ETV Bharat / bharat

কৰ্ণাটকত বাঘৰ আক্ৰমণত নিহত শিশু

author img

By

Published : Mar 11, 2021, 9:07 PM IST

কৰ্ণাটকত বাঘৰ আক্ৰমণত নিহত শিশু
কৰ্ণাটকত বাঘৰ আক্ৰমণত নিহত শিশু

বাঘৰ আক্ৰমণ ৰোধ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী ৰাইজৰ । কৰ্ণাটকৰ কদাগু জিলাত যোৱা ১৫ দিন ধৰি বাঘৰ আক্ৰমণত তিনিজন লোক নিহত হোৱাৰ পাচত প্ৰতিবাদমুখৰ হৈ পৰে স্থানীয় ৰাইজ । যোৱা ৩ সপ্তাহত কদাগু জিলাত বাঘৰ আক্ৰমণত এইটো তৃতীয়টো মৃত্যুৰ ঘটনা ।

নেশ্যনেল ডেস্ক,১১ মাৰ্চ: কৰ্ণাটকত বাঘৰ ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰৰ ওচৰত দাবী জনায় । কৰ্ণাটকৰ কদাগু জিলাত যোৱা ১৫ দিনত বাঘৰ আক্ৰমণত তিনিজন লোক নিহত হোৱাৰ পাচত ৰাইজে বন বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । শেহতীয়াকৈ জিলাখনৰ বেলুৰত বাঘৰ আক্ৰমণত এগৰাকী বৃদ্ধা আহত হোৱাৰ লগতে এজন আঠ বছৰীয়া শিশুৰ মৃত্যু হয় । নিহত শিশুটোৰ নাম ৰংস্বামী ৷ ইফালে, আহত বৃদ্ধাগৰাকী মহীশূৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । শিশুটোৱে খেলি থকাৰ সময়ত আৰু বৃদ্ধা গৰাকীয়ে কোনো এক যাৱতীয় কামত ব্যস্ত হৈ থকাৰ সময়তে বাঘৰ আক্ৰমণৰ বলি হয় ।

উল্লেখ্য যে, যোৱা ৩ সপ্তাহত কদাগু জিলাত বাঘৰ আক্ৰমণত এইটো তৃতীয়টো মৃত্যুৰ ঘটনা । যাৰ ফলত বন বিভাগে বিহিত ব্যৱস্থা লোৱাত বিফল হোৱা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে । বন বিভাগৰ ১০০ ৰো অধিক কৰ্মীয়ে যোৱা ১৫ দিন ধৰি অঞ্চলটোত তীক্ষ্ণ দৃষ্টি ৰাখি আহিছে ।

লগতে পঢ়ক: হায়দৰাবাদত স্বামীক হত্যা কৰি ৰঙাঘৰৰ আলহী পত্নী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.