ETV Bharat / bharat

ইউৰোপীয় সংঘৰ পৰা বাহিৰ হোৱা নিৰ্বাচনমুখী ব্ৰিটেইনত জনসাধাৰণে ল'ব সিদ্ধান্ত

author img

By

Published : Nov 11, 2019, 3:02 PM IST

বিষ্ণু প্ৰকাশ দক্ষিণ কোৰিয়া আৰু কানাডাৰ ভূতপূৰ্ব ৰাষ্ট্ৰদূত

ইউৰোপীয় সংঘ আৰু ব্ৰিটেইন

এটা কথা স্পষ্ট যে, ব্ৰিটিছ নাগৰিকসকলে আশ্চৰ্য জনক ভাৱে কোনো এটা স্বকীয় বিষয়ক অগ্ৰাহ্য কৰিব পাৰে ! ব্ৰিটিছ লেখক,সমালোচক এড্ৰিয়ান গিলে কৈছিল- " ব্ৰিটিছ সকলে ৰাজনীতিবিদক ঘৃণা কৰে ৷ সকলোধৰণৰ ৰাজনীতিবিদক ৷ ৰাজনীতিবিদৰ সৈতে ঘৃণাৰ উপমাটো ঠিক ভেৰাৰ মাংসৰ সৈতে পুদিনাৰ চাটনীৰ দৰে....ব্ৰিটিছ নাগৰিকে ৰাজনীতিবিদ সকলক সামান্য পৰিমাণেহে আৰ্থিক সাহাৰ্য আগবঢ়ায় ৷ " সাম্প্ৰতিক ৰাজনীতিত নিমজ্জিত ৰাজনীতিবিদসকলে বিগত দহ বছৰত চাৰিবাৰকৈ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিছে ৷ যিয়ে দেশখনৰ জনসাধাৰণৰ মনত এটা বিৰূপ ভাৱমূৰ্তি সৃষ্টি কৰা পৰিলক্ষিত হৈছে !

দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী টেৰেছা মে'য়ে 650 খন আসনৰ ভিতৰত 330 খন আসন দখল কৰিবলৈ সক্ষম হৈছিল ৷ ইউৰোপীয় সংঘৰ সৈতে সম্পৰ্কৰ অৱসান ঘটোৱা ব্ৰিটেইনৰ তদানীন্তন প্ৰধানমন্ত্ৰী ডেভিদ কেমেৰ'ণ এ 2016 চনৰ 23 জুনত পদত্যাগ কৰাৰ পাচতেই টেৰেছা মে'ৰ হাতলৈ শাসনভাৰ আহে ৷ কেমেৰ'ণে নিজৰ শেহতীয়া এখন কিতাপত উল্লেখ কৰিছিল যে, যিসকলে ইউৰোপীয় সংঘত থকাৰ বাবে যু্ক্তি দৰ্শাইছিল তেওঁলোকে নিৰ্বাচনত পৰাজয় বৰণ কৰিলে যিটোৱে অৱশেষত দেশখনকে বিভক্ত কৰিলে ৷ নিজৰ ভুল স্বীকাৰ কৰি কেমৰ'ণে লিখিছে যে, উক্ত ঘটনাই চৰকাৰক নিশকটীয়া কৰাৰ উপৰিও ব্ৰিটেনিয়ান সকলক ইউৰোপীয় সংঘৰ পৰা কোনো চুক্তি অবিহনে স্পৰ্শকাতৰ স্থিতিত অনিশ্চয়তাত এৰি আহিবলৈ বাধ্য কৰাইছিল

দেশখনৰ তেনে এক সংঘাতময় পৰিস্থিতিত টেৰেছা মে' বৃহৎ ৰাজনৈতিক সফলতা লাভ কৰিব বুলি আশা কৰি নিৰ্বাচনৰ মুখামুখি হৈ 13 খন আসন হেৰুৱাবলগীয়া হৈছিল ৷ ইউৰোপীয় সংঘৰ সৈতে সম্পৰ্ক ছেদ কৰাৰ বিষয়টো সমগ্ৰ ব্ৰিটেইনতে এক গভীৰ ৰাজনৈতিক চৰ্চাৰ বিষয় হৈ পৰে ৷

