ETV Bharat / bharat

ডিজিটেল প্ৰক্ৰিয়াৰে হ'ব পৰৱৰ্তী লোকপিয়ল

author img

By

Published : Aug 24, 2020, 12:43 PM IST

চৰকাৰে শীঘ্ৰে ৰাষ্ট্ৰৰ 16 নং লোকপিয়লৰ তাৰিখ ঘোষণা কৰা হ'ব ৷ এইবেলি লোকপিয়ল প্ৰক্ৰিয়াত কিছু সাল-সলনি হ'ব ৷ প্ৰযুক্তিৰ সহায়ত চলিত বৰ্ষৰ লোকপিয়ল ডিজিটেলাইজ কৰা হ'ব ৷ য'ত প্ৰায় 30 লাখ কৰ্মচাৰী অন্তৰ্ভুক্ত হৈ থাকিব ৷

Digital
লোকপিয়ল

নিউজ ডেস্ক, 24 আগষ্টঃ দেশৰ শেহতীয়া পৰিস্থিতিৰ ফলত প্ৰৱাসী শ্ৰমিকসকলৰ বিষয়টো চৰকাৰৰ বাবে দিনক দিনে মূৰৰ কামোৰণি হৈ উঠিছে ৷ শ্ৰমিকসকলৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহ ইতিমধ্যে বিফল হৈছে ৷ 2011 ৰ ভাৰতৰ লোকপিয়ল অনুসৰি, দিল্লীৰ জনসংখ্যা প্ৰায় 1 কোটি 90 লাখ ৷ প্ৰতি বছৰে বৃদ্ধি হোৱা অন্য 5 লাখ প্ৰৱাসীয়ে চৰকাৰৰ প্ৰকল্পসমূহ বিফল কৰা পৰিলক্ষিত হয় ৷

চৰকাৰে প্ৰতি 10 বছৰত দেশৰ জনসংখ্যা নিৰ্ধাৰণৰ উদ্দেশ্যে লোকপিয়ল কৰে, যাৰ জৰিয়তে ৰাজ্য অনুসৰি জনসাধাৰণৰ বাবে আঁচনি প্ৰস্তুত কৰাত সহায়ক হয় ৷ ভাৰতৰ লোকপিয়ল চলিত বৰ্ষৰ ছেপ্টেম্বৰত আৰম্ভ কৰাৰ প্ৰস্তুতি কৰা হৈছিল যদিও COVID-19 ৰ পৰিপ্ৰেক্ষিতত সেয়া সম্ভৱপৰ হৈ নুঠিল ৷

লগতে পঢ়কঃ ট্ৰাম্পৰ সিদ্ধান্তৰ বিৰুদ্ধে আমেৰিকাত WECHAT এপছ্ ব্যৱহাৰকাৰীৰ গোচৰ

চৰকাৰে শীঘ্ৰে ৰাষ্ট্ৰৰ 16 নং লোকপিয়লৰ তাৰিখ ঘোষণা কৰিব ৷ এইবেলি লোকপিয়ল প্ৰক্ৰিয়াত কিছু সাল-সলনি হ'ব ৷ প্ৰযুক্তিৰ সহায়ত চলিত বৰ্ষৰ লোকপিয়ল ডিজিটেলাইজ কৰা হ'ব ৷ য'ত প্ৰায় 30 লাখ কৰ্মচাৰী অন্তৰ্ভুক্ত হৈ থাকিব ৷

তথ্য সংগ্ৰহৰ বাবে বিশেষ এপৰ ব্যৱহাৰ কৰা হ'ব ৷ স্বেচ্ছাসেৱক সকলক প্ৰক্ৰিয়াসমূহৰ বিষয়ে পূৰ্বতে প্ৰশিক্ষণ প্ৰদান কৰা হ'ব ৷ প্ৰশ্নাৱলীসমূহ 16 টা ভাৰতীয় ভাষাত উপলব্ধ হ'ব ৷ জনসাধাৰণক তেওঁলোকৰ ঘৰ, শৌচালয়, পানী উপলব্ধতা, বিদ্যুৎ আৰু ঘৰত উপলব্ধ বিভিন্ন যন্ত্ৰ ইত্যাদি ধৰণৰ 33 টা প্ৰশ্ন সোধা হ'ব ৷ জনসাধাৰণৰ উত্তৰৰ ওপৰত ভিত্তি কৰি চৰকাৰে পৰৱৰ্তী বৰ্ষৰ আঁচনি প্ৰস্তুত কৰিব ৷ উল্লেখ্য যে, 1872 চনত ইংৰাজৰ দ্বাৰা লোকপিয়লৰ আৰম্ভণি কৰা হৈছিল ৷

লগতে পঢ়কঃ ডাউদ ইব্ৰাহিমক ভাৰতক হস্তান্তৰ কৰিবলৈ পাকিস্তানক চাপ প্ৰদান কৰিব লাগে: ৰামদাস আথাৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.