ETV Bharat / bharat

একত্ৰিত ৩ নগা সংগঠন, উদ্দেশ্য ৰাজনৈতিক সমস্যা সমাধান

author img

By PTI

Published : Dec 31, 2023, 10:16 AM IST

3 Naga groups come together
একত্ৰিত ৩ নগা সংগঠন উদ্দেশ্য ৰাজনৈতিক সমস্যা সমাধান

ৰাজনৈতিক সমস্যা সমাধানৰ বাবে চৰকাৰৰ কাষ চাপিব ৩ টা নগা সংগঠন (Naga groups)। আকাটো চোফিৰ নেতৃত্বত নেশ্যনেল ছ'চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড (এনএছচিএন), খাংগোৰ নেতৃত্বত এনএছচিএন আৰু জেড ৰয়মৰ নেতৃত্বত নাগা নেশ্যনেল কাউন্সিল (এনএনচি) ইতিমধ্যে একত্ৰিতভাৱে এই সিদ্ধান্ত লৈছে ।

নেশ্যনেল ডেস্ক,৩১ ডিচেম্বৰ : নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে একত্ৰিতভাৱে আলোচনাৰ সিদ্ধান্ত লৈছে ৩ টাকৈ নগা সংগঠনে । শনিবাৰে তিনিওটা সংগঠনৰে নেতাসকলে অংশগ্ৰহণ কৰা এখন বৈঠকত এই সিদ্ধান্ত লোৱা হয় । সংগঠনকেইটা হৈছে আকাটো চোফিৰ নেতৃত্বত নেশ্যনেল ছ'চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড (এনএছচিএন), খাংগোৰ নেতৃত্বত এনএছচিএন আৰু জেড ৰয়মৰ নেতৃত্বত নাগা নেশ্যনেল কাউন্সিল (এনএনচি)। তিনিওটা স্প্লিণ্টাৰ গোট । সংবাদমাধ্য়মৰ সন্মুখত আকাটোৱে কয় যে ২০২৪ চনত তিনিওটা গোটে এক যুটীয়া ৰাজনৈতিক সমস্যা সমাধানৰ বাবে একত্ৰিত হৈছে ।

তেওঁলোকে ইতিমধ্যে কেন্দ্ৰৰ কাষ চাপিছে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত নেতাগৰাকীয়ে কয় যে তেওঁলোকে অতীতত পৃথক পন্থা অৱলম্বন কৰিছে কিন্তু এতিয়া তেওঁলোকে নগাৰ বিষয়ত যৌথ প্ৰচেষ্টা চলাব । আকাটোৱে লগতে নিশ্চিত কৰে যে তেওঁলোকে কেন্দ্ৰৰ সৈতে নগা ৰাষ্ট্ৰীয় ৰাজনৈতিক সংগঠনৰ কাৰ্যকৰী সমিতিয়ে (ডব্লিউচি-এনএনপিজি) অনুষ্ঠিত কৰা আলোচনাৰ পৰা পৃথকে এক আলোচনা অনুষ্ঠিত কৰিব ৷ এনএনপিজি মাত্ৰ ৭ টা সংগঠনেৰে গঠিত আনহাতে আন নগা সংগঠনসমূহ বাদ পৰিছে । তেওঁ ঘোষণা কৰে যে তিনিওটা সংগঠনে নগাসকলৰ কাৰণে তেওঁলোকৰ সৈতে যোগদান কৰিবলৈ বাকী সংগঠনসমূহকো স্বাগতম জনাইছে ।

একত্ৰিত হোৱা তিনিটা সংগঠনৰ কোনো নামকৰণ কৰা নাই বুলি উল্লেখ কৰি আকাটোৱে কয় যে তেওঁলোকে ৰাজনৈতিক আলোচনাৰ বাবে কেন্দ্ৰৰ কাষ চাপিব । নগা ৰাজনৈতিক বিষয়টোক দেশৰ আটাইতকৈ দীঘলীয়া সময়ধৰি চলি থকা বিদ্ৰোহ বুলি গণ্য কৰা হয় । কেন্দ্ৰই ১৯৯৭ চনৰ পৰা এনএছচিএন-আইএম আৰু ২০১৭ চনৰ পৰা ডব্লিউচি এনএনপিজিৰ সৈতে পৃথকে আলোচনা কৰি আহিছে । এনএছচিএন-আইএমৰ সৈতে ২০১৫ চনৰ ৩ আগষ্টত প্ৰশংসিত ফ্ৰেমৱৰ্ক চুক্তি স্বাক্ষৰ কৰাৰ ৮ বছৰ পাৰ হৈ গ'ল আৰু ২০১৭ চনৰ ১৭ নৱেম্বৰত ডব্লিউচি এনএনপিজিৰ সৈতেও চুক্তিৰ ৬ বছৰ পাৰ হৈ গ'ল ।

এনএছচিএন-আইএমে নগাসকলৰ বাবে পৃথক পতাকা আৰু সংবিধানৰ দাবীৰ লগতে ভাৰতৰ ৪ খন ৰাজ্য - অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ আৰু নাগালেণ্ড আৰু লগতে ম্যানমাৰত বিয়পি থকা নগা বসতিপূৰ্ণ অঞ্চলসমূহৰ একত্ৰিকৰণৰ দাবীত অটল হৈ আছে ৷ আনহাতে, এনএনপিজিৰ ডব্লিউচিয়ে এতিয়াৰ বাবে যি প্ৰদান কৰা হয় সেয়া গ্ৰহণ কৰিবলৈ আৰু আলোচনা অব্যাহত ৰাখিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ৷ তথাপিও, এতিয়ালৈকে কেন্দ্ৰ আৰু নগা সংগঠনৰ মাজত ৰাজনৈতিক আলোচনাত কোনো গুৰুত্বপূৰ্ণ বিকাশ হোৱা নাই ।

লগতে পঢ়ক :শান্তি চুক্তিৰ পিচত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা নস্যাৎ কৰিলে আলফাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.