ETV Bharat / bharat

দিল্লীত ঘৰতে হ'ব ক'ৰণাৰ চিকিৎসা

author img

By

Published : Jun 26, 2020, 1:31 AM IST

Corona-positive persons will not have to visit COVID care centres for clinical assessment: Sisodia
দিল্লীত ঘৰতে হ'ব ক'ৰণাৰ চিকিৎসা !

হোম আইচ'লেশ্ব্যনত থকা সকলে এতিয়াৰে পৰা কভিড চেণ্টাৰলৈ নগলেও হব । দিল্লী চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী মনীষ শিছ'দিয়াই ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগেৰে হোৱা আলোচনাৰ অন্তত সিদ্ধান্ত গ্ৰহণ কৰে ।

নিউজ ডেস্ক, ২৬জুন: দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনিষ শিছ'দিয়াই বৃহস্পতিবাৰে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰে হোৱা আলোচনাৰ অন্তত উল্লেখ কৰে যে, ক'ভিড-১৯ত আক্ৰান্ত ৰোগীয়ে হোম আইচ'লেশ্ব্যন অৰ্থাৎ ঘৰতে সুকীয়াকৈ থকাসকলে চিকিৎসালয়ত চিকিৎসা গ্ৰহণৰ বাবে এতিয়াৰ পৰা ক'ভিড কেয়াৰ চেণ্টাৰলৈ নগলেওঁ হব । উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে জনালে, ইতিমধ্যে ক'ভিড আক্ৰন্তই ক'ভিড কেয়াৰ চেণ্টাৰলৈ যোৱাৰ বাবে কেন্দ্ৰ চৰকাৰৰ দিয়া নিৰ্দেশনা প্ৰত্যাহাৰৰ সিদ্ধান্ত আলোচনাৰ অন্তত গ্ৰহণ কৰা হৈছে ।

যি সকল লোকৰ ক'ৰণাৰ ৰেপিড টেষ্টত ক'ভিড-১৯ পজিটিভ পোৱা যাব, তেওলোকক চিকিৎসক অথবা চিকিৎসা কৰ্মীয়ে ঘৰতেই চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। তাৰোপৰি শিছ'দিয়াই কলে, RT, PCRৰ পৰীক্ষাত যিসকলৰ দেহত ক'ভিড-১৯ৰ উপস্থিতি ধৰা পৰিব তেনে ৰোগীৰ চিকিৎসা কৰিব জিলা পৰ্যবেক্ষণ বিষয়াৰ দ্বাৰা প্ৰেৰণ কৰা চিকিৎসকৰ দলে ।

আম আদমি পাৰ্টিৰ এইগৰাকী নেতাই জনালে যে ইতিমধ্যে এই প্ৰক্ৰিয়াৰে ৩০,০০০ ক'ভিড-১৯ পজিটিভ আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে , কাৰণ এনে ৰোগীক ঘৰতে অকলশৰীয়াকৈ ৰাখি অধিক সফলতা পাব পাৰি ।

লগতে পঢ়কঃ গৰ্গ চেটাৰ্জী সন্দৰ্ভত মুখ খুলিলে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.