ETV Bharat / bharat

ক’ভিডৰ নতুন প্ৰকৰণত আক্ৰান্ত হৈ কেৰালাত তিনিজনৰ মৃত্যু, উদ্বেগ প্ৰকাশ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ

author img

By ANI

Published : Dec 21, 2023, 12:33 PM IST

300 New Covid cases three deaths in Kerala
পুনৰ মাস্ক পিন্ধাৰ অভ্যাস গঢ়ক

কেৰালাত (Kerala) প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিডৰ নতুন প্ৰকৰণ জে এন 1ত (New Covid variant JN 1) আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উদ্বেগজনক তথ্য(Ministry of Health and Family Welfare) ৷

নিউজ ডেস্ক, 21 ডিচেম্বৰ : 2021 চনৰ দিন কেইটা পুনৰ ঘূৰি আহিব নেকি ! ‘21 ৰ দৰে ক’ভিডৰ বাবে পুনৰ দেশত লক ডাউন ঘোষণা কৰিব নেকি চৰকাৰে ! কাৰণ ভাৰতৰ কেইবাখনো ৰাজ্যত ক’ভিডৰ নতুন প্ৰকৰণত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে ৷ প্ৰথমে কেৰালাত ধৰা পৰিছিল ক’ভিডৰ নতুন প্ৰকৰণত আক্ৰান্ত ৰোগীৰ ৷ তাৰ পাচত কৰ্ণাটক, তেলেংগানা আৰু শেহতীয়াকৈ ৰাজস্থানতো ক’ভিডত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহিছে ৷

বিশেষকৈ, কেৰালাত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিডৰ নতুন প্ৰকৰণ জে এন 1ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ এই সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা জনোৱা অনুসৰি, কেৰালাত বৰ্তমান নতুনকৈ 300 লোক ক’ভিডত আক্ৰান্ত হোৱাৰ লগতে 3 জনৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ৷

ইফালে পুৱা 8 বজালৈকে সমগ্ৰ দেশতে নতুনকৈ ক’ভিডত 358 জনকৈ লোক সংক্ৰমিত হৈছে ৷ তাৰ ভিতৰত 300 জনে কেৰালাৰ আছিল ৷ যাৰ ফলত ৰাজ্যখনৰ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা 2,341 লৈ বৃদ্ধি পালে ৷ আনহাতে ভাৰতত ক’ভিডৰ নতুন প্ৰকৰকণ জে এন 1ত আক্ৰান্ত ৰোগীৰ সংখ্যা 21 টালৈ বৃদ্ধি পাইছে বুলি জানিবলৈ দিছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৷

ইফালে, ক’ভিডৰ নতুন প্ৰকৰণ জে এন 1ৰ সংক্ৰমণ অধিক হোৱাৰ বাবে চিন্তিত হৈ পৰিছে চৰকাৰ ৷ জে এন 1 সংক্ৰমণ ৰোধৰ বাবে কঠোৰ হৈছে ৰাজ্য চৰকাৰ ৷ আনহাতে ক’ভিডৰ নতুন প্ৰকৰণ জে এন 1 লৈ বিশেষ মন্তব্য কৰিছে কেৰালাস্থিত স্বাস্থ্য বিশেষজ্ঞ শ্ৰীজিত এন কুমাৰে ৷ তেওঁ কয়, ‘‘ক’ভিড হৈছে আন যিকোনো সংক্ৰামক ৰোগৰ দৰে ৷ যাক সম্পূৰ্ণৰূপে নিশ্চিহ্ন কৰিব নোৱাৰি ৷ ৰোগটোৰ মানদণ্ড হ্ৰাস পাইছে ৷ এই ৰোগত আন যিকোনো সংক্ৰমণ বা আন যিকোনো সাধাৰণ জ্বৰৰ দৰে ৷"

ইফালে ৰাজস্থানতো নতুনকৈ ক’ভিডত আক্ৰান্ত ৰোগী ধৰা পৰিছে ৷ কৰ্ণাটকত 60 বছৰ উৰ্ধ্বৰ ব্যক্তিয়ে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰা হৈছে ৷

লগতে পঢ়ক : বৃক্কৰ কৰ্কট ৰোগ কেনেকৈ শৰীৰত আৰম্ভ হয়; চিকিৎসকৰ পৰা জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.