ইউৰোপীয় সংঘই ব্ৰিটেইনৰ সাৰ্বভৌমত্বত আগ্ৰাসন চলোৱা বুলি নাগৰিক সকলৰ মনত গভীৰ ধাৰণাৰ সৃষ্টি হ'ল আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাব বিছাৰিলে ৷ অৱশ্যে স্কটলেণ্ড আৰু আয়াৰলেণ্ডে 'ব্ৰেক্সিট' ৰ সমৰ্থন কৰা নাছিল ৷ প্ৰধানমন্ত্ৰী টেৰেছা মে'য়ে ইউৰোপীয় সংঘৰ পৰা সম্পৰ্ক ছেদ কৰিব বিচৰা প্ৰস্তাৱটো দেশখনৰ সংসদে তিনিবাৰকৈ প্ৰত্যাখান কৰাত তেওঁ চলিত বৰ্ষৰ জুন মাহত পদত্যাগ কৰাৰ বাদে বিকল্প নাছিল ৷ এই ঘটনাৰ ফলত বৰিছ জনছনে জুলাই মাহত শাসনভাৰ দখল কৰে ৷ পূৰ্বে ব্ৰুছেলচ ৰ সাংবাদিক হিচাপে বৰিছে ইউৰোপীয় সংঘৰ পৰা ব্ৰিটেইন ফালৰি কাটি অহাৰ সমৰ্থনত সৰৱ প্ৰচাৰ চলাইছিল ৷ তেওঁ কৈছিল- " এয়া আমাৰ দেশখনৰ বাবে এখন গুৰুত্বপূৰ্ণ চুক্তি হ'ব ৷ মোৰ বিশ্বাস ইউৰোপীয় সংঘৰ মিত্ৰদেশ সকলৰ বাবেও ই এটা ভাল বুজাপৰা হ'ব " ৷ মন কৰিবলগীয়া যে, দেশখনৰ ডেমক্ৰেটিক ইউনিয়ন পাৰ্টীকে ধৰি তেওঁৰ চৰকাৰক সমৰ্থন জনোৱা সকলো বিৰোধী দলে চুক্তিখনৰ বিৰোধিতাৰে বিষয়টো ব্ৰিটেইনৰ নাগৰিকৰ মাজলৈ লৈ যায় ৷ অহা ডিচেম্বৰ মাহত দেশখনত নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ অৱশ্যে দেশখনত গ্ৰীষ্মকালতহে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ প্ৰচলিত নিয়ম ৷

ভাৰতে ব্ৰেক্সিটৰ বিষয়টো কেনেদৰে পৰ্যালোচনা কৰিব ? ব্ৰিটেইনৰ ৰাজনীতিত ইয়াৰ প্ৰভাৱ কেনেকৈ পৰিব ?

ব্ৰিটেইনৰ তদানীন্তন প্ৰধানমন্ত্ৰী টেৰেছা মে'য়ে ভাৰত ভ্ৰমণ কালত উল্লেখ কৰিছিল যে, " মই ভৱিষ্যতে ভাৰত আৰু ব্ৰিটেইনৰ মাজত কৌশলগত বন্ধুত্বৰ সম্পূৰ্ক স্থাপন হোৱাটো কামনা কৰো ৷ ব্ৰিটেইনে যিহেতু ইউৰোপীয় সংঘৰ পৰা বাহিৰ হ'ব ওলাইছে আৰু ভাৰত এক নতুন পথত গতি কৰিছে সেয়ে আমি এই সুযোগ গ্ৰহণ কৰা উচিত " ৷ ভাৰতীয় প্ৰৱাসী সকলৰ ক্ষেত্ৰত থকা কঠোৰ ভিছা নীতি সৰলীকৰণৰ বিষয়টো অন্যতম হিচাপে পৰিগণিত হৈ আছে ৷ কিয়নো 2010 - 2011 চনৰ পৰা 2016-17 চনলৈ ভাৰতীয় শিক্ষাৰ্থীৰ পৰিমাণ সেই দেশখনত 50 শতাংশ হ্ৰাস পাইছিল ৷

