ETV Bharat / bharat

৪৮ ঘণ্টাত ১৮৫ গৰাকী আৰক্ষীৰ লোক আক্ৰান্ত কোভিড-১৯ত

author img

By

Published : Jun 24, 2020, 9:23 PM IST

মহাৰাষ্ট্ৰত বৰ্তমানলৈকে মুঠ ৪২৮৮ গৰাকী আৰক্ষীৰ লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি । ইয়াৰ ভিতৰত ৯৯৮ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ৩২৩৯ গৰাকী ৰোগীয়ে।

Maharashtra Police
185 cops test positive for COVID-19, 2 succumb in last 48 hrs: Maharashtra Police

নিউজ ডেস্ক, ২৪ জুনঃ মহাৰাষ্ট্ৰত বিগত ৪৮ ঘণ্টাত নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে ১৮৫ গৰাকী আৰক্ষীৰ লোক। আনহাতে, এই সময়ছোৱাত এই মহামাৰীৰ ফলত ২ গৰাকী আৰক্ষীৰ লোক মৃত্যুমুখত পৰিছে ।

মহাৰাষ্ট্ৰ আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমানলৈকে মুঠ ৪২৮৮ গৰাকী আৰক্ষীৰ লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি। ইয়াৰ ভিতৰত ৯৯৮ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ৩২৩৯ গৰাকী লোকে। আনহাতে এই মহামাৰীৰ ফলত জৰুৰীসেৱাত নিয়োজিত মুঠ ৫১ গৰাকী আৰক্ষীৰ লোক মৃত্যুমুখত পৰিছে ।

উল্লেখ্য যে, সমগ্ৰ দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাচত । স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰতিদিনে প্ৰায় ৩ হাজাৰৰো অধিক লোকৰ দেহত সংক্ৰমিত হয় এই ভাইৰাছৰ বিজাণু । ৰাজ্যখনত এইপৰ্যন্ত মুঠ ১,৩৯,০০০ গৰাকীৰ অধিক লোক কোভিড-১৯ত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ৬২,৮৩৩ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে মৃত্যুমুখত পৰিছে ৬,৫৩১ গৰাকী ব্যক্তি । আনহাতে, বুধবাৰলৈকে মুঠ ৬৯,৬৩১ গৰাকী লোকে এই ভাইৰাছৰ কৱলৰ পৰা আৰোগ্য লাভ কৰিছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.