ETV Bharat / bharat

নাগৰিকত্ব সংশোধনী আইন আৰু অৰাজক উত্তৰ-পূৱ

author img

By

Published : Dec 16, 2019, 11:31 PM IST

Updated : Dec 17, 2019, 11:55 AM IST

স্বাধীনতাৰ কালৰ পৰাই অসম তথা উত্তৰ-পূৱত অবৈধ আগ্ৰসনে জুৰুলা কৰি আহিছে ৷ 1985 চনত অসম চুক্তিয়ে এটা সমাধানৰ বাট মুকলি কৰিছিল আৰু এন.আৰ.চিৰ পোষকতা কৰিছিল ৷ আৰু উচ্চতম ন্যায়ালয়ৰ পৃষ্ঠপোষকতাত ইয়াক অসমত সম্পন্ন কৰা হৈছে আৰু 19 লাখ মানুহৰ নাম ইয়াৰ পৰা বাদ পৰিছে ৷ চৰকাৰে ইয়াৰ সমাধান কৰাৰ আগত নাগৰিকত্ব সংশোধনী আইন কি যুক্তিত আনিছে তাৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে সমগ্ৰ অসম ৷

Distorted Politics on Illegal Migration
নাগৰিকত্ব সংশোধনী আইন আৰু অৰাজক উত্তৰ-পূৱ

নিউজ ডেস্ক, 16 ডিচেম্বৰঃ

-অবৈধ প্ৰব্ৰজনৰ বিকৃত ৰাজনীতিকৰণ

-অৰাজক উত্তৰ-পূৱ

-নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বহুৱালি

নাগৰিকত্ব সংশোধনী আইনে সমগ্ৰ উত্তৰ পূৱক জাতীয় সত্বাক সংকটৰ গৰাহলৈ ঠেলি দিছে ৷ মুখ্যত অসম,ত্ৰিপুৰা,আৰু শ্বিলঙত ইয়াৰ তীব্ৰ প্ৰভাৱ দেখা গৈছে ৷ কিন্তু বিশেষকৈ দুই পক্ষই দুই ধৰণৰ যুক্তি দাঙি ধৰিছে এই আইনৰ ৷ ইয়াৰ সমৰ্থকসকলে কয় যে পূৰ্বতে হৈ অহা অন্যায়ৰ বাবে এই আইনে ৰক্ষা কৰিব ৷ আনহাতে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলে কয় যে এই আইনে জাতি, সংস্কৃতিৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি কৰিব ৷ 1995 চনৰ নাগৰিকত্ব সংশোধনী আইন মতে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা কোনো লোককে ভাৰতীয় নাগৰিক হিচাপে নাগৰিকত্ব প্ৰদান কৰা নহ’ব ৷

কিন্তু নতুন নাগৰিকত্ব আইন মতে বাংলাদেশ,পাকিস্তান আৰু আফগানিস্তানৰ সংখ্যালঘুসকল যিয়ে তাত ধৰ্মীয় উৎপীড়নৰ বলি হ’বলগীয়া হৈছে সেইসকল লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব ৷ ইয়াৰ ভিতৰত হিন্দু,শিখ,খ্ৰীষ্টান,বৌদ্ধ আৰু পাৰ্চী ধৰ্মৰ সংখ্যালঘুসকলক অন্তৰ্ভুক্ত কৰা হ’ব ৷

উল্লেখ্য যে এই তিনিখন ৰাষ্ট্ৰৰ পৰা কিন্তু নাটকীয়ভাৱে মুছলমান সম্প্ৰদায়ৰ লোকক বাদ দিয়া হৈছে ৷ আৰু এই আইনখনত উল্লেখ থকা অনুসৰি তাত মুছলমান লোক ধৰ্মীয় উৎপীড়নৰ বলি হোৱা নাই বাবে বাদ দিয়া হৈছে ৷

দশকজুৰি দীঘলীয়া সমস্যাঃ

উন্নত জীৱন-ধাৰণৰ বাবে অন্য ৰাষ্ট্ৰৰ পৰা ভাৰতলৈ অসংখ্য মানুহৰ অবৈধভাৱে প্ৰব্ৰজন হৈ আছে ৷ 1947 চনৰ দেশ বিভাজনৰ পিচত প্ৰায় ডেৰ কোটি মানুহে সীমা পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছিল ৷ ইয়াৰে 1.2 কোটি মানুহে পশ্চিম সীমাৰে আৰু প্ৰায় 42 লাখ মানুহ পূৱ প্ৰান্তেৰে প্ৰৱেশ কৰিছিল ৷ ইয়াৰোপৰি 1959 চনত তিব্বত প্ৰান্তেৰে প্ৰায় 80 হাজাৰ লোকে ভাৰতত প্ৰৱেশ কৰিছিল ৷ ইয়াৰে ভিতৰত দালাই লামাও অন্তৰ্ভুক্ত আছে ৷ ইয়াৰ উপৰিও 1972 চনত উগাণ্ডা তথা শ্ৰীলংকাৰ পৰাও প্ৰব্ৰজিত হৈছে ৷

