ETV Bharat / bharat

Afghan Embassy in India : তালিবান কূটনীতিবিদৰ দাবী নাকচ দিল্লীৰ আফগান দূতাবাসৰ

author img

By

Published : May 16, 2023, 1:51 PM IST

Afghan Embassy in India
Afghan Embassy in India

নতুন দিল্লীৰ আফগান দূতাবাসে (Afghan embassy in New Delhi) আফগান জনসাধাৰণৰ স্বাৰ্থক সমৰ্থন কৰাৰ বাবে ভাৰত চৰকাৰৰ ধাৰাবাহিক স্থিতিৰ প্ৰশংসা কৰে । আনহাতে, একে সময়তে বিশ্বজুৰি গণতান্ত্ৰিক চৰকাৰবোৰে কাবুলত তালিবান শাসনক স্বীকৃতি নিদিয়াটোও এক গুৰুত্বপূৰ্ণ বিষয় হৈ আহিছে ।

নিউজ ডেস্ক, ১৬ মে' : নতুন দিল্লীৰ আফগান দূতাবাসে (Afghan embassy in New Delhi) সোমবাৰে এক বিবৃতি জাৰি কৰি তালিবানৰ নিৰ্দেশত নতুন দিল্লীত অভিযানৰ দায়িত্ব লোৱা বুলি দাবী কৰা এজন ব্যক্তিৰ দাবী স্পষ্টভাৱে নাকচ কৰিছে (Delhi Afghan embassy rejected claims) । কাবুলৰ বৈদেশিক মন্ত্ৰালয়ে (Kabul Foreign Ministry) ভাৰতলৈ আফগান দূত ফৰিদ মামুণ্ডজাইক (Afghan envoy to India Farid Mamundzay) অপসাৰণ কৰিবলৈ আৰু তেওঁৰ ঠাইত আন এজন তালিবান কূটনীতিবিদ মহম্মদ কাদিৰ শ্বাহক নতুন দিল্লীৰ দূতাবাসৰ দায়িত্ব ল'বলৈ নিৰ্দেশনা জাৰি কৰিছে বুলি বাতৰি পোৱাৰ পিছতে এই বিবৃতি জাৰি কৰা হৈছে (Taliban diplomat Mohammad Qadir Shah) । উল্লেখ্য, তালিবানে আফগানিস্তানৰ নিয়ন্ত্ৰণ লোৱাৰে পৰা নতুন দিল্লীত আফগান দূতাবাসৰ নিয়ন্ত্ৰণক লৈ নিৰন্তৰ বিবাদ হৈ আহিছে । ইমান দিনে এই বিবাদ তলে তলে চলি আছিল যদিও বৰ্তমান যুঁজখন মুকলি হৈ পৰা যেন হৈছে ।

আনহাতে, বিবৃতিটোত নতুন দিল্লীৰ আফগান দূতাবাসে আফগান জনসাধাৰণৰ স্বাৰ্থক সমৰ্থন কৰাৰ বাবে ভাৰত চৰকাৰৰ নিৰন্তৰ স্থিতিৰ প্ৰশংসা কৰে । একে সময়তে বিশ্বৰ গণতান্ত্ৰিক চৰকাৰবোৰে কাবুলত তালিবান শাসনক স্বীকৃতি নিদিয়াটোও এক উল্লেখনীয় বিষয় হৈ আহিছে । নতুন দিল্লীৰ আফগান দূতাবাসে বিবৃতিটোত কয়, "তালিবানৰ দ্বাৰা "চাৰ্জ ডি'এফেয়াৰ" বুলি দাবী কৰা ব্যক্তিজন ভুল তথ্য প্ৰচাৰ কৰা আৰু মিছনৰ বিষয়াসকলৰ বিৰুদ্ধে ভিত্তিহীন আৰু অকৰ্তৃত্বশীল অভিযান চলোৱাৰ বাবে দায়বদ্ধ । ইয়াৰ ভিতৰত আছে এখন স্বাক্ষৰবিহীন পত্ৰৰ ওপৰত ভিত্তি কৰি দুৰ্নীতিৰ মনেসজা অভিযোগ ।"

দূতাবাসে লগতে কয় যে আফগান নাগৰিকসকলৰ প্ৰকৃত স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আফগান দূতাবাস প্ৰতিশ্ৰুতিবদ্ধ । বিশেষকৈ কোভিড-১৯ ভেকচিন, ঔষধ আৰু খাদ্য যোগানকে ধৰি মানৱীয় প্ৰচেষ্টাৰ ওপৰত ভাৰতীয় কৰ্তৃপক্ষৰ সৈতে ই ঘনিষ্ঠভাৱে কাম কৰিছে । "দূতাবাসে আফগান নাগৰিকসকলক জনাব বিচাৰে যে অভিযানটোৱে স্বাভাৱিকভাৱে আৰু ভাৰতত তেওঁলোকৰ স্বাৰ্থৰ বাবে কাম কৰি আছে ।" বিবৃতিটোত লগতে কোৱা হৈছে ।

আফগানিস্তানৰ স্থানীয় সংবাদ মাধ্যম টোলো নিউজে সোমবাৰে 'ভাৰতত অৱস্থিত আফগান শৰণাৰ্থী'ৰ এখন স্বাক্ষৰবিহীন পত্ৰৰ স্ক্ৰীনশ্বটৰ সৈতে এটা টুইট পোষ্ট কৰিছে । পত্ৰখনত ভাৰতত আফগান দূত ফৰিদ মামুণ্ডজাইকে ধৰি তিনিজন কূটনীতিবিদৰ নাম আছে আৰু তেওঁলোকৰ বিৰুদ্ধে এটা ভাৰতীয় কোম্পানীৰ সৈতে কিছু ভাড়াৰ চুক্তি সম্পৰ্কীয় দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা হৈছে ।

উল্লেখ্য, ইছলামিক এমিৰেট বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ (Islamic Emirate Ministry of Foreign Affairs) লিখা এখন পত্ৰত 'ভাৰতত অৱস্থিত আফগানসকলে' ভাৰতৰ আফগান দূতাবাসৰ কেইবাজনো বিষয়াৰ বিৰুদ্ধে 'দুৰ্নীতি'ৰ অভিযোগ উত্থাপন কৰিছে । এই অভিযোগ এটা ভাৰতীয় কোম্পানীৰ সৈতে ভূমি লীজ চুক্তিৰ সৈতে সম্পৰ্কিত । অৱশ্যে দিল্লীৰ আফগান দূতাবাসৰ বিষয়াসকলে এতিয়াও এই সন্দৰ্ভত কোনো মন্তব্য দিয়া নাই বুলি টোলো নিউজে টুইট কৰিছে (Tolo news) । ইফালে ২০২০ চনৰ আগষ্টত আফগান গণতন্ত্ৰৰ পতনৰ পিছতো নতুন দিল্লীত কূটনৈতিক প্ৰতিনিধি হৈ থকা ফৰিদ মামুণ্ডজায়ে দেওবাৰে সন্ধিয়া পোষ্ট কৰে যে শেহতীয়া সংবাদ মাধ্যমৰ সকলো কথা উৰাবাতৰি আৰু ভিত্তিহীন, আৰু সেয়া নাকচ কৰা হৈছে । অৱশ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দূৰত্ব বজাই ৰাখি কৈছে যে বিষয়টোত তেওঁলোক জড়িত নহয় আৰু এতিয়ালৈকে এই বিষয়ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক :Rozgar Mela 2023: প্ৰধানমন্ত্ৰীয়ে বিতৰণ কৰিব ৭১ হাজাৰ নিযুক্তি পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.