ETV Bharat / bharat

ত্ৰিপুৰাত এনএলএফটিৰ প্ৰশিক্ষণ প্ৰাপ্ত কেডাৰ আটক

author img

By

Published : Mar 30, 2021, 10:53 AM IST

ত্ৰিপুৰাত এনএলএফটিৰ প্ৰশিক্ষণ প্ৰাপ্ত কেডাৰ আটক
ত্ৰিপুৰাত এনএলএফটিৰ প্ৰশিক্ষণ প্ৰাপ্ত কেডাৰ আটক

ত্ৰিপুৰাত এনএলএফটিৰ প্ৰশিক্ষণ প্ৰাপ্ত কেডাৰ আটক ৷ আটক হোৱা উগ্ৰপন্থী জন কিশোৰ দেৱবৰ্মা ৷

আগৰতলা,30 মাৰ্চঃ সোমবাৰে এনএলএফটি-ৰ এজন প্ৰশিক্ষণ প্ৰাপ্ত কেডাৰক আমপি চৌমুহনী অঞ্চলৰপৰা গ্ৰেপ্তাৰ কৰা হয় ৷ কিশোৰ দেৱবৰ্মা বুলি চিনাক্ত কেডাৰ গৰাকী দিলীপ দেৱবৰ্মাৰ ঘনিষ্ঠ সহযোগী বুলি জানিব পৰা গৈছে ৷ গোপন সূত্ৰৰ তথ্য মতে, আৰক্ষী আৰু টিএছআৰৰ এটা দলে দেৱবৰ্মাক আটক কৰিবলৈ আমপি চৌমুহনী অঞ্চলত ঘাটি স্থাপন কৰিছিল ৷

আৰক্ষীয়ে জানিব দিয়া মতে, উগ্ৰপন্থী বুদ্ধ দেৱবৰ্মাক জিৰানিয়াৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছৰ পৰাই কিশোৰ দেৱবৰ্মাৰ সন্ধানত আছিল আৰক্ষী ৷ এছডিপিঅ’ টেলিয়ামুৰা চনা চৰণ জামাতিয়া আৰু ডেপুটি কমাণ্ডেণ্ট ১২ বেটেলিয়ন টিএছআৰ শ্যামল দেৱবৰ্মাৰ নেতৃত্বত চলিছিল এই অভিযান ৷

লগতে পঢ়কঃ তিনিচুকীয়া শ্ৰীপুৰীয়াত সাংবাদিকৰ ওপৰত আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.