ETV Bharat / bharat

পশ্চিমবংগত বিজেপি কৰ্মীক গুলিয়াই হত্যা

author img

By

Published : Oct 28, 2020, 8:31 PM IST

পশ্চিমবংগত বিজেপি কৰ্মীক গুলিয়াই হত্যা কৰিলে তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে ৷ আৰক্ষীয়ে এই ঘটনাক ভূমিকেন্দ্ৰিক বিবাদ বুলি মন্তব্য কৰিছে ৷

পশ্চিমবংগত বিজেপি কৰ্মীক গুলিয়াই হত্যা
পশ্চিমবংগত বিজেপি কৰ্মীক গুলিয়াই হত্যা

নেশ্যনেল ডেস্ক, 28 অক্টোবৰ : পশ্চিমবংগৰ হাওৰা জিলাত তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে গুলিয়াই হত্যা কৰে বিজেপি কৰ্মী কিংকৰ মাঝীক ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মাঝীক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও তেওঁ মৃত্যুক আঁকোৱালি লয় ৷

শনিবাৰে নিশা কৰ্মস্থলীৰ পৰা কিংকৰ মাঝী ঘৰলৈ উভতাৰ সময়ত এই ঘটনা সংঘটিত হয় ৷ 52 বৰ্ষীয় কিংকৰ মাঝীক বাগনান আৰক্ষী থানাৰ অধীনৰ চন্দনাপাৰা অঞ্চলত গুলিয়াই হত্যা কৰা হয় ৷

পূৰ্বৰ এক ভূমিকেন্দ্ৰিক বিবাদৰ বাবে কিংকৰ মাঝীক আধাবাটতে ৰখাই গুলিয়াই হত্যা কৰে তৃণমূল কংগ্ৰেছৰ কৰ্মী পৰিতোষ মাঝী আৰু কিছু লোকে ৷ উল্লেখ্য় যে, পৰিতোষ মাঝীৰ চুবুৰীয়া হৈছে কিংকৰ মাঝী ৷

ঘটনা সংঘটিত হোৱাৰ পাচতে কিংকৰ মাঝীক উলুবেৰিয়া ছুপাৰ স্পেছিয়েলিটী হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত মহা সপ্তমীৰ দিনা কলকাতাৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয় ৷

বিজেপিয়ে এই ঘটনাক ৰাজনৈতিক কাৰণ বুলি অভিহিত কৰিছে যদিও আৰক্ষী তথা শাসনাধীন তৃণমূল কংগ্ৰেছে ভূমিকেন্দ্ৰিক বিবাদ বুলি মন্তব্য কৰিছে ৷ স্থানীয় বিজেপি নেতা অনুপম মালিকে দাবী কৰে যে, কিংকৰ মাঝীক পূৰ্বেও অভিযুক্ত তৃণমূল কংগ্ৰেছৰ কৰ্মীগৰাকীয়ে হত্যাৰ ভাবুকি প্ৰদান কৰিছিল ৷

লগতে পঢ়ক : ক'ভিড-19 ত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.