Rape case in Karnataka: 70 বছৰীয়া বৃদ্ধাক ধৰ্ষণ 28 বছৰীয়া যুৱকৰ

author img

By

Published : Nov 8, 2022, 6:10 PM IST

28 year old man raped 70 year old grandmother

নাতিৰ বয়সৰ যুৱকৰ কামনাৰ বলি হ’ল এগৰাকী আইতা (28 year man raped 70 year grandmother)৷ এই ঘটনা সংঘটিত হৈছে কৰ্ণাটক কালাবুৰাগি জিলাত ৷

নেশ্যনেল ডেস্ক, 8 নৱেম্বৰ: আজৱ দেশৰ গজৱ কাণ্ড ৷ দেশজুৰি নাৰীজনিত অপৰাধৰ ঘটনা ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰিছে (Rape case in Kranataka)৷ এইবাৰ নাতিৰ বয়সৰ যুৱকৰ কামনাৰ বলি হ’ল এগৰাকী আইতা (28 year man raped 70 year grandmother)৷ এই ঘটনা সংঘটিত হৈছে কৰ্ণাটক কালাবুৰাগি জিলাত ৷

ঘটনা অনুসৰি এগৰাকী 70 বছৰীয়া বৃদ্ধাই দীৰ্ঘদিন ধৰি মানসিক ৰোগত আক্ৰান্ত হৈ আছিল ৷ তেওঁৰ ৰোগীয়া হৈ থকাৰ কাৰণে আন্নাউ গাঁৱত বাস কৰা নাতিনীয়েকৰ ঘৰত বাস কৰিছিল ৷ প্ৰতিদিনৰ দৰেই নাতিনীয়েকে আইতাগৰাকীক বাহিৰৰ পৰা দুৱাৰ মাৰি চুবুৰীয়া এঘৰ লোকৰ ঘৰলৈ গৈছিল ৷

লগতে পঢ়ক: Girl Molestation Case: এচিড আক্ৰমণৰ ভয়ত দুবছৰ ধৰি ঘৰতে আৱদ্ধ হৈ আছে এগৰাকী ছাত্ৰী

ঘৰত কোনো নথকাৰ সেই সুযোগতে সন্তোষ নামৰ এজন 28 বছৰীয়া যুৱক ঘৰখনৰ ভিতৰত প্ৰৱেশ কৰে ৷ তাৰ পিছতেই সন্তোষৰ কামনাৰ বলি হয় আইতাগৰাকী ৷ ঠিক সেই সময়তে তেওঁৰ নাতীয়েকগৰাকী ঘৰলৈ আহি ঘৰৰ দুৱাৰ খোলা দেখি হতভম্ব হয় ৷ ইয়াৰ পাছত তেওঁ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি সন্তোষক হাতে লোটে ধৰা পেলায় আৰু নাতিনীয়েকগৰাকীয়ে চিঞৰ বাখৰ কৰাত সন্তোষে সেই স্থানৰ পৰা পলায়ন কৰে ৷

নাতিনীয়েকগৰাকীয়ে এই সন্দৰ্ভত পৰিয়ালৰ লোকক তৎক্ষণাত অৱগত কৰাত সকলোৱে আহি আইতাগৰাকীক ততাতৈয়াকৈ জিলা হাস্পতাললৈ লৈ যায় (Victim admitted in district hospital) ৷ সম্প্ৰতি আইতাগৰাকীৰ চিকিৎসাৰ লগতে স্বাস্থ্য পৰীক্ষা অব্যাহত আছে ৷

ইফালে ভুক্তভোগী আইতাগৰাকীৰ পৰিয়ালটোৱে ঘটনা সন্দৰ্ভত আৰক্ষী থানাত গোচৰ ৰুজু কৰে ৷ স্থানীয় আৰক্ষীয়ে সন্তোষক গ্ৰেপ্তাৰ কৰি কৰা জেৰাত ধৰ্ষণ কৰাৰ কথা স্বীকাৰ কৰে ৷

উল্লেখ্য যে অলপতে সেই একেখন গাঁৱৰে এটা কিশোৰে প্ৰাতঃকৰ্মৰ বাবে ওলাই যোৱা এগৰাকী কিশোৰীক ধৰ্ষণ কৰিছিল ৷ ধৰ্ষণ কৰাৰ পিছতে কিশোৰীগৰাকীক নিৰ্মমভাৱে হত্যা কৰি পেলাই থৈ গৈছিল কিশোৰটোৱে ৷

লগতে পঢ়ক: Wife lodged FIR: পত্নীক কুৎসিত বুলি কোৱাৰ কাৰণেই স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.