ETV Bharat / bharat

ASI survey in Gyanvapi campus: জ্ঞানবাপী চৌহদত অব্যাহত জৰীপ প্ৰক্ৰিয়া, 15 আগষ্টৰ দিনা বন্ধ থাকিব জৰীপ

author img

By

Published : Aug 13, 2023, 1:55 PM IST

ভাৰতৰ প্ৰত্নতাত্ত্বিক বিভাগে দেওবাৰে বাৰাণসীৰ জ্ঞানবাপী চৌহদত চলায় জৰীপ । 15 আগষ্টৰ দিনা বন্ধ থাকিব জৰীপ ৷

latest news on ASI survey in Gyanvapi campus
জ্ঞানবাপী চৌহদত অব্যাহত জৰীপ

নেশ্যনেল ডেস্ক, 13 আগষ্ট: অব্যাহত আছে বাৰাণসীৰ জ্ঞানবাপী চৌহদৰ জৰীপৰ কাম । দেওবাৰেও চৌহদত জৰীপৰ কাম অব্যাহত থাকে । জৰীপৰ বাবে চৌহদত উপস্থিত থাকিব ভাৰতৰ প্ৰত্নতাত্ত্বিক বিভাগৰ দল আৰু দুয়োপক্ষৰ অধিবক্তা । শনিবাৰেও চৌহদটোত জৰীপৰ কাম চলি থাকিল । এই সময়ছোৱাত জৰীপকাৰী দলটোৱে চৌহদটোৰ বিভিন্ন অংশৰ জৰীপ চলায় ।

উল্লেখ কৰা প্ৰয়োজন যে, আদালতৰ নিৰ্দেশৰ পিছত জ্ঞানবাপী চৌহদত জৰীপৰ কাম চলি আছে । এই সমীক্ষা সন্দৰ্ভত মুছলমান পক্ষই বিৰোধিতা কৰিছিল যদিও উচ্চতম ন্যায়ালয়েও এই কাম বন্ধ কৰা নাই । এই সমীক্ষা চলোৱা দলটোত আছে ভাৰতৰ প্ৰত্নতাত্ত্বিক বিভাগৰ তদন্তকাৰী দল আৰু হিন্দু আৰু মুছলমান পক্ষৰ অধিবক্তাসকল । 10 ধৰি অব্যাহত আছে এই জৰীপৰ কাম । আধুনিক যন্ত্ৰ-পাতিৰ সহায়তো চৌহদটোত পৰীক্ষা চলোৱা হৈছে ।

শনিবাৰে জ্ঞানবাপী চৌহদত পুৱা 9 বজাৰ পৰা বিয়লি 5 বজালৈ জৰীপ অভিযান চলে । দুপৰীয়া আৰু প্ৰাৰ্থনাৰ সময়ত ডেৰ ঘণ্টা সময়ৰ বাবে জৰীপ প্ৰক্ৰিয়া বন্ধ কৰি দিয়া হয় । কটকটীয়া নিৰাপত্তাৰ মাজতে অব্যাহত আছে জৰীপৰ কাম । বিগত দিনকেইটাত দলটোৱে আধুনিক মেচিনেৰে থ্ৰীডি মেপিঙৰ লগতে ফটোগ্ৰাফী আদিৰে অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ পৰা গৈছে । বিশেষজ্ঞৰ দলটোৱে চৌহদত নিৰ্মাণৰ শৈলী আৰু সময়সীমাও নিৰ্ণয় কৰি আছে ।

15 আগষ্টৰ দিনা জ্ঞানবাপি চৌহদত বন্ধ থাকিব জৰীপ । নিৰাপত্তাজনিত দিশটোলৈ লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে ৷ 16 আগষ্টৰ পৰা পুনৰ জৰীপ চলোৱা হ’ব । একে সময়তে জৰীপৰ সময়ত ৰাইজে দিয়া বক্তব্যৰ সন্দৰ্ভত আদালতে কঠোৰতা প্ৰদৰ্শন কৰিছে । জৰীপৰ প্ৰতিবেদনৰ পূৰ্বে কোনো ধৰণৰ ফটো বা বক্তব্য নিদিবলৈ নিৰ্দেশ দিছে আদালতে । যদি কোনোবাই এনে বক্তব্য দিয়ে আৰু আদালতৰ নিৰ্দেশক অৱমাননা কৰে তেন্তে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব । লগতে চৌহদৰ আশে-পাশে নিৰাপত্তা বৃদ্ধি কৰি তুলি হৈছে ।

বৰ্তমান পৰ্যন্ত দলটোৱে কেম্পাছৰ বহু অংশৰ জৰীপ কৰিছে । তদন্তকাৰী দলটোৱে বেছমেণ্ট আৰু ইয়াৰ আশে-পাশে জমা হোৱা ধ্বংসাৱশেষো পৰীক্ষা কৰিছে ।

লগতে পঢ়ক: FIR against Priyanka's x handle: কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.