ETV Bharat / bharat

Mehbooba Mufti' tweet : পুনৰ গৃহবন্দী মেহবুবা মুফটী

author img

By

Published : Nov 18, 2021, 6:06 PM IST

পুনৰ কিয় গৃহবন্দী(House arrest) হ'বলগীয়া হ'ল জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পি ডি পিৰ সভানেত্ৰী মেহবুবা মুফটী(Mehbooba Mufti) ? বৃহস্পতিবাৰে টুইটযোগে তেওঁ জনাইছে যে, তেওঁক গৃহবন্দী কৰি ৰখা হৈছে । আনহাতে, দলটোৰ নেতা সুহেইল বুখাৰী(Suhail Bukhari) আৰু নাজমু চাকিব(Najmu Saqib)ক গ্ৰেপ্তাৰ কৰা হৈছে ।

Mehbooba Mufti says that she has been put under house arrest
পুনৰ গৃহবন্দী মেহবুবা মুফটী

নেশ্যনেল ডেস্ক, ১৮ নৱেম্বৰ: জম্মু-কাশ্মীৰ(Jammu-Kashmir)ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পি ডি পিৰ সভানেত্ৰী মেহবুবা মুফটী(Mehbooba Mufti)য়ে বৃহস্পতিবাৰে টুইটযোগে জনায় যে, তেওঁক পুনৰ গৃহবন্দী(House arrest) কৰি ৰখা হৈছে । তেওঁ টুইটত উল্লেখ কৰিছে যে, নিৰীহ নাগৰিকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰাৰ আৰ্হি লোৱাটোৱে ভাৰত চৰকাৰৰ অমানৱীয়তাৰ চৰম পৰ্যায়কে সূচাইছে । মুফটীৰ মতে, পিপলছ ডেম'ক্ৰেটিক পাৰ্টী(People's Democratic Party)ৰ দুগৰাকী নেতা সুহেইল বুখাৰী(Suhail Bukhari) আৰু নাজমু চাকিব(Najmu Saqib)ক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে । পি ডি পিৰ সভানেত্ৰী মেহবুবা মুফটীয়ে বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে, দায়িত্ব গ্ৰহণ কৰাৰ পৰা ৰক্ষা পৰিবলৈ চৰকাৰে আৰম্ভণিৰে পৰা মিছাৰ আশ্ৰয় লৈ আহিছে ।

  • Again under house arrest & PDPs @SAAQQIIB & @Suhail_Bukhari too have been arrested. The pattern of using innocent civilians as human shields & then denying their families the right to a decent burial shows that GOI has plumbed new depths of inhumanity. pic.twitter.com/COnUZdJnix

    — Mehbooba Mufti (@MehboobaMufti) November 18, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁৰ অভিযোগ অনুসৰি, কেন্দ্ৰীয় চৰকাৰে নিজৰ ভুলবোৰৰ বাবে দায়িত্ব স্বীকাৰ নিবিচাৰে । সেয়েহে, চৰকাৰে এনে অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে মাত মাতি থকাসকলৰ কণ্ঠ ৰুদ্ধ কৰিব বিচাৰে । জম্মু-কাশ্মীৰ চৰকাৰে বৃহস্পতিবাৰে হাইদৰপোৰা এনকাউণ্টাৰ সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছিল । আৰক্ষীয়ে জনোৱা মতে, এই এনকাউণ্টাৰত এজন পাকিস্তানী সন্ত্ৰাসবাদী আৰু তেওঁৰ সহযোগীসহ চাৰিজন লোক নিহত হৈছিল ।

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই টুইটযোগে কয় যে, এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰাৰ পিছত নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । কিন্তু এনকাউণ্টাৰৰ সময়ত নিহত আলতাফ আহমেদ আৰু মুদাছিৰ গুলৰ পৰিয়ালে তেওঁলোক কোনো সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত নহয় বুলি দাবী কৰিছে আৰু লগতে দুয়োজনৰে মৃতদেহ তেওঁলোকক ঘূৰাই দিবলৈ দাবী জনায় ।

লগতে পঢ়ক:Delhi Pollution:বায়ুৰ মান 'অতি বেয়া' শ্ৰেণীলৈ অৱনমিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.