ETV Bharat / bharat

Amritsar Terrorist Conspiracy : স্বাধীনতা দিৱসৰ পূৰ্বে অমৃতসৰত সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ বিফল

author img

By

Published : Aug 14, 2023, 7:17 PM IST

NIA আৰু পঞ্জাব আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত অবৈধ অস্ত্ৰৰ সৈতে পাঁচজন সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰা হয় ।

Amritsar Terrorist Conspiracy
স্বাধীনতা দিৱসৰ পূৰ্বে অমৃতসৰত সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ বিফল

নিউজ ডেস্ক, ১৪ আগষ্ট : পঞ্জাবৰ অমৃতসৰত স্বাধীনতা দিৱস উদযাপনৰ সময়ত সন্ত্ৰাসবাদীৰ কূটাঘাতৰ এক বৃহৎ পৰিকল্পনা বিফল হৈছে । সোমবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA) আৰু পঞ্জাব আৰক্ষীৰ এক যুটীয়া অভিযানত এই পৰিকল্পনা বিফল হয় । পঞ্জাব আৰক্ষীৰ সঞ্চালক প্ৰধান গৌৰৱ যাদৱে টুইটাৰযোগে কয়, "পঞ্জাব আৰক্ষীৰ এক গুৰুত্বপূৰ্ণ সাফল্য । পঞ্জাব আৰক্ষীয়ে এটা কেন্দ্ৰীয় সংস্থাৰ সৈতে সমন্বয়ত ৰাজ্যখনত শান্তি আৰু সম্প্ৰীতি ব্যাহত কৰাৰ লক্ষ্যৰে কৰা এটা সন্ত্ৰাসবাদী নেটৱৰ্ক সফলতাৰে মষিমূৰ কৰে । এটা জঘন্য পৰিকল্পনা বিফল কৰা হৈছে । এক প্ৰতি-চোৰাংচোৱা অভিযানৰ অংশ হিচাপে পাকিস্তানত থকা হৰবিন্দৰ ৰিণ্ডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত থকা গোল্ডি ব্ৰাৰৰ সৈতে জড়িত পাঁচজন সন্ত্ৰাসবাদীক অস্ত্ৰ-শস্ত্ৰসহ আটক কৰা হৈছে ।"

  • In a major breakthrough, @PunjabPoliceInd has busted a terror module in a joint operation with central agency and thwarted designs to disturb peace and harmony in Punjab.

    5 operatives of #Pakistan based Harvinder Rinda & #USA based Goldy Brar arrested(1/4) pic.twitter.com/ZvPJtO45Eu

    — DGP Punjab Police (@DGPPunjabPolice) August 14, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

যাদৱে জনায় যে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত পঞ্জাব আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰাৰ বাবে এক অভিযান আৰম্ভ কৰে । এই সন্ত্ৰাসবাদীসকলে পঞ্জাবৰ শান্তি-সম্প্ৰীতি ব্যাহত কৰিবলৈ ৰাজ্যখনত হিংসা সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছিল বুলি অভিযোগ কৰা হৈছে । প্ৰাৰম্ভিক অনুসন্ধানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অস্ত্ৰ ৰপ্তানিৰ উপৰি বিত্তীয় সাহায্য প্ৰদান কৰাটোও প্ৰকাশ পাইছিল ।

লক্ষণীয়ভাৱে ধৰা পৰা ব্যক্তিসকলৰ পৰা দুটা বিদেশী হেণ্ডগান উদ্ধাৰ কৰা হৈছে । সন্ত্ৰাসবাদী নেটৱৰ্কৰ তথ্য উন্মোচন কৰিবলৈ ব্যাপক তদন্ত চলি আছে । অমৃতসৰৰ বিশেষ সুৰক্ষা আৰু সঞ্চালন কোষৰ (এছএছঅ'চি) দ্বাৰা বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ (ইউএপিএ) অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে ।

লগতে এইটো প্ৰকাশ পাইছে যে ধৃত সন্দেহজনক লোককেইজন পাকিস্তানভিত্তিক সন্ত্ৰাসবাদী হৰবিন্দৰ ৰিণ্ডা আৰু আন্তৰ্জাতিকভাৱে ৱাণ্টেড অপৰাধী গোল্ডি ব্ৰাৰৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছে । আৰক্ষীয়ে সোধা-পোছাৰ সময়ত গুৰুত্বপূৰ্ণ তথ্য উন্মোচন হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :Delhi Mumbai Expressway accident : দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত দুৰ্ঘটনা, বিদেশী নাগৰিকো আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.