ইপিনে, ইয়াৰ বিপৰীতে ব্ৰিটেইনৰ কনজাৰভেটিভ দলৰ স্থিতি ভাৰতৰ সৈতে যথেষ্ট সৌহাৰ্দপূৰ্ণ ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডেভিদ কেমেৰ'ণে তেওঁৰ প্ৰথমটো কাৰ্যকালত তিনিবাৰকৈ ভাৰত ভ্ৰমণ কৰিছিল ৷ 2015 চনত তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে লণ্ডনৰ ৱেম্বলে ষ্টেডিয়ামত আয়োজিত প্ৰৱাসী ভাৰতীয় সকলৰ বিশাল জনসভাত বক্তব্য ৰাখি কৈছিল ' প্ৰধানমন্ত্ৰী মোদীক পৰিচয় কৰি দিয়াৰ পূৰ্বে মই 60 হাজাৰৰো অধিক দৰ্শকক ক'ব খুজো যে, আগন্তুক সময়ছোৱাত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আৱাসত ভাৰতীয় মূলৰ ব্ৰিটিছ নাগৰিক এজন অধিষ্ঠিত হ'ব বুলি কল্পনা কৰিব পাৰি ৷ মোদী আৰু মই মঞ্চত কৰমৰ্দন কৰি আশা প্ৰকাশ কৰিছিলো যে, প্ৰতিটো ক্ষুদ্ৰ ক্ষুদ্ৰ আও-ভাওৱে বিশ্বৰ প্ৰতি থকা ব্ৰিটেইনৰ দৃষ্টিভংগীৰ এক ইংগিত বহন কৰে


অন্যহাতে দেশৰ লেবাৰ পাৰ্টীৰ নেতা তথা পাক-অধিকৃত কাশ্মীৰ মূলৰ লৰ্ড নাজিৰ আহেমেদ আদি সকলে ভোটবেংকৰ ৰাজনীতিত অধিক মনোনিৱেশ কৰি আহিছে ৷ দেশখনত পাকিস্তানী মূলৰ প্ৰায় 11 লাখ ব্ৰিটিছ নাগৰিক আছে ৷ অৰ্ধশিক্ষিত শ্ৰেণীৰ অধিকাংশ লোকে দেশখনত সাধাৰণ কামত নিয়োজিত হৈ আছে৷ সেইলোক সকলেও বহু সংসদীয় সমষ্টিত নিজৰ প্ৰভাৱ ৰাখে ৷ শেহতীয়া সময়ছোৱাত কাশ্মীৰ বিষয়লৈ লেবাৰ পাৰ্টীৰ নেতা জেৰেমি কৰবিণে সৃষ্টি কৰা বিতৰ্কত ব্ৰিটেইনস্থিত শতাধিক ভাৰতীয় সংগঠনে প্ৰত্যাহবান জনাইছিল আৰু ফলশ্ৰুতিত দেশখনৰ বৈদেশিক মন্ত্ৰণালয়ে বিবৃত্তি দিবলৈ বাধ্য হৈছিল ৷

Brexit ball back in citizens court as UK heads for polls

ইউৰোপীয় সংঘৰ পৰা বাহিৰ হোৱা নিৰ্বাচনমুখী ব্ৰিটেইনত জনসাধাৰণে ল'ব সিদ্ধান্ত
বিষ্ণু প্ৰকাশ, দক্ষিণ কোৰিয়া আৰু কানাডাৰ ভূতপূৰ্ব ৰাষ্ট্ৰদূত

এটা কথা স্পষ্ট যে, ব্ৰিটিছ নাগৰিকসকলে আশ্চৰ্য জনক ভাৱে কোনো এটা স্বকীয় বিষয়ক অগ্ৰাহ্য কৰিব পাৰে ! ব্ৰিটিছ লেখক,সমালোচক এড্ৰিয়ান গিলে কৈছিল- " ব্ৰিটিছ সকলে ৰাজনীতিবিদক ঘৃণা কৰে ৷ সকলোধৰণৰ ৰাজনীতিবিদক ৷ ৰাজনীতিবিদৰ সৈতে ঘৃণাৰ উপমাটো ঠিক ভেৰাৰ মাংসৰ সৈতে পুদিনাৰ চাটনীৰ দৰে....ব্ৰিটিছ নাগৰিকে ৰাজনীতিবিদ সকলক সামান্য পৰিমাণেহে আৰ্থিক সাহাৰ্য আগবঢ়ায় ৷ " সাম্প্ৰতিক ৰাজনীতিত নিমজ্জিত ৰাজনীতিবিদসকলে বিগত দহ বছৰত চাৰিবাকৈ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিছে ৷ যিটো দেশখনৰ জনসাধাৰণৰ মনত এটা বিৰূপ ভাৱমূৰ্তি সৃষ্টি কৰা পৰিলক্ষিত হৈছে !

দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী টেৰেছা মে'য়ে 650 খন আসনৰ ভিতৰত 330 খন আসন দখল কৰিবলৈ সক্ষম হৈছিল ৷ ইউৰোপীয় সংঘৰ সৈতে সম্পৰ্কৰ অৱসান ঘটোৱা ব্ৰিটেইনৰ তদানীন্তন প্ৰধানমন্ত্ৰী ডেভিদ কেমেৰ'ণ এ 2016 চনৰ 23 জুনত পদত্যাগ কৰাৰ পাচতেই টেৰেছা মে'ৰ হাতলৈ শাসনভাৰ আহে ৷ কেমেৰ'ণে নিজৰ শেহতীয়া এখন কিতাপত উল্লেখ কৰিছিল যে, যিসকলে ইউৰোপীয় সংঘত থকাৰ বাবে যু্ক্তি দৰ্শাইছিল তেওঁলোকে নিৰ্বাচনত পৰাজয় বৰণ কৰিলে যিটোৱে অৱশেষত দেশখনকে বিভক্ত কৰিলে ৷ নিজৰ ভূল স্বীকাৰ কৰি কেমৰ'ণে  লিখিছে যে, উক্ত ঘটনাই চৰকাৰক নিশকটীয়া কৰাৰ উপৰিও ব্ৰিটেনিয়ান সকলক ইউৰোপীয় সংঘৰ  পৰা কোনো চুক্তি অবিহনে স্পৰ্শকাতৰ স্থিতিত অনিশ্চয়তাত এৰি আহিবলৈ বাধ্য কৰাইছিল ৷  

দেশখনৰ তেনে এক সংঘাতময় পৰিস্থিতিত টেৰেছা মে' বৃহৎ ৰাজনৈতিক সফলতা লাভ কৰিব বুলি আশা কৰি নিৰ্বাচনৰ মুখামুখি হৈ 13 খন আসন  হেৰুৱাবলগীয়া হৈছিল ৷ ইউৰোপীয় সংঘৰ সৈতে সম্পৰ্ক ছেদ কৰাৰ বিষয়টো সমগ্ৰ ব্ৰিটেইনতে এক গভীৰ ৰাজনৈতিক চৰ্চাৰ বিষয় হৈ পৰে ৷

ইউৰোপীয় সংঘই ব্ৰিটেনৰ সাৰ্বভৌমত্বত আগ্ৰাসন চলোৱা বুলি নাগৰিক সকলৰ মনত গভীৰ ধাৰণাৰ সৃষ্টি হ'ল আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাব বিছাৰিলে ৷ অৱেশ্যে স্কটলেণ্ড আৰু আয়াৰলেণ্ডে 'ব্ৰেক্সিট' ৰ সমৰ্থন কৰা নাছিল ৷ প্ৰধানমন্ত্ৰী  টেৰেছা মে'য়ে  ইউৰোপীয় সংঘৰ পৰা সম্পৰ্ক ছেদ কৰিব বিচৰা প্ৰস্তাৱটো দেশখনৰ সংসদে তিনিবাৰকৈ প্ৰত্যাখান কৰাত তেওঁ চলিত বৰ্ষৰ জুন মাহত পদত্যাগ কৰাৰ বাদে বিকল্প নাছিল ৷ এই ঘটনাৰ ফলত বৰিছ জনছনে জুলাই মাহত শাসনভাৰ দখল কৰে ৷ পূৰ্বে ব্ৰুছেলচ ৰ সাংবাদিক হিচাপে বৰিছে ইউৰোপীয় সংঘৰ পৰা ব্ৰিটেইন ফালৰি কাটি অহাৰ সমৰ্থনত সৰৱ প্ৰচাৰ চলাইছিল ৷ তেওঁ কৈছিল- " এয়া আমাৰ দেশখনৰ বাবে এখন গুৰুত্বপূৰ্ণ চুক্তি হ'ব ৷ মোৰ বিশ্বাস ইউৰোপীয় সংঘৰ মিত্ৰদেশ সকলৰ বাবেও ই এটা ভাল বুজাপৰা হ'ব " ৷ মন কৰিবলগীয়া যে, দেশখনৰ ডেমক্ৰেটিক ইউনিয়ন পাৰ্টীকে ধৰি তেওঁৰ চৰকাৰক সমৰ্থন জনোৱা সকলো বিৰোধী দলে চুক্তিখনৰ বিৰোধিতাৰে বিষয়টো ব্ৰিটেইনৰ নাগৰিকৰ মাজলৈ লৈ যায় ৷ অহা ডিচেম্বৰ মাহত দেশখনত নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ অৱশ্যে দেশখনত গ্ৰীষ্মকালতহে নিৰ্বাচন অনু্ষ্ঠিত হোৱাৰ প্ৰচলিত নিয়ম ৷

