফলত সামগ্ৰিকভাৱে দিল্লীৰ আকাশ-বতাহ ধোৱাই আগুৰি ধৰে ৷ দিল্লীত এই ভয়াৱহৰূপ ধৰা ধোৱাময় পৰিৱেশৰ বাবে দিল্লী প্ৰদেশৰ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰে ৰাজহুৱা স্বাস্থ্য জনিত আপাতকালীন স্থিতি ঘোষণা কৰিবলৈ বাধ্য হয় ৷ নৱেম্বৰৰ পাঁচ তাৰিখলৈকে দিল্লী চৰকাৰে স্থানীয় বিদ্যলয়সমূহ বন্ধ ঘোষণা কৰাৰ লগতে সকলো ধৰণৰ নিৰ্মাণ কাৰ্য নিষিদ্ধ কৰে ৷ দিল্লী চৰকাৰে শেহতীয়াভাৱে যুগ্ম-অযুগ্ম বাহন চলাচল কৰোৱা নীতিয়ে পৰিস্থিতিৰ গভীৰতা ইতিমধ্যে প্ৰকাশ কৰিছে ৷ শাসকীয় চৰকাৰখনৰ মন্ত্ৰীসকলে শস্য পথাৰৰ অৱশিষ্ট জ্বলাই দিয়া বিষয়টোত বৰষুণে প্ৰদূষণ ৰোধ কৰিব বুলি যুক্তি দৰ্শাইছে যদিও বায়ুৰ গুণমান নিৰ্দেশক সূচীয়ে ইয়াৰ বিপৰীত স্থিতি দৰ্শাইছে ৷ লক্ষণীয় যে, যদি বায়ুৰ গুণমান সূচী অনুসৰি ইয়াৰ স্থিতি 400-500 ৰ ভিতৰত থাকে তেনেহ'লে বায়ু প্ৰদূষণ সংকাজনক বুলি বিবেচিত কৰা হয় ৷ কিন্তু শেহতীয়া তথ্য অনুসৰি ৰাজধানী দিল্লীৰ বিভিন্ন অঞ্চলৰ বায়ুৰ মান 500 ৰো অধিক বুলি নিৰ্ধাৰিত সূচীয়ে প্ৰকাশ কৰিছে ৷ এই ঘটনাৰ ফলত বিভিন্ন বিমান সেৱা বাতিল কৰা হৈছে ৷ ৰাজধানী দিল্লীৰ চুবুৰীয়া অঞ্চল যেনে, গুৰুগ্ৰাম, নয়ডা, ফৰিদাবাদ,গাজিয়াবাদ আদি অঞ্চলৰ আৱাসী সকলে মুখা অবিহনে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাটো কষ্ট সাধ্যকৰ হিচাপে দেখা দিছে ৷ ইপিনে, তেলেংগানা, মহাৰাষ্ট্ৰ,মধ্যপ্ৰদেশ, চট্টিশগড়, আৰু ওড়িশা, আদি ৰাজ্যতো বায়ু প্ৰদূষণে দেখা দিছে ৷

ৰাষ্ট্ৰীয় সেউজ ন্যায়ধীকৰণ চমুকৈ এন জি টিয়ে চাৰি বছৰ পূৰ্বে শস্যৰ অৱশিষ্ট জ্বলাই দিয়া কাৰ্য নিষিদ্ধ কৰিছিল ৷ হাৰিয়ানা, পঞ্জাৱ আদি চৰকাৰে এন জি টিৰ এই নিৰ্দেশনা কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কেন্দ্ৰীয় চৰকাৰেও এই নিৰ্দেশনা কাৰ্যকৰী কৰাৰ বাবে 11 শ কোটি টকা ধাৰ্য কৰিছিল যদিও স্থিতাৱস্থাৰ পৰিৱৰ্তন নহ'ল ৷ যদি এক টন শস্যৰ অৱশিষ্ট জ্বলাই দিয়া হয় তেন্তে 60 কিঃগ্ৰাঃ পৰিমাণৰ কাৰ্বন মন'ক্সাইড, 100 কিঃগ্ৰাঃ গ্ৰীণ হাউচ গেছ আৰু তিনি কিঃগ্ৰাঃ চালফাৰ -ডাই -অক্সাইড নিৰ্গত হয় ৷ উল্লেখ্য যে, প্ৰতিবছৰে কেৱল হাৰিয়ানা, পঞ্জাৱ আৰু উত্তৰ-প্ৰদেশে 5 কোটি টন শস্যৰ অৱশিষ্ট জ্বলাই দিয়ে ৷ ইয়াৰ ফলত কেৱল প্ৰদূষিত গেছে নহয় পৰিৱেশৰ বাবে প্ৰয়োজনীয় বেক্টৰিয়া সংবাহক কীট-পতংগ আদিও মৃত্যু মুখত পৰে ৷ এই অঞ্চলবোৰত জলবায়ুৰ পৰিমাণো যথেষ্ট হ্ৰাস পাইছে ৷ পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ কৰ্তৃপক্ষ চমুকৈ ই পি চিয়ে হাৰিয়ানা, পঞ্জাৱ আৰু দিল্লী চৰকাৰক কঠোৰ কাৰ্যব্যৱস্থা হাতত ল'বলৈ নিৰ্দেশ দিছে ৷ বিশেষজ্ঞ সকলে এই অঞ্চলসমূহত প্ৰচলিত কুঁহিয়াৰ আৰু ধান খেতিৰ সলনি জোৱাৰ আদিৰ দৰে খাদ্য শস্য ৰোপণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ৷

