ETV Bharat / bharat

আন্তৰ্জাতিক বজাৰত অভিলেখ ৰচিলে অসমৰ 'গ'ল্ডেন বাটাৰফ্লাই' চাহে

author img

By

Published : Aug 13, 2019, 6:35 PM IST

Golden Butterfly tea

'Golden Butterfly' হৈছে অসমত উৎপাদিত এবিধ বিশেষ চাহপাত ৷ ডিব্ৰুগড়ৰ সমীপৰ ডিকম চাহ বাগিচাত উৎপাদিত হয় এইবিধ বিশেষ চাহপাত ৷ শেহতীয়াকৈ বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বিশ্বত সবাতোকৈ অধিক মূল্যত বিক্ৰী হোৱা অসমৰ এইবিধ চাহপাতে ৷

গুৱাহাটী,13 আগষ্টঃ গুৱাহাটী চাহ নিলাম কেন্দ্ৰ চমুকৈ GTAC য়ে মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰচিলে অভিলেখ ৷ আন্তৰ্জাতিক বজাৰত অসমত উৎপাদিত 'Golden Butterfly' নামৰ চাহপাত প্ৰতি কেজিত 75 হাজাৰ টকা দামত বিক্ৰী কৰি অভিলেখ ৰচিলে GTACয়ে ৷

ডিব্ৰুগড়ৰ সমীপৰ ডিকম চাহ বাগানত উৎপাদিত 'গ'ল্ডেন বাটাৰফ্লাই' হৈছে এবিধ বিশেষ চাহপাত ৷ গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ সম্পাদক দীনেশ বিহানীয়ে প্ৰকাশ কৰা অনুসৰি,"গুৱাহাটীৰে এম/এচ আসাম টি ট্ৰেডাৰছ নামৰ এখন দোকানে গ্ৰাহকসকলৰ বাবে ক্ৰয় কৰিছে এই চাহপাত ৷ তেওঁলোকে বিগত সময়বোৰতো নিলামৰ বাবে এনেধৰণৰ বিশেষ চাহপাতসমূহ বেচি মূল্যত ক্ৰয় কৰি আহিছে ৷ চাহৰ ক্ষেত্ৰখনত এই নিলাম কেন্দ্ৰটোৱে এনে পৰিচয় বহন কৰি আহিছে য'ত নেকি প্ৰত্যেকবাৰেই পূৰ্বৰ অভিলেখসমূহ ভংগ কৰি আহিছে আৰু নতুন ইতিহাস খোদিত কৰি আহিছে ৷"

তেওঁ লগতে কয় যে,"গুৱাহাটী চাহ নিলাম কেন্দ্ৰই সদায় বিক্ৰেতাসকলক এটা লাভজনক অংকত চাহ বিক্ৰি কৰিবলৈ সুবিধা দি আহিছে ৷ উৎকৃষ্ট চাহপাতসমূহৰ চাহিদা সদায়ে বেচি আৰু গ্ৰাহকসকলেও তাৰ বাবে মোটা অংকৰ ধন দিবলৈও সদাপ্ৰস্তুত ৷ সম্প্ৰতি, সকলোতকৈ উৎকৃষ্ট আৰু বিশেষ চাহৰ বাবে এতিয়া সমগ্ৰ বিশ্বত পৰিচিত হৈ পৰিছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ ৷" এই বিশেষ চাহপাতবিধৰ প্ৰস্তুত প্ৰক্ৰিয়াও আনতকৈ পৃথক ৷ হাতেৰে মেৰিয়াই আৰু ৰ'দৰ পোহৰত শুকুৱাই প্ৰস্তুত কৰা হয় এই বিশেষ চাহবিধ ৷ উল্লেখ্য যে,যোৱা 31 জুলাই তাৰিখে প্ৰতি কেজিত 70,501 টকা দামত বিক্ৰী হোৱাৰ বিপৰীতে মঙলবাৰে 75 হাজাৰ টকা দামত বিক্ৰী কৰি পূৰ্বৰ অভিলেখ ভংগ কৰে গুৱাহাটী চাহ নিলাম কেন্দ্ৰই ৷

Intro:Body:

Guwahati, Aug 13 (IANS) The Guwahati Tea Auction Centre (GTAC) on Tuesday created another international history by selling 1 kg of the "Golden Butterfly" tea at a whopping Rs 75,000.



The "Golden Butterfly" is a speciality tea and is produced by the Dikom Tea Estate near Dibrugarh.



GTAC Secretary Dinesh Bihani said that the tea was bought by one of the oldest tea shops in Guwahati M/s Assam Tea Traders for their customers. They have bought a lot of speciality tea in the past auctions at record prices.



"In the world of tea, this auction centre has created an image of a place where records are meant to be broken and history is meant to be re-written.



"The GTAC is giving an opportunity to all the sellers who want to sell their teas at remunerative prices. The best teas are always in good demand and the buyers are always ready to pay a handsome price," Bihani said, adding that the GTAC has become a world recognized tea hub for quality and specialty tea.



Tuesday's record broke a previous one of the Maijan Orthodox Golden tea tips that fetched

Rs 70,501 per kg on July 31.



Maijan Orthodox Golden Tea is a hand-rolled and sun dried speciality tea.

 


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.