ETV Bharat / bharat

বাৰ্ষিক অমৰনাথ যাত্ৰা বাতিল

author img

By

Published : Jun 22, 2021, 1:54 PM IST

একেৰাহে দ্বিতীয় বছৰৰ বাবে বাতিল অমৰনাথ তীৰ্থযাত্ৰা(Amarnath Yatra) ৷ জম্মু আৰু কাশ্মীৰ (JAMMU & KASHMIR)ৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই মঙলবাৰে টুইটযোগে সদৰী কৰে এই কথা ৷ কেৱল পৰম্পৰা ৰক্ষা কৰি অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ'ব অমৰনাথ যাত্ৰাৰ কাৰ্যসূচী ৷ কৰ'ণা মহামাৰীৰ বাবে যাত্ৰা বাতিল কৰা হৈছে ।

Amarnath Yatra in Jammu and Kashmir cancelled
অমৰনাথ তীৰ্থযাত্ৰাৰ কাৰ্যসূচী বাতিল

নিউজ ডেস্ক,22 জুন: ক'ভিড-১৯ মহামাৰীৰ বাবে এই বছৰ জম্মু-কাশ্মীৰত অনুষ্ঠিত নহ'ব বাৰ্ষিক অমৰনাথ যাত্ৰা ৷ জম্মু আৰু কাশ্মীৰ(JAMMU & KASHMIR)ৰ লেফটেনেণ্ট গভৰ্ণৰ (Lieutenant Governor) মনোজ সিনহাই সোমবাৰে টুইটযোগে(tweeter) ঘোষণা কৰে এই কথা । অৱশ্যে, ভক্তসকলৰ বাবে অনলাইন মাধ্যমত 'আৰতি'ৰ সুবিধা প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে ।

টুইটযোগে সেনা বিষয়াগৰাকীয়ে এইবুলি কয়, "ক'ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত শ্ৰীশ্ৰীঅমৰনাথ প্ৰভুৰ যাত্ৰা বাতিল কৰা হৈছে । শ্ৰীশ্ৰী অমৰনাথ মন্দিৰ (AMARNATH TEMPLE)কৰ্তৃপক্ষৰ সৈতে ত্ৰিপাক্ষীক বৈঠকৰ আলোচনাৰ পাচত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । যাত্ৰা কেৱল সাংকেতিক হ'ব । অৱশ্যে, পূৰ্বৰ দৰেই সকলো পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতি পালন কৰা হ'ব ৷"

Amarnath Yatra in Jammu and Kashmir cancelled
অমৰনাথ তীৰ্থযাত্ৰাৰ কাৰ্যসূচী বাতিল

উল্লেখ্য যে, এইবছৰৰ সৈতে অমৰনাথ যাত্ৰা বাতিলে একেৰাহে তৃতীয় বছৰত ভৰি দিলে । 2019 চনত, কেন্দ্ৰই 5 আগষ্টত জম্মু আৰু কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰাৰ আগতে অমৰনাথ যাত্ৰা হঠাতে বাতিল কৰা হৈছিল । যোৱা বছৰো, কভিড-19 মহামাৰীৰ বাবে যাত্ৰা বাতিল কৰা হৈছিল । এইবেলি অমৰনাথ যাত্ৰাৰ কাৰ্যসূচীসমূহ যোৱা বছৰৰ দৰে দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ অমৰনাথ মন্দিৰত অনুষ্ঠিত হ'ব, আৰু ভক্তসকলৰ বাবে পুৱা আৰু সন্ধিয়া পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব বুলি জানিব পৰা গৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি, ৩,৮৮০ মিটাৰ উচ্চতাৰ ঐতিহাসিক মন্দিৰটোত ৫৬ দিনীয়াকৈ অনুষ্ঠিত হোৱা তীৰ্থযাত্ৰা কাৰ্যসূচী ২৮ জুনৰ পৰা পহেলগাম আৰু বালতাল সংযোগী পথৰ পৰা আৰম্ভ হ'ব আৰু ২৮ আগষ্টত সমাপ্ত হ'ব । ১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা যাত্ৰাৰ পঞ্জীয়ন ২২ এপ্ৰিলত Covid-১৯ৰ দ্বিতীয় ঢৌৰ বাবে স্থগিত ৰখা হৈছিল ।

লগতে পঢ়ক-প্লাষ্টিকৰ বটলৰ নাৱেৰে মাজুলীলৈ যাত্ৰা ধীৰাজ বিকাশ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.