ETV Bharat / bharat

ভয়াৱহ প্ৰদূষণৰ গ্ৰাসত দিল্লী

author img

By

Published : Nov 25, 2020, 1:17 PM IST

ৰাজধানী চহৰখনত বায়ুৰ গুণগত মানৰ সূচাংক 'জটিল' শ্ৰেণীত আছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিৰ মোবাইল এপ 'সমীৰ'ত প্ৰকাশিত তথ্য অনুসৰি, দিল্লীত বায়ুৰ গুণগত মানৰ সূচাংক বৰ্তমান ৪০১।

দিল্লী ভয়াৱহ প্ৰদূষণ
দিল্লী ভয়াৱহ প্ৰদূষণ

নেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰ: বুধবাৰে দিল্লীত বায়ুৰ গুণগত মানৰ সূচাংক 'অতি বেয়া' শ্ৰেণীৰ পৰা 'জটিল' শ্ৰেণীলৈ গতি কৰিছে। প্ৰদূষণৰ ফলত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাষ্ট্ৰীয় ৰাজধানীত। যোৱা ১৫ নৱেম্বৰত দিল্লীত বায়ুৰ গুণগত মানৰ সূচাংক 'জটিল' শ্ৰেণীত আছিল। ইয়াৰ পিছত ২২ নৱেম্বৰলৈকে প্ৰদূষণৰ মাত্ৰা হ্ৰাস হৈ বায়ুৰ গুণগত মানৰ সূচাংক 'বেয়া' আৰু 'মধ্যম' শ্ৰেণীৰ ভিতৰত থাকে।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিৰ মোবাইল এপ 'সমীৰ'ত প্ৰকাশিত তথ্য অনুসৰি, দিল্লীত বায়ুৰ গুণগত মানৰ সূচাংক বৰ্তমান ৪০১ হিচাপে পঞ্জীয়ন কৰা হৈছে। মঙলবাৰে বায়ুৰ গুণগত মানৰ সূচাংক ৩৮৮ আছিল। এই সূচাংক সোমবাৰে ৩০২, দেওবাৰে ২৭৪, শনিবাৰে ২৫১, শুক্ৰবাৰে ২৯৬ আৰু বৃহস্পতিবাৰে ২৮৩ আছিল। উল্লেখ্য যে, বায়ুৰ গুণগত মানৰ সূচাংক ০-৫০ৰ ভিতৰত থাকিলে 'ভাল', ৫১-১০০ৰ ভিতৰত 'সন্তোষজনক', ১০১-২০০ৰ ভিতৰত 'মধ্যম', ২০১-৩০০ৰ ভিতৰত 'বেয়া', ৩০১-৪০০ৰ ভিতৰত 'অতি বেয়া' আৰু ৪০১-৫০০ৰ ভিতৰত থাকিলে 'জটিল পৰিস্থিতি' বুলি গণ্য কৰা হয়।

SAFARয়ে বুধবাৰে বায়ুৰ গুণগত মানৰ সূচাংক বুধবাৰে নিয়ন্ত্ৰিত পৰিস্থিতিলৈ উন্নীত হোৱাৰ অনুমান কৰিছিল। প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ লগে লগে দিল্লীৰ লোকসকলে হাওঁফাওঁ, চকু আৰু ডিঙিৰ অসুখত ভূগিবলগীয়া হৈছে। কণ কণ শিশু, বয়সস্থ লোকসকল ঘৰৰ পৰা ওলোৱাতো বিপদজনক হৈ পৰিছে।

লগতে পঢ়ক:তৰুণ গগৈ মোৰ গুৰু আছিল : ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.