ETV Bharat / bharat

নাগৰিকত্ব (সংশোধনী) আইন মুছলমান, দলিত আৰু দুখীয়া লোকৰ বিৰোধী: আছাদুদ্দিন ওৱেচি

author img

By ANI

Published : Jan 4, 2024, 9:58 AM IST

Asaduddin Owaisi reacts to CAA rules notification : নাগৰিকত্ব (সংশোধনী) আইন 2019ৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য এ আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ওৱেচিৰ ৷ তেওঁ আইনখনক সংবিধান বিৰোধী আখ্যা দিছে ৷

Asaduddin Owaisi reacts to CAA rules notification
চি এ এ মুছলমান দলিত আৰু দুখীয়া লোকৰ বিৰোধী

নিউজ ডেস্ক, 4 জানুৱাৰী : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পুনৰ চৰ্চালৈ আহিছে নাগৰিকত্ব (সংশোধনী) আইন 2019ৰ ৷ উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনত পৰিণত হোৱা কেইবাবছৰো হ’ল ৷ তাৰ পাছতো আইনখনৰ নিয়ম প্ৰকাশ কৰা হোৱা নাই ৷ কিন্তু আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মোদী চৰকাৰে আইনখনৰ নিয়মৰ অধিসূচনা জাৰি কৰিব পাৰে ৷ এই সম্ভাৱনাৰ কথা প্ৰকাশ কৰাৰ পাছতে নাগৰিকত্ব (সংশোধনী) আইন 2019ৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য এ আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ওৱেচিৰ ৷

তেওঁ কয়, ‘‘ নাগৰিকত্ব (সংশোধনী) আইন সংবিধান বিৰোধী ৷ ধৰ্মৰ আধাৰত প্ৰস্তুত কৰা হৈছে আইনখন ৷ বিশেষকৈ ভাৰতত বসবাস কৰা মুছলমান, দলিত আৰু দৰিদ্ৰ লোকসকলৰ বাবে অন্যায় কৰা হ’ব ৷ লাগিলে তেওঁলোক যি জাতি বা ধৰ্মৰে নহওঁক কিয় ৷ মই পুনৰ কওঁ এয়া অসাংবিধানিক, ধৰ্মৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে ৷ দ্বিতীয়তে আমি বুজিব লাগি এন পি আৰ আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন চমুকৈ এন আৰ চি ৷’’

আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘‘ সৰ্বোচ্চ ন্যায়ালয়ে অসমৰ এন আৰ চি সন্দৰ্ভত তদাৰক কৰা বিষয়টো কিয় বিজেপিয়ে কি মানিব পৰা নাই ! কিন্তু সৰ্বোচ্চ ন্যায়ালয়ে সকলো তদাৰক কৰি আছে ৷ বিশেষকৈ ধৰ্মৰ ভিত্তিত নাগৰিকত্ব আইন প্ৰস্তুত কৰিব নোৱাৰে ৷ কেৱল পাকিস্তান, আফগানিস্তান বা দক্ষিণ এছিয়াত বসবাস কৰা হিন্দু সকলৰ কথা ভাবিলে নহ’ব ৷ সেয়ে আমি বুজিব লাগিব এন পি আৰ, এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী আইনৰ বিষয়ে ৷’’

লগতে পঢ়ক : ই ডিৰ চমন এৰাই চলাৰ বাবে বিপদত পৰিব নেকি দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.