Armed Forces Flag Day 2021 : ইতিহাস আৰু তাৎপৰ্য

author img

By

Published : Dec 7, 2021, 8:19 AM IST

Armed Forces Flag Day 2021 celebrated today in India

আজি সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস(Armed Forces Flag Day) ৷ আজিৰ দিনটোত সমগ্ৰ দেশতে তিনিওটা সুৰক্ষা সেৱাক প্ৰতিনিধিত্ব কৰা ৰঙা, গভীৰ নীলা আৰু পাতল নীলা ৰঙৰ সৰু পতাকা আৰু বাহনৰ চিহ্ন থকা পতাকা আগবঢ়োৱা দানৰ বিনিময়ত বিতৰণ কৰা হয় ৷

নিউজ ডেস্ক, 7 ডিচেম্বৰ : আজি 7 ডিচেম্বৰ ৷ অৰ্থাৎ সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস(Armed Forces Flag Day) ৷ সশস্ত্ৰ বাহিনীৰ উন্নতিৰ বাবে পুঁজি সংগ্ৰহ কৰাৰ উদ্দেশ্যৰে পতাকা দিৱস উদযাপন কৰা হয় ৷

এই দিৱস উদযাপনৰ দিন, ইতিহাস আৰু তাৎপৰ্য কি চাও আহক-

বিগত বছৰবোৰত ভাৰতৰ সৈনিক, নাবিক আৰু বিমান কৰ্মীসকলৰ বাবে প্ৰদৰ্শন কৰা সন্মান হিচাপে এই দিনটো সোঁৱৰণ কৰাটো পৰম্পৰাত পৰিণত হৈছে ৷ সশস্ত্ৰ বাহিনীৰ পতাকা দিৱসত সংগ্ৰহ কৰা পুঁজিবোৰ সেৱা আগবঢ়োৱা কৰ্মচাৰী আৰু প্ৰাক্তন সৈনিকসকলৰ কল্যাণৰ বাবে আৰু যুদ্ধত হতাহতসকলক পুনৰ সংস্থাপনৰ বাবে ব্যৱহাৰ কৰা হয় ৷ আজিৰ দিনটোত এনে কোনো মূল্যৰাশি প্ৰদানৰ বিনিময়ত পতাকা বিতৰণ কৰা হয় ৷ ভাৰতত প্ৰতি বছৰে 7 ডিচেম্বৰত সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস পালন কৰা হয় ৷ ভাৰতীয় পতাকা, বেচ, ষ্টিকাৰ আৰু অন্যান্য সামগ্ৰী বিক্ৰী কৰি সশস্ত্ৰ বাহিনীৰ কৰ্মচাৰীৰ কল্যাণৰ হকে পুঁজি সংগ্ৰহ কৰাৰ আঁৰত মহৎ উদ্দেশ্য আছে ৷

ইতিহাস

১৯৪৯ চনৰ ২৮ আগষ্টত ভাৰতৰ তদানীন্তন প্ৰতিৰক্ষা মন্ত্ৰীৰ অধীনত এখন সমিতি গঠন কৰা হৈছিল ৷ সমিতিখনে বছৰি ৭ ডিচেম্বৰত পতাকা দিৱস পালন কৰাৰ সিদ্ধান্ত লৈছিল ৷ এই দিনটো মুখ্যতঃ সাধাৰণ লোকৰ মাজত পতাকা বিতৰণ কৰিবলৈ আৰু তেওঁলোকৰ পৰা পুঁজি সংগ্ৰহ কৰিবলৈ পালন কৰা হয় ৷ সমগ্ৰ দেশৰ লোকসকলে পুঁজিৰ বিনিময়ত দেশৰ তিনিটাকৈ সেৱাক প্ৰতিনিধিত্ব কৰা ৰঙা, গভীৰ নীলা আৰু পাতল নীলা ৰঙৰ সৰু পতাকা বিতৰণ কৰে ৷ সেয়েহে সংগৃহিত পুঁজিবোৰ সেৱা আগবঢ়োৱা কৰ্মচাৰী আৰু প্ৰাক্তন সৈনিকসকলৰ কল্যাণৰ বাবে আৰু লগতে যুদ্ধত হতাহতসকলক পুনৰ সংস্থাপনৰ বাবে ব্যৱহাৰ কৰা হয় ৷

তাৎপৰ্য

সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস এক স্মৰণীয় অনুষ্ঠান ৷ এই দিৱসৰ জৰিয়তে সাধাৰণ লোকসকলে দেশৰ বৰ্তমান আৰু প্ৰবীণ সামৰিক কৰ্মীসকলৰ প্ৰতি কৃতজ্ঞতা আৰু প্ৰশংসা প্ৰকাশ কৰে আৰু দেশৰ সেৱাত নিয়োজিত অৱস্থাত মৃত্যু হোৱা সৈনিকসকলক স্বীকৃতি প্ৰদান কৰে ৷

পতাকা দিৱস পালন কৰাৰ মূল উদ্দেশ্য হৈছে যুদ্ধত হতাহতসকলৰ পুনৰ্সংস্থাপন, সেৱা আগবঢ়োৱা কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণ, প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ পুনৰ্সংস্থাপন আৰু কল্যাণ সাধন কৰা ৷ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তিনিওটা শাখা ক্ৰমে ভাৰতীয় সেনা, ভাৰতীয় বায়ু সেনা আৰু নৌ সেনাই দেশৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে তেওঁলোকৰ কৰ্মচাৰীসকলৰ প্ৰচেষ্টা সাধাৰণ ৰাইজৰ মাজত প্ৰদৰ্শন কৰিবলৈ বিভিন্ন অনুষ্ঠান, কাৰ্ণিভেল, নাটক আৰু অন্যান্য মনোৰঞ্জন কাৰ্যসূচীৰ ব্যৱস্থা কৰা হয় ৷

সমগ্ৰ দেশতে তিনিওটা সেৱাক প্ৰতিনিধিত্ব কৰা ৰঙা, গভীৰ নীলা আৰু পাতল নীলা ৰঙৰ সৰু পতাকা আৰু বাহনৰ চিহ্ন থকা পতাকা আগবঢ়োৱা দানৰ বিনিময়ত বিতৰণ কৰা হয় ৷

লগতে চাওক: Armed Forces Special Powers Act নালাগে শান্তিপূৰ্ণ নাগালেণ্ডত :নেফিঅ’ ৰিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.