Foreign education fraud: কানাডাৰ পৰা বিতাৰণ ভুৱা নথি ব্যৱহাৰ কৰা ভাৰতৰ 700 শিক্ষাৰ্থী

author img

By

Published : Mar 18, 2023, 8:42 PM IST

Foreign education fraud

ভাৰতৰ প্ৰায় 700 শিক্ষাৰ্থীক কানাডাৰ পৰা কৰা হৈছে বিতৰণ ৷ এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰিছে কানাডাৰ এখন মহাবিদ্যালয়ে ৷ শতাধিক শিক্ষাৰ্থীৰ নথি পত্ৰ ভুৱা বুলি প্ৰমাণ হোৱাৰ পাচতেই জাৰি কৰা হৈছে এই নিৰ্দেশনা ৷ এজন ট্ৰেভেল এজেণ্টে ভুৱা নথি প্ৰস্তুত কৰি শিক্ষাৰ্থীসকলক কানাডালৈ প্ৰেৰণ কৰাৰ তথ্য আহিছে পোহৰলৈ (Indian students deported from Canada) ৷

নেশ্যনেল ডেস্ক, 18 মাৰ্চ: ভাৰতৰ 700 শিক্ষাৰ্থীক কানাডাৰ পৰা বিতাৰণ ৷ ইতিমধ্যেই শিক্ষাৰ্থীসকলক বিতাৰণ সন্দৰ্ভত কানাডাৰ এখন মহাবিদ্যালয়ৰ পৰা প্ৰেৰণ কৰা হৈছে জাননী ৷ কানাডাৰ অণ্টাৰিঅ’ৰ টৰণ্টোৰ হাম্বাৰ কলেজৰ পৰা ভাৰতীয় শিক্ষাৰ্থীসকলক বিতাৰণ কৰিবলৈ এখন পত্ৰ জাৰি কৰা হৈছে ৷ উল্লেখ্য যে, এই 700 শিক্ষাৰ্থী আছিল পঞ্জাৱৰ জলন্ধৰৰ ৷ জলন্ধৰৰ এজন ট্ৰেভেল এজেণ্টে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ পৰা 16ৰ পৰা 20 লাখ টকা লৈ ভুৱা নথি-পত্ৰ প্ৰস্তুত কৰি কানাডালৈ প্ৰেৰণ কৰিছিল (Indian students deported from Canada) ৷

প্ৰাপ্ত তথ্য অনুসৰি অভিযুক্ত ট্ৰেভেল এজেণ্টজনে কাম কৰা কাৰ্যালয়টো বিগত 6 মাহ ধৰি বন্ধ হৈ আছে ৷ জাল নথি প্ৰস্তুত কৰি বুজন পৰিমাণৰ ধন সংগ্ৰহ কৰি ট্ৰেভেল এজেণ্টজনক বিদেশলৈ পলায় যোৱা বুলিও লাভ কৰা হৈছে তথ্য (Punjab students defrauded) ৷ আৰক্ষীয়ে সদৰী কৰা অনুসৰি, জলন্ধৰৰ গ্ৰীণ পাৰ্ক ইমিগ্ৰেচন নামৰ ট্ৰেভেল এজেঞ্চিটোত কৰ্মৰত আছিল ট্ৰেভেল এজেণ্টজন আৰু তেওঁৰ দ্বাৰা প্ৰেৰণ কৰা শিক্ষাৰ্থীসকলক কানাডাৰ পৰা বিতাৰণ কৰা হৈছে ৷ ব্ৰিজেশ মিশ্ৰ নামৰ ট্ৰেভেল এজেণ্টজনে প্ৰায় 700 শিক্ষাৰ্থীক প্ৰেৰণ কৰিছিল বুলিও প্ৰকাশ কৰিছে আৰক্ষীৰ সূত্ৰই (Foreign education fraud) ৷

ইফালে, দেশৰ বিভিন্ন প্ৰান্তত এনে ধৰণৰ ভুৱা ইমিগ্ৰেচন এজেণ্টে মানুহক লুণ্ঠন কৰে আৰু বিদেশলৈ পলাই যায় বুলিও সদৰী কৰিছে আৰক্ষীৰ সূত্ৰই ৷ অৱশ্যে 700 শিক্ষাৰ্থীক কানাডাৰ পৰা বিতাৰণ কৰাৰ কথা আনুষ্ঠানিকভাৱে লাভ কৰা নাই আৰক্ষীয়ে ৷ এই সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ অব্যাহত ৰাখিছে অভিযান ৷ ধৃত ব্ৰিজেশ মিশ্ৰৰ তথ্য সংগ্ৰহ কৰাতো নামি পৰিছে আৰক্ষী (Travel agent defrauds Jalandhar students) ৷

উল্লেখ্য যে, শিক্ষা প্ৰব্ৰজন সেৱাৰ যোগেদি ভাৰতৰ শিক্ষাৰ্থীসকল অধ্যয়নৰ বাবে যায় বিদেশলৈ ৷ কিন্তু যেতিয়াই শিক্ষাৰ্থীসকলে কানাডাত স্থায়ী বাসিন্দা হ’বৰ বাবে আবেদন কৰে তেতিয়াই পোহৰলৈ আহে এই ভয়ংকৰ নথি জালিয়াতিৰ তথ্য ৷ যাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে শিক্ষাৰ্থীসকলৰ অভিভাৱক আৰু আত্মীয় ৷ তথ্য অনুসৰি 700 শিক্ষাৰ্থীৰ ভিতৰত অধিকাংশ শিক্ষাৰ্থীৰ ভুৱা নথিৰ কথা পোহৰলৈ আহিছিল 2022 বৰ্ষৰ এপ্ৰিল মাহত ৷ ইতিমধ্যেই বহু শিক্ষাৰ্থীয়ে কানাডাত আইনী যুঁজত পৰাজয় হৈ ভাৰতলৈ ঘূৰি আহিছে আৰু একাংশ শিক্ষাৰ্থী এতিয়াও আইনী যুঁজত বৰ্তী আছে ৷

লগতে পঢ়ক: Amritpal Singh arrested: খালিস্তানী নেতা অমৃতপাল সিঙক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.