পিলিভিটত ভয়ংকৰ পথ দুৰ্ঘটনা : মৃতকৰ সংখ্যা 9 লৈ বৃদ্ধি

author img

By

Published : Oct 17, 2020, 10:17 AM IST

মৃতকৰ সংখ্যা 9 লৈ বৃদ্ধি

পিলিভিটত বাছ আৰু কাৰৰ মুখামুখি সংঘৰ্ষত নিহত 9 জনকৈ লোক ৷ আনহাতে, 30 জনতকৈ অধিক লোক আহত ৷

নেশ্যনেল ডেস্ক, 17 অক্টোবৰ : উত্তৰ প্ৰদেশৰ পিলিভিটত বাছ আৰু কাৰৰ সংঘৰ্ষত নিহত লোকৰ সংখ্যা 9 জনলৈ বৃদ্ধি পাইছে ৷ আৰক্ষী অধীক্ষক জয় প্ৰকাশে জানিবলৈ দিয়া অনুসৰি, "লক্ষ্ণৌৰ পৰা পিলিভিটলৈ আহি থকা এখন বাছৰ পুৰাইপুৰৰ পৰা আহি থকা এখন কাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ৷ ইয়াৰ ফলত বাছখন ঘটনাস্থলীতে বাগৰি পৰাৰ লগতে 9 জন লোকৰ মৃত্যু আৰু 30 জনতকৈ অধিক লোক আঘাতপ্ৰাপ্ত হৈছে ৷ ঘটনাৰ ফলত গাড়ীখনৰ আৰোহীসকলো গুৰুতৰভাৱে আহত হৈছে ৷"

আঘাতপ্ৰাপ্ত সকলক ততাতৈয়াকৈ ওচৰৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷ ঘটনাৰ ফলত আহত হোৱা অধিক সংখ্যক লোক পিলিভিটৰ বুলি জানিবলৈ দিয়ে স্থানীয় আৰক্ষীয়ে ৷

লগতে পঢ়ক : কাশ্মীৰৰ বুডগাম জিলাত সুৰক্ষা বাহিনীৰ সৈতে সন্ত্ৰাসবাদীৰ গুলিয়াগুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.