ETV Bharat / bharat

কৰ্তব্যৰত চিকিৎসকক প্ৰহাৰ কৰিলে সুৰাপায়ী আৰক্ষীয়ে

author img

By

Published : Jul 2, 2020, 4:31 PM IST

মধ্যপ্ৰদেশৰ উজ্জেইনস্থিত এখন চিকিৎসালয়ত বুধবাৰে সুৰামত্ত এজন আৰক্ষী কনিষ্টবলে এগৰাকী চিকিৎসক সহিতে আন এগৰাকী এটেণ্ডেণ্টক আক্ৰমণ কৰি কৰিলে প্ৰহাৰ । ঘটনা সন্দৰ্ভত ইতিমধ্যে উজ্জেইনৰ মাধৱ নগৰত অৱস্থিত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অৱগত কৰি এটা গোচৰ ৰুজো কৰিছে ।

Drunk cop beats up doctor, attendant at Madhya Pradesh hospital
মধ্যপ্ৰদেশৰ উজ্জেইনত কৰ্তব্যৰত চিকিৎসকক প্ৰহাৰ কৰিলে সুৰাপায়ী আৰক্ষীয়ে

নিউজ ডেস্ক,২জুলাই: উজ্জেইনৰ এখন চিকিৎসালয়ত কৰ্মৰত এগৰাকী চিকিৎসক আৰু আন এগৰাকী এটেণ্ডেণ্টক সুৰামত্ত অৱস্থাত থকা এজন আৰক্ষী কনিষ্টবলে আঘাটপ্ৰাপ্ত হোৱাকৈ কৰিলে প্ৰহাৰ । কটৱালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনিষ লোধাই অৱগত কৰা মতে, সুৰামত্ত আৰক্ষীৰ কনিষ্টবলজনে তেওৰ স্বাস্থ্য পৰীক্ষা কৰাবৰ বাবে উজ্জেইনৰ জিলা চিকিৎসালয়লৈ গৈছিল আৰু চিকিৎসালয়ৰ চিকিৎসকে অন্য এখন ক্লিনিকলৈ যাবৰ বাবে তেওক ঘূৰাই পঠায় ।

কিছু সময়ৰ পাছত সুৰামত্ত আৰক্ষীৰ কনিষ্টবলজন পুনৰ চিকিৎসালয়খনলৈ ঘূৰি আহি সকলোকে গালি গালাজৰ লগতে অভব্য আচৰণ কৰে । ইমানতে ক্ষান্ত নাথাকি কনিষ্টবলজনে ডা° অমিত পাটিডাৰ নামৰ চিকিৎসক গৰাকীক আক্ৰমণৰ লগতে প্ৰহাৰ কৰে । সেই সময়ত ঘটণাস্থলীত উপস্থিত আন এগৰাকী এটেণ্ডেণ্টে চিকিৎসক গৰাকীক উদ্ধাৰৰ চেষ্টা কৰে যদিও তেওঁকো প্ৰহাৰ কৰিলে সুৰামত্ত কনিষ্টবলজনে ।

মধ্যপ্ৰদেশৰ উজ্জেইনত কৰ্তব্যৰত চিকিৎসকক প্ৰহাৰ কৰিলে সুৰাপায়ী আৰক্ষীয়ে

চিকিৎসক গৰাকীক প্ৰহাৰৰ গোচৰটোক স্থানীয় আৰক্ষীয়ে ইতিমধ্যে গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে । আৰক্ষীয়ে সদৰি কৰা মতে ঘটণাটোত আঘাটপ্ৰাপ্ত দুয়োজনৰে আঘাট ইমান গুৰুতৰ নহয় । ইফালে সুৰাপায়ী কনিষ্টবল জনকো পোৱা গৈছে আঘাটপ্ৰাপ্ত অৱস্থাত । ইতিমধ্যে অভিযুক্ত আৰক্ষী কনিষ্টবলজনৰ বিৰুদ্ধে এটা MLC(Medico Legal Case) ৰুজো কৰা হৈছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.