ETV Bharat / bharat

75th Independence Day : পশ্চিমবংগৰ পৰা ৰপ্তানি হ'ব ৭৫ প্ৰজাতিৰ আম

author img

By

Published : Mar 19, 2023, 2:11 PM IST

75th Independence Day
পশ্চিমবংগৰ পৰা ৰপ্তানি হ'ব ৭৫ প্ৰজাতিৰ আম

দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে পশ্চিমবংগৰ পৰা এইবাৰ বিদেশলৈ ৰপ্তানি হ'ব ৭৫ টা প্ৰজাতিৰ আম (West Bengal to export 75 mango varieties)। কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণে কৃষকসকলৰ সৈতে এই বিষয়ে আলোচনা কৰিছে । তালিকাত মালদা আৰু মুৰ্শিদাবাদৰ কেইবাটাও জনপ্ৰিয় প্ৰজাতিৰ আম আছে ।

নেশ্যনেল ডেস্ক,১৯ মাৰ্চ : দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে অব্যাহত আছে স্বাধীনতাৰ অমৃত মহোৎসৱ (Azadi ka Amrit Mahotsav)। ইয়াৰ অংশস্বৰূপে চৰকাৰে লৈছে এক ব্যতিক্ৰমী পদক্ষেপ । আম উৎপাদনত বিখ্যাত মালদা আৰু মুৰ্শিবাদ, এই দুয়োখন জিলাৰ পৰা ৭৫ প্ৰজাতিৰ আম এই ৰপ্তানি কৰা হ'ব (West Bengal to export 75 mango varieties)। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণে (আপেদা) পশ্চিমবংগ চৰকাৰৰ উদ্যান শস্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণ বিভাগৰ সৈতে আলোচনা কৰিছে ।

উল্লেখ্য যে মালদা আৰু মুৰ্শিদাবাদ পশ্চিমবংগৰ আমৰ মুখ্য উৎপাদক জিলা । অৱশ্যে, নাদিয়াকে ধৰি দক্ষিণৰ জিলাবোৰতো কিছু পৰিমাণে আম উৎপাদন কৰা হয় । বিগত বছৰ মালদা-মুৰ্শিদাবাদৰ পৰা ৩৪ প্ৰজাতিৰ আম মধ্য প্ৰাচ্যকে ধৰি ইউৰোপীয় দেশবোৰলৈ আপেদাৰ জৰিয়তে ৰপ্তানি কৰা হৈছিল । সেই দেশবোৰৰ মানুহে এই আমবোৰৰ সোৱাদ আৰু গোন্ধ উপভোগ কৰি যথেষ্ট আনন্দিত হৈছে । সেয়েহে কেন্দ্ৰীয় সংস্থাটোৱে এইবাৰ অধিক প্ৰজাতিৰ আম ৰপ্তানি কৰাৰ সিদ্ধান্ত লৈছে (Apeda to export West Bengal mango varities)।

মালদা জিলাত উৎপাদিত কেইবাটাও প্ৰজাতিৰ আম ৰপ্তানিৰ বাবে ইতিমধ্যে বাছনি কৰা হৈছে । তাৰ ভিতৰত আছে ফজলী, হিমসাগৰ আৰু লক্ষ্মণভোগ যিয়ে ইতিমধ্যে জিআই টেগ লাভ কৰিছে । তালিকাখনত গোপালভোগ, ৰাখলভোগ, কিষাণভোগ, অমৃতভোগ, দিলখুশ, লাংৰা, আলতাপেটি, বৃন্দাবনী, অশ্বিনা, আম্ৰপালি, মল্লিকা, বৃন্দাবনী অশ্বিনা, টোটাপুৰী, মধুচুস্কি, মোহন ঠাকুৰ, ৰাণীপচান্দ, গোলিয়া, ডালভাংগা, মোহনভোগ আদিৰ দৰে অন্যান্য আমৰ প্ৰজাতিও অন্তৰ্ভুক্ত আছে ।

জিলা উদ্যান শস্য বিভাগৰ উপ-সঞ্চালক সামন্ত লাইকে কয় যে, যিহেতু এতিয়ালৈকে বতৰ অনুকূল হৈ আছে, এই ঋতুত মালদা জিলাত আমৰ ভাল উৎপাদন হোৱাৰ সম্ভাৱনা আছে । সেই কথা মনত ৰাখিয়ে বিভাগটোৱে পশ্চিমবংগ চৰকাৰ, জিলা প্ৰশাসন আৰু আপেদাৰ যৌথ পদক্ষেপ হিচাপে বিদেশী বজাৰত মালদাৰ আম অধিক জনপ্ৰিয় কৰিবলৈ চেষ্টা কৰি আছে ।

তেওঁ লগতে কয় যে, মালদাৰ অৰ্থনীতিৰ বাবে বৰ্ধিত আমৰ ৰপ্তানিয়ে এক আশাৰ সংকেত দিব । তেওঁ লগতে কয় যে, তেওঁলোকে ৰপ্তানিৰ বাবে কিছুমান বিশেষ প্ৰজাতিৰ আম বাছনি কৰিছে আৰু ৭৫ তম স্বাধীনতা দিৱস উপলক্ষে মালদা, মুৰ্শিদাবাদ আৰু ৰাজ্যখনৰ অন্যান্য জিলাৰ পৰা ৭৫ প্ৰজাতিৰ আম ৰপ্তানি কৰাৰ প্ৰচেষ্টা চলি আছে । যোৱা বছৰ এই দুখন জিলাৰ আম কাটাৰ, বেলজিয়াম আৰু কেইবাখনো দেশলৈ প্ৰেৰণ কৰা হৈছিল ।

মালদা আম সন্থাৰ সভাপতি উজ্জল সাহাই কয় যে আপেদাই (APEDA) ইতিমধ্যে কৃষকসকলৰ সৈতে আম ৰপ্তানিৰ বাবে এখন বৈঠকৰ আয়োজন কৰিছে । আম উৎপাদনৰ কিছুমান বিশেষ প্ৰক্ৰিয়া আছে । ৰাজ্য চৰকাৰৰ উদ্যান শস্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণ বিভাগেও আম ৰপ্তানিৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ বাবে ৰাজ্য চৰকাৰ আৰু আপেদাক তেওঁ ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক :Foreign education fraud: কানাডাৰ পৰা বিতাৰণ ভুৱা নথি ব্যৱহাৰ কৰা ভাৰতৰ 700 শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.