ETV Bharat / bharat

Pakistani intruder killed: জম্মু কাশ্মীৰৰ সীমান্তত সেনাৰ গুলীত পাকিস্তানী অনুপ্ৰৱেশকাৰী নিহত

author img

By

Published : Apr 9, 2023, 9:17 PM IST

জম্মু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ (এলঅ'চি) পাৰ হৈ পুনৰ পাকিস্তানী অনুপ্ৰৱেশকাৰীৰ প্ৰৱেশৰ চেষ্টা ৷ সেনাৰ গুলীত নিহত এটা পাক অনুপ্ৰৱেশকাৰী (Pakistani intruder killed) ৷

A Pakistani intruder was killed in LoC
জম্মু কাশ্মীৰত পাকিস্তানী অনুপ্ৰৱেশকাৰী নিহত

নেশ্যনেল ডেস্ক, 9 এপ্ৰিল : জম্মু কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ (এলঅ'চি) সমীপত এটা পাকিস্তানী অনুপ্ৰৱেশকাৰী নিহত হোৱাৰ খবৰ পোহৰলৈ আহিছে (Pakistani intruder killed)৷ প্ৰতিৰক্ষা মুখপাত্ৰই (Defence spokesman) এই সন্দৰ্ভত প্ৰকাশ কৰা অনুসৰি ভাৰতীয় সেনাই পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত (এলঅ'চি) দেওবাৰে পুৱতি নিশা পাকিস্তানী সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰিবলৈ সক্ষম হয় ৷ শ্বাহপুৰ চেক্টৰত পুৱা প্ৰায় ২.১৫ বজাত তিনিটা সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল (Three suspected militants) ৷ তেতিয়াই নিয়ন্ত্ৰণ ৰেখা (এলঅ'চি)ত পহৰা দিয়া সৈন্যই সিহঁতৰ গতিবিধি নীৰিক্ষণ কৰি সন্ত্ৰাসবাদীকেইটালৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷

পৰৱৰ্তী সময়ত সেনাই গুলীচালনা কৰা স্থানত এটা মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰিছিল (A Pakistani intruder was killed in LoC ) ৷ সেনাই মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰিছে (Pakistani intruder body recovered) ৷ এই গুলীচালনাৰ ঘটনাত অন্য অনুপ্ৰৱেশকাৰী দুটা বনাঞ্চললৈ দৌৰি পলায়ন কৰিবলৈ সক্ষম হয় (Two intruders ran into the forest) ৷ সম্প্ৰতি সেনাই সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি দুয়োটা পাকিস্তানী অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ অনুসন্ধান অভিযান অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে, বিএছএফৰ (Border Security Force) জন সম্পৰ্ক বিভাগে জাৰি কৰা এক চৰকাৰী বিবৃতি অনুসৰি এই মাহৰ আৰম্ভণিতে গুজৰাটৰ বনসকণ্ঠ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) জোৱানে এজন পাকিস্তানী অনুপ্ৰৱেশকাৰীক আটক কৰে (Pakistani infiltrator apprehended)।

যোৱা 4 এপ্ৰিলত বনসকণ্ঠ জিলাৰ নাদেশ্বৰীত পাকিস্তানী এজন নাগৰিকে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বেৰিকেড পাৰ হোৱা প্ৰত্যক্ষ কৰিছিল । নাদেশ্বৰীৰ সীমান্ত চকীৰ ওচৰৰ বেৰিকেড গেটৰ তললৈ উঠি যোৱা দেখা পোৱাৰ লগে লগে পাকিস্তানী নাগৰিকজনক আটক কৰা হৈছিল ৷" পৰৱৰ্তী সময়ত আৰক্ষীয়ে পাকিস্তানী নাগৰিকজনৰ জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Person Burnt Alive in Ujjain : মধ্যপ্ৰদেশত আৰক্ষীৰ বিৰুদ্ধে এজন ব্যক্তিক জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.