ETV Bharat / bharat

মথুৰাত 500 কাৰাবন্দীক কোৱাৰেণ্টাইন

author img

By

Published : Aug 23, 2020, 4:19 PM IST

কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে মথুৰা জিলা কাৰাগাৰৰ প্ৰায় 500 গৰাকী কাৰাবন্দীক কৰা হৈছে কোৱাৰেণ্টাইন ৷ বিগত সময়ছোৱাত কাৰাগাৰখনৰ 24 গৰাকী কাৰাবন্দীৰ দেহত ধৰা পৰিছিল কোভিড 19 ৰ উপস্থিতি ৷ তদুপৰি ঝান্সীৰ কাৰাগাৰত 128 গৰাকী আৰু বলিয়া কাৰাগাৰত 228 গৰাকী কাৰাবন্দীৰ দেহত ধৰা পৰিছিল কোভিড 19 ৰ উপস্থিতি ৷

500 jail inmates quarantined in Mathura Etv bharat news
মথুৰাত 500 কাৰাবন্দীক কোৱাৰেণ্টাইন

মথুৰা,23 আগষ্ট: উত্তৰ প্ৰদেশৰ মথুৰা জিলা কাৰাগাৰৰ প্ৰায় 500 গৰাকী কাৰাবন্দীক কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে কোৱাৰেণ্টাইন কৰা হৈছে ৷ বিগত সময়ছোৱাত কাৰাগাৰখনৰ 24 গৰাকী কাৰাবন্দীৰ দেহত ধৰা পৰিছিল কোভিড 19 ৰ উপস্থিতি ৷ আক্ৰান্তসকলৰ ভিতৰত এগৰাকী কাৰাগাৰৰ অধ্যক্ষও আছে বুলি জানিব পৰা গৈছে ৷ ইয়াৰ পিছতে জিলা প্ৰশাসনৰ দ্বাৰা কাৰাগাৰসমূহ চেনিটাইজ কৰা হয় ৷

এই সন্দৰ্ভত মথুৰাৰ কাৰাগাৰৰ জ্যেষ্ঠ অধীক্ষক শৈলেন্দ্ৰ মৈত্ৰই প্ৰকাশ কৰা অনুসৰি,কাৰাগাৰৰ ভিতৰছোৱাত কৰ্তৃপক্ষই নিয়াৰিকৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে যদিও কোনো কোনো কৰ্মচাৰী বাহিৰলৈ গৈ আছিল ৷ সেই কৰ্মচাৰীসকলে কাৰাবন্দীক খাদ্য বিতৰণৰ কামত নিয়োজিত হৈ আছিল ৷ আৰু এনেদৰে কৰ’ণা সংক্ৰমণৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ ইতিমধ্যে কৰ’ণাত আক্ৰান্ত কাৰাবন্দীসকলক ৰাখিবলৈ আছুতীয়া কোঠাৰ ব্যৱস্থা কৰা হৈছে ৷ সম্প্ৰতি কাৰাগাৰখনত 96 গৰাকী মহিলা কাৰাবন্দী সহিতে 1,516 গৰাকী কাৰাবন্দী থকাৰ কথা জানিব পৰা গৈছে ৷ এই মুহুৰ্তলৈকৈ জিলাখনৰ 1,831 গৰাকী লোকৰ কৰ’ণা ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু ইয়াৰে 43 গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে ভাইৰাছবিধৰ উপস্থিতি ৷ জিলা স্বাস্থ্য বিষয়াই সদৰী কৰা তথ্য অনুসৰি বৰ্তমান 564 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছে ৷

বিগত সময়ছোৱাত ঝান্সীৰ কাৰাগাৰত 128 গৰাকী আৰু বলিয়া কাৰাগাৰত 228 গৰাকী কাৰাবন্দীৰ দেহত ধৰা পৰিছিল কোভিড 19 ৰ উপস্থিতি ৷

লগতে চাওকঃ কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ক'ভিড-19 প'জিটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.