ETV Bharat / bharat

Karnataka Terror Suspect Case : বেংগালুৰুত সন্দেহজনক সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 4:00 PM IST

Karnataka Terror Suspect Case
Karnataka Terror Suspect Case

বেংগালুৰু আৰক্ষীয়ে সন্ত্ৰাসবাদী সন্দেহযুক্ত গোচৰ সন্দৰ্ভত আন এজন লোকক গ্ৰেপ্তাৰ কৰিছে । বেংগালুৰুৰ আৰ টি নগৰ আৰক্ষীয়ে অপৰাধ শাখাৰ দ্বাৰা তদন্ত কৰি থকা সন্ত্ৰাসবাদী সন্দেহজনক লোকৰ গোচৰৰ সৈতে জড়িতৰ সন্দেহত লোকজনক গ্ৰেপ্তাৰ কৰিছে ।

নিউজ ডেস্ক, ২৯ আগষ্ট : বেংগালুৰু আৰক্ষীয়ে সন্ত্ৰাসবাদী সন্দেহযুক্ত গোচৰৰ সন্দৰ্ভত আন এজন লোকক গ্ৰেপ্তাৰ কৰিছে । বেংগালুৰুৰ আৰ টি নগৰ আৰক্ষীয়ে অপৰাধ শাখাৰ দ্বাৰা তদন্ত কৰি থকা সন্ত্ৰাসবাদী সন্দেহজনক লোকৰ গোচৰৰ সৈতে জড়িতৰ সন্দেহত লোকজনক গ্ৰেপ্তাৰ কৰিছে । কেইসপ্তাহমান পূৰ্বে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সন্দেহত ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল । তেওঁলোকৰ জিম্মাৰ পৰা বন্দুক আৰু গ্ৰেনেড উদ্ধাৰ কৰা হৈছিল । এই সম্পৰ্কত অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে ।

শেহতীয়া ঘটনাটোত, চাৰি বছৰ ধৰি আৰক্ষীৰ পৰা পলাতক হৈ থকা মহম্মদ আৰ্শাদ খানক গ্ৰেপ্তাৰ কৰা হৈছে । ২০১৭ চনত মহম্মদ আৰ্শাদ খান এজন নাবালক আছিল । তেওঁক নুৰ আহমেদৰ অপহৰণ আৰু হত্যাৰ গোচৰত অভিযুক্ত কৰা হৈছিল । তাৰ পিছত আৰ্শাদ খান হত্যা, হত্যাৰ প্ৰচেষ্টা আৰু ডকাইতিকে ধৰি ১৭ টাতকৈও অধিক অপৰাধমূলক গোচৰত জড়িত হৈ কুখ্যাত হৈ পৰে ।

আৰক্ষীয়ে তেওঁক বহুবাৰ গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু তেওঁ ডিঙি কাটি আত্মহত্যা কৰাৰ ভাবুকি দিছিল । কিন্তু ২৭ আগষ্টৰ পুৱা ৫ বজাত আৰক্ষীয়ে আৰ টি নগৰৰ এটা ঘৰত আৰ্শাদ খানৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰে আৰু ঘৰটোৰ চাৰিওফালে থকা চিচিটিভি ফুটেজ পৰীক্ষা কৰে ।

তাৰ পিছত অভিযুক্ত ঘৰটোত থকা বুলি নিশ্চিত হৈ আৰক্ষীয়ে পোনপটীয়াকৈ ঘৰৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰে । সেই সময়ত ঘৰৰ পৰা এখন ছুৰী লৈ আৰ্শাদ খানে তেওঁৰ ডিঙি কাটিবলৈ চেষ্টা কৰে । আনহাতে, তেওঁ দ্বিতীয় মহলাৰ পৰা জঁপিয়াই পলোৱাৰো চেষ্টা কৰে । কিন্তু আৰক্ষীয়ে অভিযুক্তক সেই সুবিধা গ্ৰহণ কৰিব নিদিয়ে আৰু তেওঁক গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্য যে বেংগালুৰুৰ চিচিবি আৰক্ষীয়ে অলপতে পাঁচজন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছিল । লগতে উক্ত পাঁচজনক গ্ৰেনেড যোগান ধৰা অভিযুক্ত জুনেইদ নামৰ এজন অভিযুক্ত বিদেশলৈ পলাই যায় । আৰ্শাদ খানক আটক কৰি বৰ্তমান জেৰা কৰি থকা হৈছে । আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত বৰ্তমান জুনেইদৰ সংস্পৰ্শত আছে নেকি সেই বিষয়ত তথ্য সংগ্ৰহ কৰি থকা হৈছে ।

লগতে পঢ়ক :Manipur Violence : মণিপুৰত NSCN কেডাৰসহ ৪ উগ্ৰপন্থী গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.