ETV Bharat / bharat

Cyclone Biparjoy: অমিত শ্বাহে পৰিদৰ্শন কৰিব বিপৰ্যয় প্ৰভাৱিত অঞ্চল

author img

By

Published : Jun 17, 2023, 3:38 PM IST

ঘূৰ্ণীবতাহ বিপৰ্যয়ে গুজৰাটৰ বিভিন্ন অঞ্চলত তাণ্ডৱ চলাইছে । উপকূলীয় অঞ্চলবোৰ ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে । শনিবাৰে গৃহ মন্ত্ৰী অমিত শ্বাহে প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে ভুক্তভোগী লোকসকলক সাক্ষাৎ কৰিব ।

Cyclone Biparjoy
অমিত শ্বাহে পৰিদৰ্শন কৰিব বিপৰ্যয় প্ৰভাৱিত অঞ্চল

নেশ্যনেল ডেস্ক,১৭ জুন : ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ প্ৰভাৱত পৰিছে গুজৰাটৰ কচ্ছ আৰু জাখৌ বন্দৰ । ইতিমধ্যে ঘূৰ্ণীবতাহৰ ফলত অঞ্চলটো প্ৰচণ্ড বৰষুণ আৰু ধুমুহাৰ কৱলত পৰিছে । ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে কেইবাটাও অঞ্চল । ইয়াৰ মাজতে প্ৰশাসনে জনাইছে যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শনিবাৰে গুজৰাটৰ কচ্ছ আৰু জাখৌ বন্দৰ ভ্ৰমণ কৰি ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ দ্বাৰা ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰিস্থিতিৰ বুজ ল'ব ।

গৃহ মন্ত্ৰালয়ৰ মতে অমিত শ্বাহে প্ৰথমে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আকাশমাৰ্গেৰে পৰিদৰ্শন কৰিব । তাৰ পাছত তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতেও এখন বৈঠকত মিলিত হ'ব । ইফালে গৃহ মন্ত্ৰীগৰাকীয়ে আশ্ৰয় শিবিৰসমূহো পৰিদৰ্শন কৰিব আৰু তাত থকা নাগৰিকসকলক সাক্ষাৎ কৰিব । তাৰ পাছত তেওঁ মাণ্ডৱী ভ্ৰমণ কৰিব আৰু ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰিব । গৃহ মন্ত্ৰীগৰাকীয়ে ভুজৰ স্বামী নাৰায়ণ মন্দিৰ পৰিদৰ্শন কৰিব আৰু তাত ক্ষতিগ্ৰস্ত নাগৰিকসকলৰ বাবে খাদ্য সামগ্ৰী আৰু অন্যান্য সুবিধাৰ পৰ্যালোচনা কৰিব ।

প্ৰশাসনে জনোৱা মতে এতিয়ালৈ গুজৰাটত ঘূৰ্ণীবতাহৰ ফলত কমেও ২৩ জন লোক আহত হৈছে । ৰাজ্যখনৰ কেইবাটাও ঘৰৰ ক্ষতি হৈছে । আনহাতে ৰাজ্যখনৰ উপকূলীয় অঞ্চলৰ বহু ঠাইত বিদ্যুতৰ খুঁটা আৰু গছ উভালি পৰিছে । বিদ্যুতৰ যোগান পুনৰুদ্ধাৰৰ বাবে ইতিমধ্যে বিভিন্ন দলে প্ৰচেষ্টা অব্যাহত ৰাখিছে । বিভিন্ন শিবিৰলৈ হাজাৰ হাজাৰ লোকক স্থানান্তৰ কৰা হৈছে ।

ইফালে গুজৰাট চৰকাৰে জনোৱা মতে স্বাভাৱিক পৰিস্থিতি ঘূৰাই আনিবলৈ ৩ দিনৰ সময়ৰ প্ৰয়োজন হ'ব । গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে জিলা প্ৰশাসনক সাহায্যৰ কাম ত্বৰান্বিত কৰিবলৈও নিৰ্দেশ দিছে । ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত সাহায্যৰ ব্যৱস্থা গ্ৰহণৰ বাবেও মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে ।

আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা মতে ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ প্ৰকোপ কিছু হ্ৰাস হৈছে । আনহাতে গুজৰাট আৰু ৰাজস্থানৰ বিভিন্ন অঞ্চলত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :Cyclone Biparjoy : শীঘ্ৰে গুজৰাটৰ পৰিৱেশ ত্বৰান্বিত কৰাৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.