ETV Bharat / bharat

Charge sheet against PFI : ধৃত পিএফআই নেতাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযোগনামা

author img

By

Published : Mar 20, 2023, 3:43 PM IST

Charge sheet against PFI
পিএফআই নেতাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযোগনামা

বেংগালুৰু আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা অনুসৰি পিএফআইয়ে সন্ত্ৰাসবাদৰ প্ৰশিক্ষণ আৰু পুঁজিৰ যোগান ধৰিছিল । আৰক্ষীয়ে ইউএপিএ আইন আৰু আইপিচিৰ ধাৰা ১৫৩এৰ অধীনত গোচৰ ৰুজু কৰা ১৫ পিএফআই কৰ্মীৰ বিৰুদ্ধে ১০,১৯৬ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে (Charge sheet against PFI)। ২০২২ চনৰ ছেপ্টেম্বৰত গৃহ মন্ত্ৰালয়ে পিএফআইক নিষিদ্ধ কৰিছিল ।

নেশ্যনেল ডেস্ক,২০ মাৰ্চ : কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুৰ কে জি হাল্লি আৰক্ষীয়ে দেওবাৰে বৰ্তমান নিষিদ্ধ হৈ থকা পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (পিএফআই) ১৫ গৰাকী কৰ্মীৰ বিৰুদ্ধে আদালতত অভিযোগনামা দাখিল কৰে (Charge sheet against PFI)। পিএফআইৰ সভাপতি নাছিৰ পাশাকে ধৰি ১৯ গৰাকী লোকৰ বিৰুদ্ধে যোৱা বছৰ ছেপ্টেম্বৰত দাখিল কৰা এজাহাৰৰ ভিত্তিত আদালতত ১০,১৯৬ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰা হৈছে ।

ইতিমধ্যে, পিএফআই গোচৰৰ ১৯ গৰাকী অভিযুক্তৰ ভিতৰত ১৫ গৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে (15 PFI leader arrested)। আৰক্ষী সূত্ৰৰ মতে গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত ৯ জনৰ বিৰুদ্ধে ইউএপিএ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত কৰা চলি আছে । আনহাতে বাকী ৬ জনৰ বিৰুদ্ধে আইপিচি ১৫৩এ-ৰ অধীনত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । অভিযোগনামাত পিএফআইৰ ওপৰত সন্ত্ৰাসবাদৰ পুঁজি আৰু প্ৰশিক্ষণৰ অভিযোগ উত্থাপন কৰা হৈছে ।

অভিযোগনামাত পিএফআই কৰ্মীৰ বহুতো কাৰ্যকলাপ উল্লেখ কৰা হৈছে । ইয়াত দক্ষিণ কানাড়া জিলাৰ মিত্তুৰুত 'ফ্ৰীডম চেৰিটেবল ট্ৰাষ্ট'ৰ নামত আয়োজিত বৈঠক, ৰণনীতি সম্প্ৰসাৰণ, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পুঁজি যোগান ধৰা আদিৰ বিষয়েও বিশেষভাৱে উল্লেখ কৰা হৈছে । অভিযোগনামাত অভিযোগ কৰা হৈছে যে সংগঠনটোৰ একাউণ্টত প্ৰায় ১০ বছৰ ধৰি ৪-৫ কোটি টকা জমা কৰা হৈছে (Police charge sheet against PFI leader)।

লগতে অভিযোগ কৰা হৈছে যে এনেদৰে লাভ কৰা ধন সমাজৰ শিক্ষাৰ্থীসকলক বৃত্তি, শিশু শিক্ষাৰ বাবে কিতাপ আৰু শিশুৰ শৈক্ষিক কাৰ্যকলাপৰ বাবে পুঁজি প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল । কোৱা হৈছে যে পিএফআই কৰ্মীসকলে বেংগালুৰুৰ বেনচন টাউনতো এখন সভা অনুষ্ঠিত কৰিছিল । পিএফআই কৰ্মীসকলে এনে সভাত মানসিক শক্তি আৰু শাৰীৰিক প্ৰতিৰক্ষাৰ বাবে প্ৰশিক্ষণ লৈছিল ।

আৰক্ষীয়ে অৱশ্যে কৈছে যে তদন্তৰ সময়ত কোনো অস্ত্ৰ পোৱা হোৱা নাই । মন কৰিবলগীয়া যে কেৰালা, তামিলনাডু, কৰ্ণাটক, তেলেংগানা, বিহাৰ, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু দিল্লীকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তত হিংসাত্মক আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ভাৰতৰ ভিতৰৰ পৰা পুঁজি সংগ্ৰহ কৰাৰ অভিযোগত ২০২২ চনৰ ছেপ্টেম্বৰত গৃহ মন্ত্ৰালয়ে পিএফআইক নিষিদ্ধ কৰিছিল (PFI banned)।

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (NIA) বিষয়াসকলৰ মতে যোৱা বছৰ এপ্ৰিলৰ পৰা পিএফআইৰ সৈতে জড়িত ১৯ গৰাকী লোকৰ পিএফআইৰ ৩৭ টা বেংক একাউণ্টৰ লগতে ৪০ টা বেংক একাউণ্ট ফ্ৰীজ কৰা হৈছে ।

লগতে পঢ়ক :Threat to Salman Khan: চলমান খানক ভাবুকি দিয়া লৰেন্স বিষ্ণৈ আৰু গোল্ডি ব্ৰাৰক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.