ETV Bharat / bharat

Assam Rifles News : বিশাল অস্ত্ৰ ভাণ্ডাৰসহ 2 এন এছ চি এন কেডাৰক গ্ৰেপ্তাৰ

author img

By

Published : Apr 16, 2023, 8:15 AM IST

Assam Rifles apprehend 2 NSCN IM cadres
এন এছ চি এন কেডাৰ গ্ৰেপ্তাৰ হ’ল অসম ৰাইফলছৰ হাতত

নাগালেণ্ডৰ মকোকচুং জিলাৰ সাধাৰণ এলেকা নিউ কেম্পৰ পৰা দুজন সক্ৰিয় এন এছ চি এন আই এম কেডাৰক গ্ৰেপ্তাৰ কৰে অসম ৰাইফলছে ৷ লগতে জব্দ কৰিবলৈ সক্ষম হয় বিশাল অস্ত্ৰ ভাণ্ডাৰ (Assam Rifles apprehend 2 NSCN IM cadres) ৷

নেশ্যনেল ডেস্ক, 16 এপ্ৰিল : নাগালেণ্ডৰ মকোকচুং জিলাত অসম ৰাইফলছে নাগালেণ্ডৰ ৰাষ্ট্ৰীয় সমাজবাদী পৰিষদৰ আই এম কেডাৰক গ্ৰেপ্তাৰ কৰে বুলি শনিবাৰে সংশ্লিষ্ট বিষয়াসকলে অৱগত কৰে । অসম ৰাইফলছে বিগত ১৪ এপ্ৰিলৰ দিনা নাগালেণ্ডৰ মকোকচুং জিলাৰ সাধাৰণ এলেকা নিউ কেম্পৰ পৰা দুজন সক্ৰিয় এন এছ চি এন (আই এম) কেডাৰক গ্ৰেপ্তাৰ কৰে বুলি এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়ে । অসম-নাগালেণ্ড সীমান্ত তথা মোকোকচুং -মৰিয়নি ৰোডত অসম ৰাইফলছে নিৰ্ভৰযোগ্য সূত্ৰৰ ভিত্তিত চলায় এই অভিযান (National Socialist Council of Nagaland) ৷

উল্লেখ্য যে, এন এছ চি এন (আই এম)ৰ সক্ৰিয় কেডাৰসকলে স্থানীয় সাধাৰণ নাগৰিকসকলক দাবী-ধমকি, ভয়-ভাবুকিৰে ধন দাবী কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷ সেয়ে গোটটোৰ কেডাৰসকলক গ্ৰেপ্তাৰ কৰিবলৈ অসম ৰাইফলছে আৰম্ভ কৰে অভিযান আৰু ভ্ৰাম্যমাণ বাহন চেক পোষ্ট স্থাপন কৰা হয় বুলি বিজ্ঞপ্তিখনত প্ৰকাশ (Assam Rifles apprehend 2 NSCN IM cadres) ৷

অসম ৰাইফলছৰ এটা দলে এন চি এছ এন (আই এম)ৰ স্বয়ম্ভু চাৰ্জেণ্ট মেজৰ ইমকংটিবা আৰু ফামচিং নামৰ কেডাৰ দুজনক আটক কৰাৰ লগতে দুটা অস্ত্ৰ আৰু সক্ৰিয় গুলীও জব্দ কৰিবলৈ সক্ষম হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে । এন চি এছ এনৰ দলটোৱে এখন মাৰুতি অল্ট’ বাহনত আহিছিল ৷ বাহনখনৰ পঞ্জীয়ন নম্বৰ AS 01 X 6465 ৷ বাহনখন অসম ৰাইফলছৰ তালাচী গোটে জব্দ কৰাৰ পিচতে গাড়ীত আৱদ্ধ এন এছ চি এন (আই এম)ৰ কেডাৰকেইজনে সমীপৰ এটা পথৰ দিশে পলায়ন কৰি কাঠৰ অস্থায়ী জুপুৰি এটাত পলায় সাৰিবলৈ চেষ্টা কৰে (Assam Rifles press release) ৷

কাঠৰ অস্থায়ী জুপুৰিটো অসম ৰাইফলছৰ জোৱানে ঘেৰি ৰখাৰ লগতে কাঠৰ ঘৰটোৰ তন্ন তন্নকৈ তালাচী চলোৱাৰ অন্তত এনচিএছএন (আইএম)ৰ দুজন কেডাৰ ক্ৰমে চাৰ্জেণ্ট মেজৰ ইমকংটিবা আৰু চাৰ্জেণ্ট মেজৰ ফামচিঙক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় বুলি অসম ৰাইফলছে বিজ্ঞপ্তিযোগে জানিবলৈ দিয়ে ৷ লগতে এন চি এছ এন (আই এম) কেডাৰকেইজনৰ পৰা দুটা অস্ত্ৰ আৰু সক্ৰিয় গোলা বাৰুদ জব্দ কৰিবলৈ সক্ষম হয় ৷ অসম ৰাইফলছে পুনৰ উল্লেখ কৰে যে কেডাৰ দুজনক আৰু তেওঁলোকৰ পৰা উদ্ধাৰ হোৱা সামগ্ৰীসমূহ ৰাজ্যখনৰ জিলা আৰক্ষীক গতাই দিয়া হৈছে আৰু ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক : Atique Ahmed killed : আতিক-আশ্ৰফৰ 3 হত্যাকাৰীক গ্ৰেপ্তাৰ; 17 আৰক্ষীক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.