বায়ু প্ৰদূষণৰ এই ভয়াৱহতা কেৱল দিল্লী অথবা কিছুমান চহৰতে সীমাবদ্ধ হৈ থকা নাই ৷ শেহতীয়া সময়ছোৱাত ভাৰতবৰ্ষৰ দুই তৃতীয়াংশ চহৰেই বিষাক্ত গেছ চেম্বাৰত পৰিণত হৈছে ৷ বায়ুৰ গুণগত মানদণ্ডৰ সূচাংক অনুসৰি বিশ্বৰ 180 খন দেশৰ ভিতৰত ভাৰতে সৰ্বনিম্ন স্থানত অৱস্থান কৰিছে ৷ দেশখনত দৈনিক মৃত্যু হোৱা প্ৰতি আঠজন মানুহৰ ভিতৰত বায়ু প্ৰদূষণৰ বাবে এজনৰ মৃত্যু ঘটে ৷ চীনত বায়ু প্ৰদূষণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে ৷ সেই দেশখনে উদ্যেগিক প্ৰদূষণৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লৈছে ৷ ইপিনে, ভাৰতবৰ্ষত বায়ু প্ৰদূষণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 23 শতাংশ বৃদ্ধি পাইছে ৷ সৰ্বভাৰতীয় আৰ্য়ুবিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছ-এ ইতিমধ্যে বায়ু প্ৰদূষণৰ বাবে হৃদৰোগ আৰু হাঁও-ফাওৰ ৰোগ বৃদ্ধি পোৱা বুলি সতৰ্কতা জাৰি কৰিছিল ৷ চিকাগো বিশ্ববিদ্যালয়ে শেহতীয়া ভাৱে এক সমীক্ষাত প্ৰকাশ কৰিছে যে, বায়ু প্ৰদূষণে মানুহৰ জীৱনকাল সামগ্ৰিক গড়তকৈ সাত বছৰ হ্ৰাস কৰিছে ৷ ভয়াৱহতা ইমানে বৃদ্ধি পাইছে যে, দক্ষিণ ভাৰতৰ কুৰ্নুল আৰু ৱাৰেংগেল জিলাত নিকেল আৰু আৰ্চেনিকৰ পৰিমাণ অত্যাধিক পৰিমাণে বৃদ্ধি পাইছে ৷ ভাৰতবৰ্ষৰ 66 কোটি জন সাধাৰণক বায়ু প্ৰদূষণে প্ৰত্যক্ষ ভাৱে প্ৰভাৱিত কৰিছে ৷ অষ্ট্ৰেলিয়া, কানাডা আদি দেশে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত লক্ষণীয় উদাহৰণ দাঙি ধৰিছে ৷ ভাৰতেও এইক্ষেত্ৰত বিশেষ ব্যৱস্থা লোৱাটো সময়ৰ আহ্বান ৷ লগতে চৰকাৰ আৰু ইয়াৰ জনসাধাৰণে যদি সমূহীয়া ভাৱে আগবাঢ়ে তেনেহ'লে বতৰ পৰিৱৰ্তনৰ এই ভয়াৱহা ৰোধ কৰা যাব ৷

Intro:Body:

Delhi air pollution


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.