ETV Bharat / bharat

দিল্লী হিংসা: নিৰপেক্ষ তদন্তৰ দাবী শ্বাহিনবাগৰ এগৰাকী প্ৰতিবাদকাৰীৰ

author img

By

Published : Mar 14, 2020, 8:52 AM IST

Delhi violence: Shaheen Bagh protesters demand fair probe
দিল্লী হিংসা: শ্বাহিবাগৰ প্ৰতিবাদকাৰীৰ নিৰপেক্ষ তদন্তৰ দাবী

দিল্লীত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ নিৰপেক্ষ তদন্তৰ লগতে ভুক্তভোগীক 1 কোটি টকাৰ জৰিমনা দিয়াৰ দাবী এগৰাকী মহিলা প্ৰতিবাদকাৰীৰ ৷

নিউজ ডেস্ক, 14 মাৰ্চ: শুকুৰবাৰে শ্বাহিনবাগৰ এগৰাকী মহিলাই পূৰ্বোত্তৰ দিল্লীত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ নিৰপেক্ষ তদন্তৰ লগতে ভুক্তভোগীক 1 কোটি টকাৰ জৰিমনা দিয়াৰ দাবী উত্থাপন কৰিছে ৷ এক সংবাদমেল যোগে মহিলাগৰাকীয়ে দাবী উত্থাপন কৰাৰ লগতে এই সন্দৰ্ভত তদন্ত হ’ব লাগে যে, কেনেকৈ উত্তৰ প্ৰদেশৰ পৰা দিল্লীলৈ আহিল বহু লোক ৷ সেয়েহে জাফৰাবাদ,শিৱ বিহাৰ আৰু মৌজপুৰৰ হিংসাত্মক ঘটনাৰ সঠিক তদন্তৰ দাবী উত্থাপন কৰিছে মহিলাগৰাকীয়ে ৷

উল্লেখ্য যে, 24 ফেব্ৰুৱাৰীত পূৰ্বোত্তৰ দিল্লীত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ 26 ফেব্ৰুৱাৰীলৈও অব্যাহত আছিল ৷ য’ত অতি কমেও 53 লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 200 ত কৈ অত্যাধিক লোক আঘাতপ্ৰাপ্ত হৈছিল ৷ আনহাতে বহু সা-সম্পত্তিৰ নষ্ট হৈছিল ৷ নাগৰিকত্ব সংশোধনী আইন,ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু ৰাষ্ট্ৰীয় জনসংখ্যাপঞ্জী প্ৰতিবাদ আৰু জামিয়া মিলিয়া ইছলামিয়াত পুলিছৰ কাৰ্যব্যৱস্থাই বৰ্তমান 90 দিনত ভৰি দিছে বুলি উল্লেখ কৰে ৷

শুকুৰবাৰে ৰাজ্যসভাত গৃহমন্ত্ৰী অমিত শ্বাহে ভাষণ প্ৰসংগত কয়, কোনো ভাৰতীয় মুছলমান লোক শংকিত হোৱাৰ প্ৰয়োজন নাই ৷ কিন্তু আমি গৃহমন্ত্ৰীক ক’ব খোজো কেৱল মুছলিমে নহয় অন্যান্য ধৰ্মাৱলম্বীৰ সংখ্যালঘু সকলো শংকিত হৈছে ৷ কেন্দ্ৰীয় চৰকাৰে সংসদত নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচিৰ সন্দৰ্ভত এখন প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে অধিনিময়ৰ সংশোধন স্থগিত ৰাখিব লাগে বুলি কয় ৷

আনহাতে কৰ’ণা ভাইৰাছৰ মহামাৰীৰ পৰা ৰক্ষা পাবলৈ প্ৰতিবাদকাৰীক মাস্ক আৰু চেনিটাইজাৰ প্ৰদান কৰা হৈছিল ৷ মহিলা সকলো প্ৰত্যেক দিনাই তেওঁলোকৰ হিজাব পৰিস্কাৰ কৰি ৰাখিছে ৷ কৰ’ণা ভাইৰাছৰ পৰা শংকিত হোৱাৰ প্ৰয়োজন নাই ৷

  • লগতে চাওক- 82 লৈ বৃদ্ধি ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.