ETV Bharat / bharat

হাঁও-ফাঁওত ৰক্ত সঞ্চালনত ব্যাঘাত ? সাৱধান হ'ব....

author img

By

Published : Nov 9, 2019, 5:46 PM IST

শ্বাস-প্ৰশ্বাস ৰোগ বিশেষজ্ঞ ডাঃ আৰ বিজয় কুমাৰৰ কথাৰে

হাঁও-ফাঁওত ৰক্ত সঞ্চালনত ব্যাঘাত

সমস্যাঃ মোৰ দেউতাৰ বয়স 57 বছৰ ৷ শ্বাহ-প্ৰশ্বাসত কষ্ট পাই থকা বাবে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হ'ল ৷ বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষাৰ অন্তত চিকিৎসকে জনালে যে, তেওঁৰ হাও-ফাঁওত তেজ সঞ্চালনৰ ৰক্তনলী ব্যাহত হৈছে ৷ এইটো আকৌ কি সমস্যা ? ইয়াৰ সমাধান কি ! এনে সমস্যাৰ পৰা আতৰি থাকিবলৈ কি কৰা উচিত ?

সমাধানঃ সমস্যাটো আৰম্ভ হৈছে শৰীৰৰ শ্বাস-প্ৰশ্বাস জনিত ব্যৱস্থা ব্যাহত হোৱাৰ বাবে ৷ যাক চিকিৎসা বিজ্ঞানৰ ভাষাত " Pulmonory Thromboembolism " (PE) বুলি কোৱা হয় ৷ যদিও ইয়াক এটা হাঁও-ফাঁও জনিত সমস্যা বুলি কোৱা হয়, প্ৰকৃততে এই ৰোগ মানুহৰ দুভৰিৰ ৰক্তনলীৰ পৰাই আৰম্ভ হয় ৷ মানৱ শৰীৰত হৃদযন্ত্ৰলৈ ৰক্তনলীৰে তেজ প্ৰৱাহিত হোৱাৰ লগে লগে হাঁও-ফাঁওলৈও তেজ প্ৰৱাহিত হয় ৷ এই প্ৰক্ৰিয়াত ৰক্তকনিকা সমূহৰ লগত অক্সিজেন সৰবৰাহ হয় আৰু পিছত ই হৃদযন্ত্ৰলৈ গতি কৰে আৰু এই প্ৰক্ৰিয়া ই শৰীৰৰ অনান্য অংশলৈ সঞ্চালিত হয় ৷ এইয়া মানৱ শৰীৰ নৈমত্তিক প্ৰক্ৰিয়া ৷ কিন্তু কিছুমান মানুহৰ ক্ষেত্ৰত দেখা যায় যে, ভৰীৰ কলা ফুল আৰু উৰুত ক্ষুদ্ৰ ক্ষু্দ্ৰ ৰক্তনলীত তেজৰ সঞ্চালন বন্ধ হৈ থাকে অথবা বাধাগ্ৰস্ত হৈ থাকে ৷ যাৰফলত শৰীৰৰ ৰক্ত সঞ্চালনৰ সমগ্ৰ প্ৰক্ৰিয়াটো স্তীমিত হয় আৰু ৰক্ত প্ৰৱাহিকাৰ বেৰ সমূহ ক্ষতিগ্ৰস্ত হোৱাৰ উপৰিও তেজ গোট মৰা দেখা যায় ৷ এই সমস্যাটো সাধাৰণতে একেৰাহে বহুসময় ধৰি হাত-ভৰি লৰচৰ নকৰাকৈ বহি থকা মানুহৰ ক্ষেত্ৰত সৰ্বাধিক দেখা যায় ৷ কেতিয়াবা মানুহৰ ভৰীত তেজ গোট মৰা এনে সমস্যা স্থানান্তৰিত হৈ হাঁও-ফাঁওৰ ৰক্ত প্ৰৱাহিকাক প্ৰভাৱিত কৰে ৷ ফলত হাঁও-ফাঁওৰ কাৰ্যক্ষমতা ব্যাহত হয় ৷ পৰ্যাপ্ত অক্সিজেন অবিহনে সঞ্চালিত তেজ হৃদযন্ত্ৰলৈ উভতি আহে ৷ যিহেতু এনেবোৰ তেজত পৰ্যাপ্ত অক্সিজেন নাথাকে সেয়ে মানুহৰ শ্বাস-প্ৰশ্বাসৰ সমস্যাই দেখা দিয়ে ৷ হাঁও-ফাঁও তেতিয়া সংকুচিত হোৱাৰ লগতে বকুৰ বিষ আৰম্ভ হয় ৷ তেজ গোট মৰা এনে ঘটনা সংঘটিত হয় তেতিয়া "D-Dimer" নামৰ পৰীক্ষা এটা চলোৱা হয় ৷ চিকিৎসকে এই পৰীক্ষণৰ দ্বাৰা সমস্যাটো নিৰ্ণয় কৰিব পাৰে ৷ ৰক্তনলীত সাধাৰণ তেজ গোটমৰা সমস্যাটোৰ নিৰ্মূল অথবা পৰিত্ৰাণৰ বাবে হাঁও-ফাঁওৰ এঞ্জিওগ্ৰাম কৰা হয় ৷ এই সমস্যাটো নিশ্চিত হোৱাৰ পাচত চেলেনাইৰ সৈতে হেপাৰিন নামৰ ঔষধ মিহলি কৰি দীৰ্ঘসময়ৰ বাবে ৰোগীক পৰিচৰ্যা কৰা হয় ৷ এনে কাৰ্যৰ ফলত বন্ধ হৈ পৰা বা আংশিকভাৱে বন্ধ হোৱা ৰক্ত প্ৰৱাহিতা খোল খাই যায় ৷ যেতিয়া এই সমস্যাটোৰ তীব্ৰতা লাঘৱ হয় তেতিয়া হেপাৰিণ টেবলেট খাবলৈ দিয়া হয় যিটো পৰৱৰ্তী ছমাহৰ বাবে ব্যৱহাৰ কৰিব পাৰি ৷ ইয়াৰ পৰৱৰ্তী পৰ্য়ায়ত এই সমস্যাটো পুনৰ দেখা নিদিবৰ বাবে সাবধনামূলক ব্যৱস্থা ল'ব পৰা যায় ৷ যদি দেখা দিয়া সমস্যাটো গভীৰ হয় অথবা শ্বাস-প্ৰশ্বাস লোৱাটো একেবাৰে কঠিন হয় তেতিয়া এঞ্জিওপ্লাষ্টি চিকিৎসা পদ্ধতিৰ বিকল্প নাথাকে ৷ এই প্ৰক্ৰিয়াত উৰুৰ মাংসপেশীৰ মাধ্যমৰে ক্ষুদ্ৰ নলী এডাল প্ৰেৰণ কৰা হয় আৰু ৰক্ত আবদ্ধ হৈ থকা ঠাইখিনিত এনজাইম ইনজেকচেন দি সমস্যাটোৰ নিৰ্মূলৰ ব্যৱস্থা কৰা হয় ৷ যদি ইতিমধ্যে হেপাৰিণ ঔষধ ব্যৱহাৰ কৰিছে তেনেহ'লে অধিক গুৰুত্বতাৰে ৰোগীৰ পৰিচৰ্যা কৰাটো বাঞ্চনীয় ৷ উপযুক্ত পৰিমাণৰ ঔষধ সেৱনৰ নিশ্চয়তা থাকিব লাগিব ৷ যদি ঔষধৰ পৰিমাণ বৃদ্ধি পায় তেনেহ'লে শৰীৰৰ অন্য অংশত কোনো সাধাৰণ আঘাত পালেও অধিক ৰক্তক্ষয় হোৱাৰ সম্ভাৱনা থাকে ৷ সেয়ে চিকিৎসকে ঔষধৰ পৰিমাণ নিৰ্ধাৰণ কৰি ৰাখিবলৈ সঘনাই এই সমস্যাৰ বাবে পৰীক্ষা কৰোৱাই ৷ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাই থাকিবলৈ হ'লে নিয়মিত ব্যয়াম কৰাটো প্ৰয়োজনীয় ৷ যিসকল লোকে গাড়ী-উৰাজাহাজ আদিত দীঘলিয়া ভ্ৰমণ কৰে তেওঁলোকে মাজে মাজে ইফাল-সিফাল কৰি খোজ কঢ়াটো বাঞ্চনীয় ৷ বিশেষকৈ ভৰিৰ উৰু আৰু ক'লা ফুলত যাতে হেচাঁ নপৰে তাৰ প্ৰতি গুৰুত্ব দিয়া উচিত ৷

Intro:Body:

CHAIRMAN SPECIAL ARTICLE


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.