ETV Bharat / bharat

প্ৰব্ৰজনকাৰী শ্ৰমিকক বিমানেৰে নিজ স্থানলৈ পঠিয়াব আপ নেতা সঞ্জয় সিঙে

author img

By

Published : Jun 3, 2020, 3:02 PM IST

বিমানেৰে দিল্লীৰ পৰা ৩৩ জন শ্ৰমিকক নিজ গৃহলৈ উভতাই পঠোৱাৰ ব্যৱস্থা কৰিছে আম আদমী দলৰ নেতা সঞ্জয় সিঙে। প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ ঘৰলৈ পঠিওৱাৰ এই যাত্ৰাত নিজেও উপস্থিত থাকিব ৰাজ্যসভাৰ সাংসদগৰাকী।

aap mp sanjay singh
aap mp sanjay singh will send 33 laborers to bihar from delhi

নিউজ ডেস্ক, ৩ জুনঃ আম আদমী দলৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক বিমানেৰে নিজ ৰাজ্যলৈ পঠিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এজন সাংসদ হিচাপে প্ৰতিবছৰে বিনামুলীয়াকৈ লাভ কৰা ৩৪ টা বিমান টিকত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ বাবে প্ৰদান কৰে। বুধবাৰে দুপৰীয়া সঞ্জয় সিঙে দিল্লীৰ পৰা ৩৩ গৰাকী শ্ৰমিকক বিমানবন্দৰলৈ লৈ যাব । তাৰ পিছত তেওঁলোকৰ সৈতে একেলগে পাটনালৈ উৰা মাৰিব সাংসদগৰাকী।

aap mp sanjay singh will send 33 laborers to bihar from delhi
প্ৰব্ৰজনকাৰী শ্ৰমিকক বিমানেৰে নিজ স্থানলৈ পঠিয়াব আপ নেতা সঞ্জয় সিঙে
উল্লেখ্য যে,আম আদমী দলৰ ৰাজ্যসভা সাংসদ সঞ্জয় সিঙে লক ডাউনৰ বাবে দিল্লীত আবদ্ধ হৈ আছিল। সেই সময়ত দিল্লীত আবদ্ধ হৈ থকা বহুসংখ্যক প্ৰব্ৰজনকাৰী শ্ৰমিকক সহায়ৰ হাত আগবঢ়াই সাংসদগৰাকীয়ে। তেখেতে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ বাবে খাদ্যৰ যোগান ধৰাৰ লগতে থকা ঠাইৰ ব্যৱস্থা কৰি দিয়ে। সাংসদগৰাকীয়ে দিল্লীত আবদ্ধ হৈ থকা আন ৰাজ্য়ৰ প্ৰব্ৰজনকাৰী শ্ৰমিকক এইপৰ্যন্ত ৪১ খন বাছৰ জড়িয়তে নিজ নিজ ৰাজ্যলৈ পঠিওৱাৰ ব্যৱস্থা কৰি দিয়ে। দুদিন পূৰ্বে তেখেতে ৯ খন বাছৰ জড়িয়তে বিহাৰৰ পৰা ১০ খন বিভিন্ন জিলাৰ শ্ৰমিকক নিজ গৃহলৈ উভতাই পঠিয়াই।

লগতে চাওকঃ গোলাঘাটত বন্যহস্তীৰ সন্ত্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.