Mamata Against Central Ordinance : কেন্দ্ৰীয় অধ্যাদেশৰ বিৰুদ্ধে যুঁজত কেজৰিৱালক সমৰ্থন মমতাৰ

author img

By

Published : May 24, 2023, 11:05 AM IST

Updated : May 24, 2023, 12:25 PM IST

kejriwall meets mamata

নবান্নত কেজৰিৱাল আৰু পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক সাক্ষাৎৰ পিছত মমতাই কয়, "কেৱল উচ্চতম ন্যায়ালয়েহে দেশক বচাব পাৰে । শীৰ্ষ ন্যায়ালয়ৰ নিৰ্দেশ সত্ত্বেও অধ্যাদেশ অনাটোৱে নিৰ্বাচিত চৰকাৰক উপেক্ষা কৰাৰ কেন্দ্ৰৰ প্ৰচেষ্টাক সূচায় । মই সকলো পক্ষকে একত্ৰিতভাৱে এই অধ্যাদেশৰ বিৰোধিতা কৰিবলৈ অনুৰোধ জনাইছোঁ (Mamata appeal to oppose central ordinance) ।"

নিউজ ডেস্ক, ২৪ মে' : সংসদৰ নিৰ্বাচনী ৰণত কংগ্ৰেছ-আপৰ মাজৰ মিত্ৰতা এতিয়াও অমীমাংসিত হৈ আছে । তাৰ মাজতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে (West Bengal chief minister Mamata Banerjee) দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক (Delhi chief minister Arvind Kejriwal) সমৰ্থনৰ আশ্বাস দিছে (Mamata supports Kejriwal on Central ordinance) । লগতে তেওঁ সম আদৰ্শৰ সকলো ৰাজনৈতিক দলকে কেন্দ্ৰীয় অধ্যাদেশৰ বিৰুদ্ধে সামূহিকভাৱে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় । উল্লেখ্য, কেন্দ্ৰই প্ৰশাসনিক সেৱাসমূহ নিয়ন্ত্ৰণ কৰিবলৈ এখন অধ্যাদেশ জাৰি কৰিছে । কিন্তু পূৰ্বতেই উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত দিল্লী চৰকাৰৰ পক্ষত ৰায় প্ৰদান কৰিছে ।

নবান্নত কেজৰিৱাল আৰু পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক সাক্ষাৎ কৰাৰ পিছত মমতা বেনাৰ্জীয়ে কয় (Mamata meet Kejriwal), "কেৱল উচ্চতম ন্যায়ালয়েহে দেশক বচাব পাৰে । শীৰ্ষ ন্যায়ালয়ৰ নিৰ্দেশ সত্ত্বেও অধ্যাদেশ অনাটোৱে নিৰ্বাচিত চৰকাৰক উপেক্ষা কৰাৰ কেন্দ্ৰৰ প্ৰচেষ্টাক সূচায় । মই সকলো পক্ষক একেলগে এই অধ্যাদেশৰ বিৰোধিতা কৰিবলৈ অনুৰোধ জনাইছোঁ (Mamata appeal to oppose central ordinance) । ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এইটো বিজেপিৰ বিৰুদ্ধে এক শক্তিশালী বাৰ্তা হ'ব পাৰে । আমাৰ দলে এই অধ্যাদেশৰ বিৰোধিতা কৰিব আৰু আমি উচ্চতম ন্যায়ালয়ৰ পৰা ন্যায় বিচাৰিম (Supreme Court of India) ।"

আনহাতে, একে ধৰণে বক্তব্য ৰাখি কেজৰিৱালে কয় যে উচ্চতম ন্যায়ালয়ে যোৱা আঠ বছৰ ধৰি যুঁজি থকা দিল্লীৰ লোকসকলক ন্যায় প্ৰদান কৰিছে । "কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচিত চৰকাৰসমূহক চূৰ্ণ-বিচূৰ্ণ কৰাৰ প্ৰৱণতাত আছে, যদিহে তেওঁলোকে বিজেপিক সমৰ্থন নকৰে । পঞ্জাব চৰকাৰে তেওঁলোকৰ বাজেট অধিবেশন অনুষ্ঠিত কৰিবলৈ উচ্চতম ন্যায়ালয়লৈ যাবলগা হৈছিল আৰু কেইবাটাও অনা বিজেপি দলে একে ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে । এয়া মোৰ যুঁজ নহয়, সকলো অনা বিজেপি চৰকাৰৰ যুঁজ ।" কেজৰিৱালে কয় ।

ইফালে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়াৰ বিষয়টোত কেজৰিৱালে কেন্দ্ৰীয় সংস্থাসমূহক সমালোচনা কৰি কয় যে এজন প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীৰ সৈতে এনে ব্যৱহাৰ কৰা উচিত নহয় । তেওঁ কেৱল অভিযুক্তহে, দোষ এতিয়াও প্ৰমাণিত হোৱা নাই বুলি কেজৰিৱালে লগতে কয় । আনহাতে, কেজৰিৱালৰ কণ্ঠৰ প্ৰতিধ্বনি কৰি মমতা বেনাৰ্জীয়ে কয় যে চিবিআয়ে যেনেধৰণে দলটোৰ নেতা আৰু তেওঁৰ ভতিজাক অভিষেক বেনাৰ্জীলৈ জাননী প্ৰদান কৰিছে, তাৰ পৰা এনে লাগিছে যেন তেওঁলোক চৰকাৰৰহে সেৱক ।

"কাৰোবাৰ অহংকাৰৰ সীমা আছে । আমি আশংকা কৰোঁ যে বিজেপিয়ে আনকি তেওঁলোকৰ দলৰ নামত দেশৰ নাম সলনি কৰিবলৈ বা সংবিধান সলনি কৰিবলৈও আগবাঢ়িব পাৰে । যদি আমি আজি কাম নকৰোঁ তেন্তে ৰাইজে আমাক এৰি নিদিব । তেওঁলোকে সংবিধানৰ ওপৰতো বুল্ড’জাৰ চলাব বিচাৰে... এইখন বুল্ড’জাৰৰ চৰকাৰ, বুল্ড’জাৰৰ দ্বাৰা আৰু বুল্ড’জাৰৰ বাবে । তেওঁলোকে (বিজেপি) আনকি উচ্চতম ন্যায়ালয়ৰ ৰায়কো সন্মান নকৰে ।" তেওঁ লগতে কয় (Mamata slams BJP govt) ।

লগতে পঢ়ক :Manish Sisodia Money Laundering Case : মণীষ ছিছোডিয়াৰ ন্যায়িক জিম্মা ১ জুনলৈ বৃদ্ধি

Last Updated :May 24, 2023, 12:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.