কোন হ'ব ভাৰতৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ ?

author img

By

Published : Aug 18, 2021, 10:12 AM IST

3 women judges among nine recommended by SC Collegium

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে(Supreme Court Collegium) মুঠ ৯ গৰাকী মহিলা ন্যায়াধীশৰ ভিতৰত ৩ গৰাকী মহিলা ন্যায়াধীশক সৰ্বোচ্চ ন্যায়ালয়লৈ মনোনীত কৰাৰ পৰামৰ্শ দিছে । ইয়াৰে এগৰাকী মহিলা ন্যায়াধীশে ভাৰতৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

নেশ্যনেল ডেস্ক, ১৮ আগষ্ট : মহিলা ন্যায়াধীশক উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াইছে বৰ্তমানৰ মুখ্য ন্যায়াধীশ এন ভি ৰমানা( NV Ramana)ৰ নেতৃত্বত গঠিত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে । তিনিগৰাকী মহিলা ন্যায়াধীশৰ নাম উল্লেখ কৰা হৈছে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ তালিকাত । এই ন্যায়াধীশকেইগৰাকী হৈছে ন্যায়াধীশ বি ভি নাগাৰাথনা, ন্যায়াধীশ হিমা কোহলী আৰু ন্যায়াধীশ বেলা ত্ৰিবেদী ।

এওঁলোকৰ মাজৰে এগৰাকীয়ে ভাৰতৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । ন্যায়াধীশ নিযুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ৯ গৰাকী মহিলা ন্যায়াধীশৰ নাম বাছনি কৰিছিল । এই মহিলা ন্যায়াধীশকেইগৰাকী হৈছে- ন্যায়াধীশ হিমা কোহলী, ন্যায়াধীশ বি ভি নাগাৰাথনা, ন্যায়াধীশ বেলা ত্ৰিবেদী, জ্যেষ্ঠ অধিবক্তা পি এছ নৰসিংহ, ন্যায়াধীশ এ ওকা, ন্যায়াধীশ বিক্ৰমনাথ, ন্যায়াধীশ এ কে মহেশ্বৰী, ন্যায়াধীশ চি টি ৰবীন্দ্ৰ কুমাৰ আৰু ন্যায়াধীশ এম এম সুন্দৰেশ ।

এতিয়া উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে পৰামৰ্শ দিয়াৰ ওপৰত ভিত্তি কৰি কাক প্ৰথম মহিলা মুখ্য ন্যায়াধীশৰ দায়িত্ব অৰ্পণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক: দিল্লীত উপস্থিত কাবুল দূতাবাসত আৱদ্ধ ভাৰতীয় কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.