ETV Bharat / bharat

দিল্লীৰ মৌজপুৰত 'কা'সমৰ্থক আৰু 'কা' বিৰোধীৰ মাজত সংঘৰ্ষ

author img

By

Published : Feb 24, 2020, 3:14 PM IST

পূৰ্বোত্তৰ দিল্লীৰ মৌজপুৰ অঞ্চলত দ্বিতীয় দিনাও অব্যাহত আছে 'কা'সমৰ্থক আৰু 'কা' বিৰোধীৰ মাজত সংঘৰ্ষ ৷সোমবাৰে এই সংঘৰ্ষই ল'লে ভয়াৱহ ৰূপ,ইজনে সিজনৰ গালৈ দলিয়ালে শিলগুটি ৷ দুয়োটা দলকে ছত্ৰভংগ দিবৰ বাবে কন্দুৱা গেছ প্ৰয়োগ আৰক্ষীৰ ৷

Clash erupts between pro & anti CAA groups in northeast Delhi's Maujpur
দিল্লীৰ মৌজপুৰত 'কা'সমৰ্থক আৰু 'কা' বিৰোধীৰ মাজত সংঘৰ্ষ

নিউজ ডেস্ক,24 ফেব্ৰুৱাৰীঃ সোমবাৰে পূৰ্বোত্তৰ দিল্লীৰ মৌজপুৰ অঞ্চলত কা'সমৰ্থক আৰু 'কা' বিৰোধীৰ মাজত তুমুল সংঘৰ্ষ ৷ সংঘৰ্ষৰ পৰিণতিস্বৰূপে শিলগুটি প্ৰক্ষেপ কৰিলে ইজনে সিজনৰ গালৈ ৷

অৱশেষত দুয়োটা দলকে ছত্ৰভংগ দিবৰ বাবে আৰক্ষীয়ে প্ৰয়োগ কৰিলে কন্দুৱা গেছ ৷ কিছুসংখ্যক আৰক্ষীয়ে যিমান পাৰে শান্তিপূৰ্বক ভাৱে বুজাবলৈ প্ৰয়াস কৰিছিল ৷ সমগ্ৰ পৰিস্থিতি অনুধাৱন কৰি বন্ধ কৰি দিয়া হৈছিল দিল্লী মেট্ৰ'ৰ বহুকেইটা ষ্টেশ্যন ৷ প্ৰৱেশ আৰু প্ৰস্থান দুয়োটাই বন্ধ কৰি দিয়া হৈছিল জাফৰাবাদ মৌজপুৰ-বাবৰপুৰ ষ্টেশ্যনত ৷

  • Security Update

    Entry & exit of Jaffrabad and Maujpur-Babarpur are closed. Trains will not be halting at these stations.

    — Delhi Metro Rail Corporation (@OfficialDMRC) February 24, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

শেহতীয়াকৈ DMRCয়ে এই সন্দৰ্ভত টুইট কৰি জনাই যে,"জাফৰাবাদ মৌজপুৰ-বাবৰপুৰ ষ্টেশ্যনত বন্ধ কৰি দিয়া হৈছে প্ৰৱেশ আৰু প্ৰস্থান ৷ এইকেইটা ষ্টেশ্যনত ট্ৰেইন নৰখে ৷ "

উল্লেখ্য যে, দেওবাৰৰ সন্ধিয়াৰ পৰা এনেদৰে দুয়োটা ফৈদৰ মাজত সংঘৰ্ষ চলি আছিল ৷সোমবাৰে এই সংঘৰ্ষই ভয়াৱহ ৰূপ লোৱাত আৰক্ষীয়ে কন্দুৱা গেছৰ সহায় লৈ ছত্ৰভংগ দিয়াৰ চেষ্টা কৰে ৷

ইয়াৰ পিছতে বিজেপি নেতা কপিল মিশ্ৰাই তিনিদিনৰ ভিতৰত 'কা' বিৰোধী প্ৰতিবাদকাৰীসকলক তিনিদিনৰ ভিতৰত সেই স্থানৰ পৰা আঁতৰাই পঠাবলৈ আৰক্ষীক আদেশ দিয়ে ৷

লগতে পঢ়কঃড'নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ কাৰ্যসূচী বিশেষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.