ETV Bharat / bharat

এইবাৰ স্থলসেনাই সম্পন্ন কৰিলে ব্ৰাহ্মোছৰ সফল পৰীক্ষণ

author img

By

Published : May 26, 2019, 12:46 PM IST

স্থলসেনাৰ উদ্যোগত ব্ৰাহ্মোছৰ পৰীক্ষণ

বিগত 22 মে' তাৰিখে স্থল সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ অধীনস্থ কাৰ নিকোবৰ দ্বীপত ব্ৰাহ্মোছ ক্ষেপনাস্ত্ৰৰ এক সফল পৰীক্ষণ সম্পন্ন কৰা হয় ৷ বায়ু সেনা, নৌ-সেনা আৰু স্থল সেনা সংযুক্ত উদ্যোগত স্থলসেনাই ইষ্টাৰ্ণ কামাণ্ডৰ কামাণ্ডিং বিষয়াৰ উপস্থিতত ইয়াৰ সফল পৰীক্ষণ সম্পন্ন কৰে ৷

নিউজ ডেস্ক, 26 মেঃ বায়ু সেনাৰ পিচতেই এইবাৰ স্থলসেনায়ো ব্ৰাহ্মোছ ক্ষেপনাস্ত্ৰৰ আন এক সফল পৰীক্ষণ সম্পন্ন কৰিছে ৷ বিগত 22 মে' তাৰিখে দিনৰ 2 বাজি 50 মিনিটত কাৰ নিকোবৰ দ্বীপপুঞ্জৰ পৰা 270 কিলোমিটাৰ দুৰত্বৰ নিৰ্ধাৰিত লক্ষ্যলৈ ইয়াক প্ৰক্ষেপণ কৰা হয় ৷

বায়ু সেনা, স্থল সেনা আৰু নৌ-সেনাই সুযুক্তভাৱে আন্তঃ সেৱা সহযোগিতা বৃদ্ধি কৰিবলৈ ক্ষেপনাস্ত্ৰটোৰ পৰীক্ষণ সম্পন্ন কৰে ৷ পৰীক্ষণৰ সময়ত উৎক্ষেপনস্থলীত উপস্থিত থাকি প্ৰক্ষেপনৰ সকলো দিশ তদাৰক কৰে স্থল সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ জি অ' চি ইন চি লে. জেন. এম এম নাৰাভানে ৷

Intro:Body:

BrahMos Estrn CMDr.mp4   


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.