তদানীন্তন কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী কিৰণ ৰিজিজুয়ে সংসদত প্ৰকাশ কৰিছে যে 2.40 কোটি অবৈধ বাংলাদেশীয়ে ভাৰতত প্ৰৱেশ কৰিছে ৷ আৰু পশ্চিম বংগ,অসম আৰু ত্ৰিপুৰাত এই অবৈধ অনুপ্ৰৱেশকাৰীসকলে প্ৰৱেশ কৰিছে ৷ বহু আগৰ পৰাই অসমত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে আন্দোলন চলি আছে ৷ ইয়াৰ ফলত বৰ্তমান 25% মুছলমান জনসংখ্যা 35% হয়গৈ ৷ ইয়াৰ ফলত অসমীয়া জাতি,সংস্কৃতিৰ ওপৰত তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছেগৈ ৷ ইয়াৰ বিৰুদ্ধে অসমৰ ছাত্ৰ সন্থাৰ নেতৃত্বত অসম আন্দোলনৰ ফলস্বৰূপে অসম চুক্তি স্বাক্ষৰিত কৰা হৈছিল ৷ ইয়াৰ ভিত্তিতে এন.আৰ.চি ৰূপায়ণ কৰা হৈছিল ৷ তাৰ ভিত্তিতে 19 লাখ মানুহক বিদেশী বুলি চিনাক্ত কৰা হৈছে ৷

ইয়াৰ ক্ষেত্ৰত কিন্তু অসম আৰু পশ্চিমবংগৰ প্ৰেক্ষাপট সম্পূৰ্ণ বেলেগ ৷ ইয়াৰ ক্ষেত্ৰত যথেষ্ট ৰাজনীতিৰ সৃষ্টি হৈছে ৷ ইয়াৰ বাবে CPM,বিজেপি আৰু তৃণমুল কংগ্ৰেছৰ মাজত এক লেতেৰা ৰাজনীতিৰ সৃষ্টি হৈছে ৷ যিহেতু পশ্চিমবংগ আৰু বাংলাদেশৰ ভাষা তথা সংস্কৃতিৰ সামঞ্জস্যতা অধিক বাবে অসমৰ লগত ইয়াৰ পাৰ্থক্য আছে ৷ বৰ্তমান ত্ৰিপুৰাত খিলঞ্জীয়া মানুহৰ অস্তিত্ব সংকটৰ পৰিস্থিতিয়ে দেখা দিছে ৷

নিৰ্ধাৰণ নীতিৰ অভাৱঃ

স্বাধীনতাৰ কালৰ পৰাই অসম তথা উত্তৰ-পূৱত অবৈধ আগ্ৰাসনে জুৰুলা কৰি আহিছে ৷ 1985 চনত অসম চুক্তিয়ে এটা সমাধানৰ বাট মুকলি কৰিছিল আৰু এন.আৰ.চিৰ পোষকতা কৰিছিল ৷ আৰু উচ্চতম ন্যায়ালয়ৰ পৃষ্ঠপোষকতাত ইয়াক অসমত সম্পন্ন কৰা হৈছে আৰু 19 লাখ মানুহৰ নাম ইয়াৰ পৰা বাদ পৰিছে ৷ চৰকাৰে ইয়াৰ সমাধান কৰাৰ আগত নাগৰিকত্ব সংশোধনী আইন কি যুক্তিত আনিছে তাৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে সমগ্ৰ অসম ৷

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ ৰাইজক ইয়াৰ পৰা কোনো ক্ষতি নহয় বুলি আশ্বাস প্ৰদান কৰিছে যদিও আভূৱাভাৰা বুলি বিবেচনা কৰিছে অসমৰ ৰাইজে ৷ বৰ্তমান ইয়াৰ বিৰুদ্ধে সমগ্ৰ দেশতে প্ৰতিবাদত উত্তাল হৈ আছে ৷ কিন্তু অসমৰ সমস্যা ইয়াৰ ক্ষেত্ৰত বাকী ৰাজ্যৰ তুলনাত সম্পূৰ্ণ সুকীয়া ৷ ইয়াৰ সমস্যা সমাধানৰ বাবে চৰকাৰে এতিয়ালৈকে স্থায়ী সমাধানৰ বাট মুকলি কৰিব পৰা নাই আৰু ইয়াৰ বাবে এতিয়া অসমে ভুগিবলগীয়া হৈছে অত্যাধিক সমস্যাৰ ৷

আৰু পঢ়কঃ নাগৰিকত্ব সংশোধনী আইন: ছাত্ৰৰ আন্দোলনে কঁপাইছে কেৰালা, আৱদ্ধ ট্ৰেইন

Intro:Body:

CITIZENSHIP AMENDMENT ACT


Conclusion:
Last Updated : Dec 17, 2019, 11:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.