ভাৰতে ব্ৰেক্সিটৰ বিষয়টো কেনেদৰে পৰ্যালোচনা কৰিব ? ব্ৰিটেইনৰ ৰাজনীতিত ইয়াৰ প্ৰভাৱ কেনেকৈ পৰিব ? ব্ৰিটেইনৰ তদানীন্তন প্ৰধানমন্ত্ৰী টেৰেছা মে'য়ে ভাৰত ভ্ৰমণ কালত উল্লেখ কৰিছিল যে, " মই ভৱিষ্যতে ভাৰত আৰু ব্ৰিটেইনৰ মাজত কৌশলগত বন্ধুত্বৰ সম্পূৰ্ক স্থাপন হোৱাটো কামনা কৰো ৷ ব্ৰিটেইনে যিহেতু ইউৰোপীয় সংঘৰ পৰা বাহিৰ হ'ব ওলাইছে আৰু ভাৰত এক নতুন পথত গতি কৰিছে সেয়ে আমি এই সুযোগ গ্ৰহণ কৰা উচিত " ৷ ভাৰতীয় প্ৰৱাসী সকলৰ ক্ষেত্ৰত থকা কঠোৰ ভিছা নীতি সৰলিকৰণৰ বিষয়টো অন্যতম হিচাপে পৰিগণিত হৈ আছে ৷ কিয়নো 2010 - 2011 চনৰ পৰা 2016-17 চনলৈ ভাৰতীয় শিক্ষাৰ্থীৰ পৰিমাণ সেই দেশখনত 50 শতাংশ হ্ৰাস পাইছিল ৷

ইপিনে, ইয়াৰ বিপৰীতে ব্ৰিটেইনৰ কনজাৰভেটিভ দলৰ স্থিতি ভাৰতৰ সৈতে যথেষ্ট সৌহাৰ্দ পূৰ্ণ ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডেভিদ কেমেৰ'ণে তেওঁৰ প্ৰথমটো কাৰ্যকালত তিনিবাৰকৈ ভাৰত ভ্ৰমণ কৰিছিল ৷ 2015 চনত তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে লণ্ডনৰ ৱেম্বলে ষ্টেডিয়ামত আয়োজিত প্ৰৱাসী ভাৰতীয় সকলৰ বিশাল জনসভাত বক্তব্য ৰাখি কৈছিল ' প্ৰধানমন্ত্ৰী মোদীক পৰিচয় কৰি দিয়াৰ পূৰ্বে মই 60 হাজাৰৰো অধিক দৰ্শকক ক'ব খুজো যে, আগন্তুক সময়ছোৱাত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আৱাসত ভাৰতীয় মূলৰ ব্ৰিটিছ নাগৰিক এজন অধিষ্ঠিত হ'ব বুলি কল্পনা কৰিব পাৰি ৷  মোদী আৰু মই মঞ্চত কৰমৰ্দন কৰি আশা প্ৰকাশ কৰিছিলো যে, প্ৰতিটো ক্ষুদ্ৰ ক্ষুদ্ৰ আও-ভাওৱে  বিশ্বৰ প্ৰতি থকা ব্ৰিটেইনৰ দৃষ্টিভংগীৰ এক ইংগিত বহন কৰে ৷  


অন্যহাতে দেশৰ লেবাৰ পাৰ্টীৰ নেতা তথা পাক-অধিকৃত কাশ্মীৰ মূলৰ লৰ্ড নাজিৰ আহেমেদ আদি সকলে ভোটবেংকৰ ৰাজনীতিত অধিক মনোনিৱেশ কৰি আহিছে ৷ দেশখনত পাকিস্তানী মূলৰ প্ৰায় 11 লাখ ব্ৰিটিছ নাগৰিক আছে ৷ অৰ্ধশিক্ষিত শ্ৰেণীৰ অধিকাংশ লোকে দেশখনত সাধাৰণ কামত নিয়োজিত হৈ আছে৷ সেইলোক সকলেও বহু সংসদীয় সমষ্টিত নিজৰ প্ৰভাৱ ৰাখে ৷ শেহতীয়া সময়ছোৱাত কাশ্মীৰ বিষয়লৈ লেবাৰ পাৰ্টীৰ নেতা জেৰেমি কৰবিণে সৃষ্টি কৰা বিতৰ্কত ব্ৰিটেইনস্থিত শতাধিক ভাৰতীয় সংগঠনে প্ৰত্যাহবান জনাইছিল আৰু ফলশ্ৰুতিত দেশখনৰ বৈদেশিক মন্ত্ৰণালয়ে বিবৃত্তি দিবলৈ বাধ্য হৈছিল ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.