ETV Bharat / bharat

পোষ্টেল বেলটক লৈ নতুন নিৰ্দেশনা জাৰি নিৰ্বাচনী আয়োগৰ

author img

By

Published : Oct 6, 2020, 3:41 PM IST

পোষ্টেল বেলট সন্দৰ্ভত কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচনী আয়োগে। এই নতুন নিৰ্দেশনা বিশেষভাৱে সক্ষম লোক আৰু ৮০ৰ উৰ্দ্ধৰ বয়োজ্যষ্ঠৰ বাবে অধিক সুবিধাজনক হ'ব।

পোষ্টেল বেলটক লৈ নতুন নিৰ্দেশনা জাৰি নিৰ্বাচনী আয়োগৰ
পোষ্টেল বেলটক লৈ নতুন নিৰ্দেশনা জাৰি নিৰ্বাচনী আয়োগৰ

নেশ্যনেল ডেস্ক, ৬ অক্টোবৰ: নিৰ্বাচনৰ প্ৰাকক্ষণত পোষ্টেল বেলট সন্দৰ্ভত নতুন নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচনী আয়োগে। যদি কোনো ভোটাৰে ডাকযোগে নিজৰ ভোট সাব্যস্ত কৰিবলৈ ইচ্ছা কৰে তেন্তে, জাননী প্ৰেৰণৰ ৫দিনৰ ভিতৰত প্ৰয়োজনীয় সকলো তথ্য সন্নিবিষ্ট কৰা 12-D ফৰ্মখন বি এল অ'ই ভোটাৰৰ ঘৰৰ পৰাই সংগ্ৰহ কৰিব আৰু তত্কালীনভাৱে ৰিটাৰ্নীং অফিচাৰক জমা দিব। যোৱা ৩ অক্টোবৰত ভাৰতৰ নিৰ্বাচনী আয়োগে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ প্ৰেৰণ কৰা এখন পত্ৰত এই নিৰ্দেশ দিয়া হৈছে। ৰিটাৰ্ণীং অফিচাৰে ফৰ্ম লাভ কৰাৰ পিছতে প'লিং দলক অৱগত কৰিব। প'লিং বিষয়াৰ দলে পূৰ্ব নিৰ্ধাৰিত দিনত পোষ্টেল বেলট সংগ্ৰহ কৰি ৰিটাৰ্ণীং অফিচাৰক জমা দিব।

নতুন ব্যৱস্থা অনুসৰি, এই সুবিধা লাভ কৰিবলৈ ইচ্ছা কৰা ব্যক্তিয়ে এখন ফৰ্মত তেওঁলোকৰ তথ্য সন্নিবিষ্ট কৰিব লাগিব। ইয়াৰ পিছত বিষয়াসকলে ভোটাৰৰ ঘৰলৈ বেলট কাগজ লৈ যাব। লগতে ভোটাৰে ভোটদান কৰা সমগ্ৰ প্ৰক্ৰিয়া ভিডিঅ' কৰিব। নিৰ্বাচনী আয়োগৰ বিষয়াৰ এটা দলে যোৱা সপ্তাহত বিহাৰ যাত্ৰাৰ সময়ত নাগৰিক সমাজ আৰু সংবাদ মাধ্যমৰ পৰা লাভ কৰা প'ল পেনেলৰ প্ৰতিক্ৰিয়াৰ ভিত্তিতে এই নিৰ্দেশ জাৰি কৰিছে। শেহতীয়াকৈ জাৰি কৰা এই নিৰ্দেশনা ৫৬ খন বিধানসভা আসন আৰু ১খন লোকসভা আসন থকা সকলো নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। এই নতুন নিৰ্দেশনা বিশেষভাৱে সক্ষম লোক আৰু ৮০ৰ উৰ্দ্ধৰ বয়োজ্যষ্ঠৰ বাবে অধিক সুবিধাজনক হ'ব।

সোমবাৰে বিহাৰৰ নিৰ্বাচনৰ বাবে পৰ্যবেক্ষকৰ সৈতে নিৰ্বাচনী আয়োগৰ বিষয়াই বৈঠকত মিলিত হয়। মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই নিৰ্বাচনী আয়োগৰ দ্বাৰা স্বতন্ত্ৰ, নিৰপেক্ষ, পাৰদৰ্শী, নৈতিক আৰু কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ পৰা সুৰক্ষিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে।

লগতে পঢ়ক : কুকি উগ্ৰপন্থী সংগঠনৰ সেনাধ্যক্ষ মাৰ্টিন গুইটে নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.