ETV Bharat / bharat

Aloe Vera: শালমইনাৰ সমস্যাই আমনি কৰিছে নেকি ? এই পদ্ধতিৰে ব্যৱহাৰ কৰক এলোভেৰা জেল

author img

By

Published : Dec 12, 2022, 1:11 PM IST

Aloe Vera for Skin problem 5 Ways to Get Rid of Pimples
শালমইনাৰ সমস্যাই আমনি কৰিছে নেকি ? এই পদ্ধতিৰে ব্যৱহাৰ কৰক এলোভেৰা জেল

এলোভেৰাৰ এন্টি বেক্টেৰিয়াল, এন্টি ইনফ্লেমেটৰী আৰু এন্টি অক্সিডেন্ট গুণ আছে । ছালৰ পিম্পল, ৰঙা পৰা আৰু ফুলা আদি দূৰ কৰাত সহায় কৰে । এলোভেৰাত ভিটামিন আৰু খনিজ পদাৰ্থ থাকে । ইহঁতে ছালখনক গভীৰভাৱে পুষ্টিকৰ কৰাৰ কাম কৰে । ব্ৰণৰ পৰা মুক্তি পাবলৈ আপুনি বহু ধৰণে এলোভেৰা জেল ব্যৱহাৰ কৰিব পাৰে ।

ছালৰ বাবে এক উত্তম ঔষধ হৈছে এলোভেৰা জেল । এলোভেৰা জেল এন্টিঅক্সিডেন্টেৰে পৰিপূৰ্ণ । ব্ৰণৰ পৰা আদি কৰি ছালৰ সৈতে জড়িত বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত এলোভেৰা জেলে বিশেষভাৱে সহায় কৰে(Aloe Vera for Skin problem)।

এলোভেৰাৰ এন্টি বেক্টেৰিয়াল, এন্টি ইনফ্লেমেটৰী আৰু এন্টি অক্সিডেন্ট গুণ আছে(Aloe Vera gel for skin related problems)। ছালৰ পিম্পল, ৰঙা পৰা আৰু ফুলা আদি দূৰ কৰাত সহায় কৰে । এলোভেৰাত ভিটামিন আৰু খনিজ পদাৰ্থ থাকে(5 Ways to Get Rid of Pimples)। ই ছালখনক গভীৰভাৱে পুষ্টিকৰ কৰাৰ কাম কৰে । ব্ৰণৰ পৰা মুক্তি পাবলৈ আপুনি বহু ধৰণে এলোভেৰা জেল ব্যৱহাৰ কৰিব পাৰে (Aloe Vera for Acne) ।

এলোভেৰা জেল ফেচ পেক

এটা বাটিত এচামুচ সতেজ এলোভেৰা জেল লওক (Aloe Vera Gel Face Pack) । মুখ আৰু ডিঙিত লগাব । কিছু সময়ৰ বাবে মুখ আৰু ডিঙিত লগাব । ইয়াৰ দ্বাৰা কিছু সময়ৰ বাবে ছালখন মালিচ কৰক । কিছু সময় থাকিব দিয়ক । ইয়াৰ পিছত সাধাৰণ পানীৰে ছালখন ধুব লাগে ।

এলোভেৰা আৰু হালধি ব্যৱহাৰ কৰক

এটা বাটিত এক চামুচ হালধি গুড়ি লওক(Use aloe vera and Haldi) । ইয়াত এলোভেৰা জেল দিব । এই দুয়োটা বস্তু ভালদৰে মিহলাই লওক । এই মিশ্ৰণটো মুখ আৰু ডিঙিত লগাব লাগে । ১৫ৰ পৰা ২০ মিনিট মুখত থৈ দিব । সপ্তাহত ২ৰ পৰা ৩ বাৰ ব্যৱহাৰ কৰিব পাৰে ।

এলোভেৰা আৰু নেমু ফেচ পেক

এটা বাটিত ১ৰ পৰা ২ চামুচ এলোভেৰা জেল লৈ ল'ব(Aloe Vera and Lemon Face Pack) । তাত নেমুৰ ৰস দিব । এই দুয়োটা বস্তু ভালদৰে মিহলাই লওক । এই মিশ্ৰণটো মুখ আৰু ডিঙিত লগাব লাগে । ১৫ৰ পৰা ২০ মিনিট মুখত থৈ দিব । ইয়াৰ পিছত সাধাৰণ পানীৰে মুখখন ধুব । এই ফেচ পেকে ব্ৰণৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰিব ।

এলোভেৰা আৰু চন্দনৰ ফেচ পেক

এটা বাটিত এলোভেৰা জেল লওক(Aloe vera and sandalwood face pack) । তাত এচামুচ চন্দনৰ গুড়ি দিব । এই দুয়োটা বস্তু মুখৰ লগতে ডিঙিতো লগাব লাগে । এই ফেচ পেকে ছালখন এক্সফোলিয়েট কৰাত সহায় কৰে । ই ছালত প্ৰাকৃতিক গ্লো আনে । চন্দন ব্যৱহাৰ কৰিলে মুখখন শীতলতা পোৱা যায় ।

এলোভেৰা আৰু গ্ৰীণ টি ব্যৱহাৰ কৰক

গ্ৰীণ টি একাপ তৈয়াৰ কৰি লওক । কিছু সময় ঠাণ্ডা হ’বলৈ দিব । এতিয়া এটা বাটিত ১ৰ পৰা ২ চামুচ গ্ৰীণ টি লওক । ইয়াত ১ৰ পৰা ২ চামুচ এলোভেৰা জেল দিব । এই দুয়োটা বস্তু মুখৰ লগতে ডিঙিতো লগাব লাগে(Use aloe vera and green tea)। ইয়াৰ দ্বাৰা কিছু সময়ৰ বাবে ছালখন মালিচ কৰক । ১৫ৰ পৰা ২০ মিনিট ছালত থৈ দিব । ইয়াৰ পিছত সাধাৰণ পানীৰে মুখখন ধুব ।

লগতে পঢ়ক: Universal Health Coverage Day 2022: সুস্থ থাকি সকলোৰে বাবে আহৰণ কৰো আহক সুস্বাস্থ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.