ETV Bharat / bharat

লক্ ডাউনৰ বাবে দিল্লীৰ প্ৰদূষণ অত্যাধিক মাত্ৰাত হ্ৰাসঃ অধ্যয়ণ কেন্দ্ৰ

author img

By

Published : Jun 23, 2020, 5:18 PM IST

সংগৃহীত তথ্যৰ আধাৰত দিল্লীৰ বিজ্ঞানী মহলে জনাইছে যে, দেশত প্ৰণয়ন হোৱা লক্ ডাউনৰ বাবে দিল্লীৰ বায়ু প্ৰদূষণ বহু পৰিমানে হ্ৰাস পাইছে । ফল স্বৰূপে পৰিস্কাৰ শক্তি উৎপাদন হোৱাত সহায় হৈছে । জুল আলোচনীখনত প্ৰকাশিত তথ্য অনুসৰি, মাৰ্চৰ শেষৰ ফালে দিল্লীত ২০১৭ ৰ পৰা ২০১৯ বৰ্ষৰ তুলনাত সূৰ্যৰ আলোকৰ পৰিমাণ ৮ গুন বৃদ্ধি পাইছে ।

delhis-cleaner-air-during-lockdown-may-have-helped-produce-more-solar-power-study
delhis-cleaner-air-during-lockdown-may-have-helped-produce-more-solar-power-study

নিউজ ডেস্ক, ২৩ জুন : সংগৃহীত তথ্যৰ আধাৰত দিল্লীৰ বিজ্ঞানী মহলে জনাইছে যে, দেশত প্ৰণয়ন হোৱা লক্ ডাউনৰ বাবে দিল্লীৰ বায়ু প্ৰদূষণ বহু পৰিমানে হ্ৰাস পাইছে । যাৰ ফল স্বৰূপে পৰিস্কাৰ শক্তি উৎপাদন হোৱাত সহায় হৈছে ।

জুল আলোচনীখনত প্ৰকাশিত তথ্য অনুসৰি, মাৰ্চৰ শেষৰ ফালে দিল্লীত ২০১৭ ৰ পৰা ২০১৯ বৰ্ষৰ তুলনাত সূৰ্যৰ আলোকৰ পৰিমাণ ৮ গুন বৃদ্ধি পাইছে ।

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ গৱেষণা কেন্দ্ৰ Massachusetts Institute of Technology (MIT) ৰ তথ্য অনুসৰি, দিল্লী হৈছে এই গ্ৰহৰ সকলোতকৈ প্ৰদূষিত চহৰ । যিখন চহৰৰ প্ৰদূষণৰ মাত্ৰা অত্যাধিক পৰিমানে হ্ৰাস পাইছে ।

delhis-cleaner-air-during-lockdown-may-have-helped-produce-more-solar-power-study
লক্ ডাউনৰ বাবে দিল্লীৰ প্ৰদূষণ অত্যাধিক মাত্ৰাত হ্ৰাসঃ অধ্যয়ণ কেন্দ্ৰ

জাৰ্মানীৰ Helmholtz-Institut Erlangen-Nurnberg for Renewable Energies ৰ লেখক ইয়ন মাৰিয়চ পীৰ্টচে জনাই যে, হঠাৎ হ্ৰাস পোৱা বায়ু প্ৰদূষণৰ ফল স্বৰূপে উক্ত বিষয় সন্দৰ্ভত গৱেষণা কৰাৰ বাবে সহজ হৈ পৰিছে । পীৰ্টচ আৰু তেওঁৰ সহযোগী সকলে বায়ু প্ৰদূষণৰ জৰিয়তে সূৰ্যৰ ৰশ্মি মাটিত কেনেকৈ পৰে উক্ত বিষয় সন্দৰ্ভত গৱেষণা চলাইছিল ।

উল্লেখযোগ্য যে, তেওঁলোক ফটোবাল্টিক নামৰ এক প্ৰণালী বিগত বৰ্ষত দিল্লীত স্থাপন কৰিছিল । যাৰ জৰিয়তে তেওঁলোকে সূৰ্য বিকিৰণৰ মাত্ৰা জুখিব পৰা যাব । ফলস্বৰূপে তেওঁলোকে প্ৰমাণ কৰি উলিয়াবলৈ সক্ষম হৈছিল যে, সূৰ্যৰ আলোকৰ পৰিমাণ ৮ গুন বৃদ্ধি পাইছে । ইয়াৰ উপৰিও বায়ুৰ গুনাগুণ বৃদ্ধি সন্দৰ্ভত তেওঁলোকে প্ৰদূষণ হ্ৰাস পোৱাৰ ঘটনা উল্লেখ কৰিছে ।

লগতে পঢ়ক : চীন-নেপাল সন্দৰ্ভত আজি কংগ্ৰেছ ৱৰ্কিং কমিটিৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.